--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটিভেশ্যনেল স্পীকাৰ বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক নিৰ্যাতন চলোৱাৰ বাবে গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰা এজন ইউটিউবাৰ আৰু এজন ব্যৱসায়ী। চলিত বৰ্ষৰ ৬ ডিচেম্বৰত তেওঁ য়ানিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৪ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। ব্যৱসায়ী বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, গোচৰটোৰ তদন্ত চলি আছে।

বিবেক বিন্দ্ৰাই নিজকে ব্যৱসায়িক গুৰু বুলি গণ্য কৰি নিজৰ ইউটিউব চেনেলত মানুহক ব্যৱসায়িক দক্ষতাৰ বিষয়ে শিকায়। বিন্দ্ৰাৰ বহুতো ইউটিউব চেনেল আছে। এই চেনেলবোৰত বিবেকে মানুহক ব্যৱসায় আৰু বিপণনৰ কৌশল শিকাই। অৱশ্যে তেওঁক প্ৰায়ে কিছুমান বিতৰ্কই আগুৰি থাকে। শেহতীয়াকৈ দেশৰ প্ৰেৰণাদায়ক বক্তা বিবেক বিন্দ্ৰা আৰু সন্দীপ মহেশ্বৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। দুয়োজনে ইজনে সিজনক দোষাৰোপ কৰি আছে। দুয়োজনে ভিডিঅ’ বনাইছে আৰু ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছে। একে সময়তে ছ’চিয়েল মিডিয়াতো দুয়োৰে অনুৰাগীয়ে ইজনে সিজনৰ বিৰুদ্ধে ট্ৰেণ্ডিং কৰি আছে।

দৰাচলতে ২০২৩ চনৰ ১১ ডিচেম্বৰত সন্দীপ মহেশ্বৰীয়ে ইউটিউবত এটা ভিডিঅ’ আপলোড কৰিছিল। এই ভিডিঅ'টোত তেওঁ এটা ডাঙৰ কেলেংকাৰী উদঙাই দিয়া বুলি দাবী কৰিছিল। ভিডিঅ’টোত তেওঁ ব্যৱসায় শিকোৱাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা লোকৰ কথা কৈছিল। হাজাৰ হাজাৰ টকাত ব্যৱসায়িক পাঠ্যক্ৰম কিনিছে মানুহে।সন্দীপে ইয়াক ডাঙৰ কেলেংকাৰী বুলি অভিহিত কৰে। এই সন্দৰ্ভত দুয়োৰে মাজত মতানৈক্য চলি আছে আৰু দুয়োজনে ইজনে সিজনক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক