--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটিভেশ্যনেল স্পীকাৰ বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক নিৰ্যাতন চলোৱাৰ বাবে গোচৰ ৰুজু কৰা হৈছে। বিবেক বিন্দ্ৰা এজন ইউটিউবাৰ আৰু এজন ব্যৱসায়ী। চলিত বৰ্ষৰ ৬ ডিচেম্বৰত তেওঁ য়ানিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ১৪ ডিচেম্বৰত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। ব্যৱসায়ী বিবেক বিন্দ্ৰাৰ বিৰুদ্ধে পত্নীক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, গোচৰটোৰ তদন্ত চলি আছে।

বিবেক বিন্দ্ৰাই নিজকে ব্যৱসায়িক গুৰু বুলি গণ্য কৰি নিজৰ ইউটিউব চেনেলত মানুহক ব্যৱসায়িক দক্ষতাৰ বিষয়ে শিকায়। বিন্দ্ৰাৰ বহুতো ইউটিউব চেনেল আছে। এই চেনেলবোৰত বিবেকে মানুহক ব্যৱসায় আৰু বিপণনৰ কৌশল শিকাই। অৱশ্যে তেওঁক প্ৰায়ে কিছুমান বিতৰ্কই আগুৰি থাকে। শেহতীয়াকৈ দেশৰ প্ৰেৰণাদায়ক বক্তা বিবেক বিন্দ্ৰা আৰু সন্দীপ মহেশ্বৰীৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছে। দুয়োজনে ইজনে সিজনক দোষাৰোপ কৰি আছে। দুয়োজনে ভিডিঅ’ বনাইছে আৰু ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছে। একে সময়তে ছ’চিয়েল মিডিয়াতো দুয়োৰে অনুৰাগীয়ে ইজনে সিজনৰ বিৰুদ্ধে ট্ৰেণ্ডিং কৰি আছে।

দৰাচলতে ২০২৩ চনৰ ১১ ডিচেম্বৰত সন্দীপ মহেশ্বৰীয়ে ইউটিউবত এটা ভিডিঅ’ আপলোড কৰিছিল। এই ভিডিঅ'টোত তেওঁ এটা ডাঙৰ কেলেংকাৰী উদঙাই দিয়া বুলি দাবী কৰিছিল। ভিডিঅ’টোত তেওঁ ব্যৱসায় শিকোৱাৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰা লোকৰ কথা কৈছিল। হাজাৰ হাজাৰ টকাত ব্যৱসায়িক পাঠ্যক্ৰম কিনিছে মানুহে।সন্দীপে ইয়াক ডাঙৰ কেলেংকাৰী বুলি অভিহিত কৰে। এই সন্দৰ্ভত দুয়োৰে মাজত মতানৈক্য চলি আছে আৰু দুয়োজনে ইজনে সিজনক মুকলিকৈ প্ৰত্যাহ্বান জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক