--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ প্ৰদেশৰ আজমগড়ত এটা কুঁৱাত কটা মৃতদেহ উদ্ধাৰ হোৱা এগৰাকী মহিলাক হত্যাৰ গোচৰত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি দেওবাৰে প্ৰিন্স যাদৱক মহিলাগৰাকীৰ মূৰটো উদ্ধাৰৰ বাবে এক স্থানলৈ লৈ যাওতে আৰক্ষীৰ সৈতে হোৱা গুলিচালনাত গুলিবিদ্ধ হয়।

উল্লেখযোগ্য যে, যোৱা ১৫ নৱেম্বৰত স্থানীয় একাংশ লোকে পাছিমি গাঁৱৰ বাহিৰত অৱস্থিত এটা কুঁৱাৰ ভিতৰত মৃতদেহটো উদ্ধাৰ কৰাৰ পিছতে এই ঘটনা পোহৰলৈ আহিছিল। পিছত আৰক্ষী অধীক্ষক (আজমগড়) অনুৰাগ আৰ্য্যই জনোৱা মতে, মহিলাগৰাকীৰ মৃতদেহ অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হয়, আৰু দুদিনৰ পৰা তিনিদিন পুৰণি যেন লাগে।

দিল্লীৰ আফটাব-শ্ৰদ্ধা কাণ্ডৰ পিছতে উত্তৰ প্ৰদেশৰ এই জঘন্য কাণ্ডই জোকাৰি গৈছে দেশ। যাদৱে পিতৃ-মাতৃ, খুলশালীয়েক সৰ্বেশ আৰু পৰিয়ালৰ আন আন সদস্যৰ সহায়ত ২০ বছৰ বয়সীয়া আৰাধনাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল, কাৰণ আৰাধনাই তেওঁক নহয় আন কাৰোবাক বিয়া কৰাইছে বুলি ক্ষোভিত হৈছিল। যুৱতীগৰাকী আজমগড় জিলাৰ ইছহাক পুৰ গাঁৱত বাস কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু