--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এদিনো ছুটী লোৱা নাই! তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে। কোৱা হৈছে যে ২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা মোদীয়ে প্ৰতিদিনে কাম কৰি আহিছে।

প্ৰসংগক্ৰমে ২০১৪ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মোদীয়ে নিজৰ মন্ত্ৰীসকলৰ আচৰণ বিধি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। লগতে নিৰ্বাচনৰ পূৰ্বে স্বচ্ছ আৰু দক্ষ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰিছে বুলিও তেওঁ কয়। লগতে পৰিয়ালৰ কাকো ব্যক্তিগত সচিব হিচাপে নিযুক্তি নিদিবলৈ, নিয়মীয়াকৈ সম্পত্তিৰ হিচাপ জমা দিবলৈ আৰু জৰুৰী প্ৰয়োজনৰ বাহিৰে ছুটী নল’বলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কেবিনেট সদস্যসকলক স্পষ্ট ভাষাত কয়, ‘মানসিকতা সলনি কৰক। আগলৈ বহুত কাম আছে। জনমত লৈ বিজেপি ক্ষমতালৈ আহিছে, আশা পূৰণ কৰিবলৈ কেৱল কামতহে গুৰুত্ব দিব লাগিব।'' প্ৰসংগক্ৰমে অলপতে লোকসভাত হোৱা অনাস্থা বিতৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মোদীয়ে কোনো ছুটী নোলোৱাকৈ দিনটোত ১৭ ঘন্টা কাম কৰে।

অৱশ্যে সাড়ে ৯ বছৰীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত মোডীয়ে এদিনো ছুটী নোলোৱাৰ ‘তথ্য’ক লৈ ইতিমধ্যে বিৰোধীৰ এটা অংশই ঠাট্টা-মস্কৰা কৰিছে। কেদাৰনাথ গুহাত ধ্যান-ধাৰণাৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানলৈকে বিয়াৰ গ্ৰীলছৰ টিভি শ্ব’ত পিএম মোডীৰ উপস্থিতি তেওঁৰ চৰকাৰী বা দলীয় এজেণ্ডাৰ অংশ নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস