--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত এদিনো ছুটী লোৱা নাই! তথ্যৰ অধিকাৰ আইন (আৰ টি আই)ৰ অধীনত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰে। কোৱা হৈছে যে ২০১৪ চনৰ ২৬ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছৰে পৰা মোদীয়ে প্ৰতিদিনে কাম কৰি আহিছে।

প্ৰসংগক্ৰমে ২০১৪ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত মোদীয়ে নিজৰ মন্ত্ৰীসকলৰ আচৰণ বিধি সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। লগতে নিৰ্বাচনৰ পূৰ্বে স্বচ্ছ আৰু দক্ষ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰিছে বুলিও তেওঁ কয়। লগতে পৰিয়ালৰ কাকো ব্যক্তিগত সচিব হিচাপে নিযুক্তি নিদিবলৈ, নিয়মীয়াকৈ সম্পত্তিৰ হিচাপ জমা দিবলৈ আৰু জৰুৰী প্ৰয়োজনৰ বাহিৰে ছুটী নল’বলৈ নিৰ্দেশ দিছিল।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ কেবিনেট সদস্যসকলক স্পষ্ট ভাষাত কয়, ‘মানসিকতা সলনি কৰক। আগলৈ বহুত কাম আছে। জনমত লৈ বিজেপি ক্ষমতালৈ আহিছে, আশা পূৰণ কৰিবলৈ কেৱল কামতহে গুৰুত্ব দিব লাগিব।'' প্ৰসংগক্ৰমে অলপতে লোকসভাত হোৱা অনাস্থা বিতৰ্কত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে মোদীয়ে কোনো ছুটী নোলোৱাকৈ দিনটোত ১৭ ঘন্টা কাম কৰে।

অৱশ্যে সাড়ে ৯ বছৰীয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত মোডীয়ে এদিনো ছুটী নোলোৱাৰ ‘তথ্য’ক লৈ ইতিমধ্যে বিৰোধীৰ এটা অংশই ঠাট্টা-মস্কৰা কৰিছে। কেদাৰনাথ গুহাত ধ্যান-ধাৰণাৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানলৈকে বিয়াৰ গ্ৰীলছৰ টিভি শ্ব’ত পিএম মোডীৰ উপস্থিতি তেওঁৰ চৰকাৰী বা দলীয় এজেণ্ডাৰ অংশ নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান