--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ'নাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ক'ভিড পজিটিভ হোৱা বুলি নিজেই টুইটাৰত সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে। নিজকে হোম আইলেচনত ৰখা বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি লিখিছে যে ''মই কোভিড পজিটিভ। মোৰ শৰীৰত কোভিডৰ মৃদু লক্ষণ আছে। ঘৰত নিজকে মই পৃথক কৰি ৰাখিছো। যিসকলে যোৱা কেইদিনমানত মোৰ সৈতে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক।" উল্লেখ্য যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল। দিল্লীত কোভিডৰ তীব্ৰ সংক্ৰমণ অব্যাহত আছে।

দিল্লীত সোমবাৰে ২৪ ঘণ্টাত ৪,০৯৯ টা নতুন কোভিড পজিটিভ ঘটনা ধৰা পৰিছে। এক চৰকাৰী বিবৃতি অনুসৰি দিল্লীত কোভিড পজিটিভৰ হাৰ হৈছে ৬.৪৬ শতাংশ। প্ৰায় ৬,২৮৮ জন কোভিড-১৯ ৰোগী নিজ ঘৰত হোম আইলেচনত আছে। কালিৰ দিনটোত দিল্লীত এজন কোভিড ৰোগীয়ে মৃত্যুবৰণো কৰিছে। দিল্লীত কৰ'নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি সম্পূৰ্ণ কাৰফিউ জাৰি কৰা হৈছে।

অপ্ৰয়োজনীয় দোকান, মল আৰু চেলুন বন্ধ কৰা হৈছে আৰু ৰাজহুৱা পৰিবহন, বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ দৰে 'ৰেড এলাৰ্ট' নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। ২৯ ডিচেম্বৰৰ পৰা ৰাজধানী দিল্লীত চিনেমা হল, জিম বন্ধ কৰা হৈছে আৰু দোকানবোৰক অড-ইভেন আধাৰত খুলিবলৈ অনুমতি দিয়া হৈছে। মেট্ৰ' ৰেল আৰু বাছবোৰকো কোভিড প্ৰট'কলৰ অধীনত অনা হৈছে।

আৰু পঢ়কঃ হাতৰ ব্ৰেচলেটে বহু বিপদৰ পৰা ৰক্ষা কৰিছে ছলমানক! ছলমানে ক’লে ‘ইয়াৰ আছে বহু ৰহস্য’


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা