--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ'নাত আক্ৰান্ত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। ক'ভিড পজিটিভ হোৱা বুলি নিজেই টুইটাৰত সদৰী কৰিছে অৰবিন্দ কেজৰিৱালে। নিজকে হোম আইলেচনত ৰখা বুলি উল্লেখ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ টুইট কৰি লিখিছে যে ''মই কোভিড পজিটিভ। মোৰ শৰীৰত কোভিডৰ মৃদু লক্ষণ আছে। ঘৰত নিজকে মই পৃথক কৰি ৰাখিছো। যিসকলে যোৱা কেইদিনমানত মোৰ সৈতে যোগাযোগ কৰিছিল, অনুগ্ৰহ কৰি নিজকে পৃথক কৰক আৰু নিজকে পৰীক্ষা কৰাওক।" উল্লেখ্য যে পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডত আগন্তুক নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাত ব্যস্ত আছিল দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱাল। দিল্লীত কোভিডৰ তীব্ৰ সংক্ৰমণ অব্যাহত আছে।

দিল্লীত সোমবাৰে ২৪ ঘণ্টাত ৪,০৯৯ টা নতুন কোভিড পজিটিভ ঘটনা ধৰা পৰিছে। এক চৰকাৰী বিবৃতি অনুসৰি দিল্লীত কোভিড পজিটিভৰ হাৰ হৈছে ৬.৪৬ শতাংশ। প্ৰায় ৬,২৮৮ জন কোভিড-১৯ ৰোগী নিজ ঘৰত হোম আইলেচনত আছে। কালিৰ দিনটোত দিল্লীত এজন কোভিড ৰোগীয়ে মৃত্যুবৰণো কৰিছে। দিল্লীত কৰ'নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱাসমূহ বাদ দি সম্পূৰ্ণ কাৰফিউ জাৰি কৰা হৈছে।

অপ্ৰয়োজনীয় দোকান, মল আৰু চেলুন বন্ধ কৰা হৈছে আৰু ৰাজহুৱা পৰিবহন, বিবাহ আৰু অন্ত্যেষ্টিক্ৰিয়াৰ ওপৰত অধিক নিয়ন্ত্ৰণৰ দৰে 'ৰেড এলাৰ্ট' নিষেধাজ্ঞাৰ সন্মুখীন হৈছে। ২৯ ডিচেম্বৰৰ পৰা ৰাজধানী দিল্লীত চিনেমা হল, জিম বন্ধ কৰা হৈছে আৰু দোকানবোৰক অড-ইভেন আধাৰত খুলিবলৈ অনুমতি দিয়া হৈছে। মেট্ৰ' ৰেল আৰু বাছবোৰকো কোভিড প্ৰট'কলৰ অধীনত অনা হৈছে।

আৰু পঢ়কঃ হাতৰ ব্ৰেচলেটে বহু বিপদৰ পৰা ৰক্ষা কৰিছে ছলমানক! ছলমানে ক’লে ‘ইয়াৰ আছে বহু ৰহস্য’


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন