--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জাৰকালত শীতৰ আমেজ ল’বলৈ মেঘালয় ফুৰিবলৈ পৰিকল্পনা কৰিছে নেকি? তেনেহ’লে আপোনালোকৰ বাবে আছে এক দুঃখবৰ! ক’ভিডৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি মেঘালয় চৰকাৰে জাৰি কৰিছে নতুন ক’ভিড নিৰ্দেশনা৷ ৫ জানুৱাৰীৰপৰা কাৰ্যকৰী হ’ব নতুন নিৰ্দেশনা৷ শ্বিলংসহ মেঘালয়ৰ সকলো জিলাতে বলবৎ হ’ব নৈশ-সান্ধ্যআইন৷ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পৰা জাৰি হ’ব সান্ধ্যআইন৷ শ্বিলঙত ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো লাঘৱ কৰা হৈছে নিয়মাৱলী৷ ব্যক্তিগত বাহন কেৱল যুগ্ম-অযুগ্ম নীতিৰেহে চলাব পাৰিব৷ বিবাহানুষ্ঠানৰ ক্ষেত্ৰতো ক’ভিড নিয়মাৱলী জাৰি কৰা হৈছে৷ নিয়ম অনুসৰি, বিবাহ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ ৫০ শতাংশ লোক। তাৰ উপৰি মেঘালয়ত প্ৰৱেশৰ বাবে বাধ্যতামূলক কৰা হৈছে ক’ভিড টেষ্ট৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সোমবাৰে সংবাদমেলযোগে ক’ভিডৰ নতুন নীতিৰ সম্পৰ্কে অৱগত কৰিছিল৷ তেওঁ কৈছিল যে ৫ জানুৱাৰীৰ পৰা সান্ধ্যআইন, বাহনৰ বাবে যুগ্ম-অযুগ্ম নিয়ম আৰু ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজহুৱা সমাৱেশৰ ওপৰত নিষেধাজ্ঞাসহ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে তেওঁ এইবুলিও কয় যে, ‘আমি চৰকাৰ হিচাপে অনুভৱ কৰোঁ যে নাগৰিক আৰু চৰকাৰৰ বাবে সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। যদিও বিগত এবছৰ আমাৰ সকলোৰে বাবে অতি কঠিন আছিল, তথাপি আমি অনাগত দিনবোৰত অতি সাৱধান হ’ব লাগিব৷’

চৰকাৰে অহা কেইদিনমানৰ ভিতৰত কিছুমান নিষেধাজ্ঞা আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিন্তু অৰ্থনৈতিক কাৰ্য-কলাপৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ নিম্নতম হোৱাটো নিশ্চিত কৰা হ’ব, ৰাজ্যখনৰ ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকৰ পাছত চাংমাই এই কথা সদৰী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন