--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জাৰকালত শীতৰ আমেজ ল’বলৈ মেঘালয় ফুৰিবলৈ পৰিকল্পনা কৰিছে নেকি? তেনেহ’লে আপোনালোকৰ বাবে আছে এক দুঃখবৰ! ক’ভিডৰ ভয়াৱহতাৰ ওপৰত লক্ষ্য ৰাখি মেঘালয় চৰকাৰে জাৰি কৰিছে নতুন ক’ভিড নিৰ্দেশনা৷ ৫ জানুৱাৰীৰপৰা কাৰ্যকৰী হ’ব নতুন নিৰ্দেশনা৷ শ্বিলংসহ মেঘালয়ৰ সকলো জিলাতে বলবৎ হ’ব নৈশ-সান্ধ্যআইন৷ নিৰ্দেশনা অনুসৰি, নিশা ১০ বজাৰ পৰা জাৰি হ’ব সান্ধ্যআইন৷ শ্বিলঙত ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো লাঘৱ কৰা হৈছে নিয়মাৱলী৷ ব্যক্তিগত বাহন কেৱল যুগ্ম-অযুগ্ম নীতিৰেহে চলাব পাৰিব৷ বিবাহানুষ্ঠানৰ ক্ষেত্ৰতো ক’ভিড নিয়মাৱলী জাৰি কৰা হৈছে৷ নিয়ম অনুসৰি, বিবাহ অনুষ্ঠানত উপস্থিত থাকিব পাৰিব মাত্ৰ ৫০ শতাংশ লোক। তাৰ উপৰি মেঘালয়ত প্ৰৱেশৰ বাবে বাধ্যতামূলক কৰা হৈছে ক’ভিড টেষ্ট৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সোমবাৰে সংবাদমেলযোগে ক’ভিডৰ নতুন নীতিৰ সম্পৰ্কে অৱগত কৰিছিল৷ তেওঁ কৈছিল যে ৫ জানুৱাৰীৰ পৰা সান্ধ্যআইন, বাহনৰ বাবে যুগ্ম-অযুগ্ম নিয়ম আৰু ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ ৰাজহুৱা সমাৱেশৰ ওপৰত নিষেধাজ্ঞাসহ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰা হ’ব। লগতে তেওঁ এইবুলিও কয় যে, ‘আমি চৰকাৰ হিচাপে অনুভৱ কৰোঁ যে নাগৰিক আৰু চৰকাৰৰ বাবে সাৱধানতা অৱলম্বন কৰাটো অতি গুৰুত্বপূৰ্ণ। যদিও বিগত এবছৰ আমাৰ সকলোৰে বাবে অতি কঠিন আছিল, তথাপি আমি অনাগত দিনবোৰত অতি সাৱধান হ’ব লাগিব৷’

চৰকাৰে অহা কেইদিনমানৰ ভিতৰত কিছুমান নিষেধাজ্ঞা আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কিন্তু অৰ্থনৈতিক কাৰ্য-কলাপৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ নিম্নতম হোৱাটো নিশ্চিত কৰা হ’ব, ৰাজ্যখনৰ ক’ভিড-১৯ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এখন বৈঠকৰ পাছত চাংমাই এই কথা সদৰী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা