--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে এটা সুৰংগৰ ভতৰত গাড়ী ৰখাই ধন লুট কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ পুনৰ  দিল্লীত দুৰ্বৃত্তই গাড়ী  ৰখাই ব্যৱসায়ীৰ পৰা ৭০  লাখ টকা লুটি নিয়াৰ ঘটনা ঘটিছে। প্ৰগতি ময়দান আৰক্ষী থানা এলেকাৰ পিছত এইবাৰ ঘটনাস্থলী হৈছে মঙ্গলপুৰী। লুণ্ঠনৰ ঘটনাটোৰ সমগ্ৰ দৃশ্য  চিচিটিভিত ধৰা পৰিছে। 

শনিবাৰে পুৱা  এজন ব্যক্তিয়ে এখন গাড়ীৰে  ব্যৱসায় সম্পৰ্কীয় কামত গৈ আছিল। আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি দুৰ্বৃত্তৰ দলটোৰ  এই বিষয়ত  আগতীয়াকৈ তথ্য আছিল । গতিকে দুবৃত্তই  ৰাস্তাত অপেক্ষা কৰি আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্বৃত্তই মঙ্গলপুৰী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পুষ্পঞ্জলি এনক্লেভৰ সন্মুখত ব্যৱসায়ীজনৰ গাড়ী খন ৰখাই  দিছিল। 

তাৰ পিছত  আগ্নেয়াস্ত্ৰ দেখুৱাই ব্যৱসায়ীজনৰ পৰা মোনা ভৰ্তি টকাখিনি লৈ  গৈছিল।উল্লেখ্য এমাহৰ ভিতৰতে দিল্লীত ৰাস্তাত ধন লুটৰ এয়া দ্বিতীয়টো ঘটনা। দিল্লী আৰক্ষীৰ সূত্ৰই কৈছে  যে অপৰাধীসকলক বিচাৰি উলিওৱাৰ বাবে চেষ্টা চলাই থকা  হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত অপৰাধীসকলক চিনাক্ত কৰাৰ কাম চলি আছে। তেওঁলোকক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য ২৪ জুনত প্ৰগতি ময়দান আৰক্ষী থানা এলেকাৰ এটা ব্যস্ত সুৰংগত এজন ব্যৱসায়ীৰ গাড়ী ৰখাই ২ লাখ টকা লুটি নিয়া হৈছিল। 

ঘটনাৰ দুদিন পিছত আৰক্ষীয়ে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰগতি ময়দানত লুণ্ঠনৰ ঘটনাৰ চাৰি দিনৰ পিছত  দুৰ্বৃত্তই দিল্লীৰ কাশ্মীৰ গেট অঞ্চলৰ এজন ব্যৱসায়ীৰ পৰা ৪ লাখ টকা লুটি নিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস