--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে এটা সুৰংগৰ ভতৰত গাড়ী ৰখাই ধন লুট কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ পুনৰ  দিল্লীত দুৰ্বৃত্তই গাড়ী  ৰখাই ব্যৱসায়ীৰ পৰা ৭০  লাখ টকা লুটি নিয়াৰ ঘটনা ঘটিছে। প্ৰগতি ময়দান আৰক্ষী থানা এলেকাৰ পিছত এইবাৰ ঘটনাস্থলী হৈছে মঙ্গলপুৰী। লুণ্ঠনৰ ঘটনাটোৰ সমগ্ৰ দৃশ্য  চিচিটিভিত ধৰা পৰিছে। 

শনিবাৰে পুৱা  এজন ব্যক্তিয়ে এখন গাড়ীৰে  ব্যৱসায় সম্পৰ্কীয় কামত গৈ আছিল। আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি দুৰ্বৃত্তৰ দলটোৰ  এই বিষয়ত  আগতীয়াকৈ তথ্য আছিল । গতিকে দুবৃত্তই  ৰাস্তাত অপেক্ষা কৰি আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্বৃত্তই মঙ্গলপুৰী আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত পুষ্পঞ্জলি এনক্লেভৰ সন্মুখত ব্যৱসায়ীজনৰ গাড়ী খন ৰখাই  দিছিল। 

তাৰ পিছত  আগ্নেয়াস্ত্ৰ দেখুৱাই ব্যৱসায়ীজনৰ পৰা মোনা ভৰ্তি টকাখিনি লৈ  গৈছিল।উল্লেখ্য এমাহৰ ভিতৰতে দিল্লীত ৰাস্তাত ধন লুটৰ এয়া দ্বিতীয়টো ঘটনা। দিল্লী আৰক্ষীৰ সূত্ৰই কৈছে  যে অপৰাধীসকলক বিচাৰি উলিওৱাৰ বাবে চেষ্টা চলাই থকা  হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ পিছত অপৰাধীসকলক চিনাক্ত কৰাৰ কাম চলি আছে। তেওঁলোকক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব বুলি  আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য ২৪ জুনত প্ৰগতি ময়দান আৰক্ষী থানা এলেকাৰ এটা ব্যস্ত সুৰংগত এজন ব্যৱসায়ীৰ গাড়ী ৰখাই ২ লাখ টকা লুটি নিয়া হৈছিল। 

ঘটনাৰ দুদিন পিছত আৰক্ষীয়ে অপৰাধীসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰগতি ময়দানত লুণ্ঠনৰ ঘটনাৰ চাৰি দিনৰ পিছত  দুৰ্বৃত্তই দিল্লীৰ কাশ্মীৰ গেট অঞ্চলৰ এজন ব্যৱসায়ীৰ পৰা ৪ লাখ টকা লুটি নিছিল। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান