--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য হাত কৰিবলৈ পাকিস্তানে বিভিন্ কৌশল অৱলম্বন কৰি আহিছে। শেহতীয়াকৈ  ডিআৰডিঅ'ৰ বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে পাকিস্তানী চোৰাংচোৱা কৰ্মীৰ প্ৰতি আকৰ্ষিত হৈ ভাৰতৰ মিছালৰ তথ্য পাকিস্তানক ইৰ্পন কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে। 'জাৰা দাসগুপ্ত' ছদ্মনামেৰে ভাৰতীয় বিজ্ঞানীগৰাকীক প্ৰেমত জালত পেলোৱা পাকিস্তানী এজেণ্টগৰাকীৰ বহু তথ্য ইতিমধ্যে ফাদিল হৈ পৰিছে। 

 ভাৰতীয় বিজ্ঞানী প্ৰদীপ কুৰুলকাৰে অন্যান্য শ্ৰেণীবদ্ধ প্ৰতিৰক্ষা প্ৰকল্পৰ লগতে  ভাৰতীয় মিছাইল প্ৰণালীৰ বিষয়ে তেওঁৰ সৈতে কথা পাতিছিল বুলি শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে দাখিল কৰা  অভিযোগনামাত কোৱা হৈছে। মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী গোটে  যোৱা সপ্তাহত পুনেৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ (ডিআৰডিঅ') পৰীক্ষাগাৰৰ সঞ্চালক কুৰুলকাৰৰ বিৰুদ্ধে  আদালতত অভিযোগনামা দাখিল কৰে। 

তেওঁক ৩ মে'ত অফিচিয়েল চিক্ৰেটছ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু এতিয়া তেওঁ ন্যায়িক জিম্মাত আছে। কুৰুলকাৰ আৰু 'জাৰা দাসগুপ্ত' নামেৰে প্ৰেমৰ অভিনয় কৰা পাক মহিলা এজেণ্টগৰাকীৰ  হোৱাটছএপৰ বাৰ্তা আৰু  কণ্ঠস্বৰ আদি পৰীক্ষা কৰি থকা হৈছে। 
ভিডিঅ' কলৰ বিষয়েও চাৰ্জশ্বীটখনত উল্লেখ কৰা হৈছে। দাসগুপ্তাই  নিজকে ব্ৰিটেইনৰ এগৰাকী  ছফ্টৱেৰ অভিযন্তা বুলি পৰিচয় দিছিল।  তেওঁ ভাৰতীয় বিজ্ঞানীগৰাকীলৈ  অশ্লীল বাৰ্তা আৰু ভিডিঅ' প্ৰেৰণ কৰিছিল আৰু  তেওঁৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। 

অনুসন্ধানৰ সময়ত মহিলাগৰাকীৰ আইপি ঠিকনা পাকিস্তান বুলি নিশ্চিত কৰা হৈছিল।  এ টি এছে অভিযোগনামা খনত এই সকলো কথা উল্লেখ কৰিছে।  পাকিস্তানী এজেণ্টগৰাকীয়ে  ব্ৰাহ্মছ লঞ্চাৰ, ড্ৰোন, ইউচিভি, অগ্নি মিছাইল লঞ্চাৰ আৰু মিলিটাৰী ব্ৰিজিং চিষ্টেম সম্পৰ্কেগোপন আৰু  সংবেদনশীল তথ্য লাভ  কৰাৰ চেষ্টা কৰিছিল।

 এ.টি.এছৰ মতে  জুন ২০২২ ৰ পৰা ডিচেম্বৰ ২০২২ লৈ দুয়োগৰাকী ঘনিষ্ঠ  যোগাযোগত আছিল। ডিআৰডিঅ'য়ে তেওঁৰ কাৰ্যকলাপ সন্দেহজনক বুলি প্ৰমাণিত হোৱাৰ পিছত আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰাৰ ঠিক আগতে কুৰুলকাৰে ২০২৩ চনৰ ফেব্ৰুৱাৰীত জাৰাৰ নম্বৰটো ব্ল’ক কৰি দিছিল। কিন্তু তেওঁ ইয়াৰ পিছতেই  আন এটা অজ্ঞাত ভাৰতীয় নম্বৰৰ পৰা এটা হোৱাটছএপ মেচেজ পাইছিল,তাত লিখা আছিল 'আপুনি মোৰ নম্বৰটো কিয় ব্লক কৰিলে?' 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান