--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লীক। দিল্লীত এগৰাকী ৩৯ বছৰীয়া মহিলাক তেওঁৰ স্বামীয়ে সময়মতে খাদ্য পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যা কৰে।কেৱল সেয়াই নহয়, পত্নীক হত্যা কৰি লোকজনে পত্নীৰ মৃতদেহৰ কাষতেই নিশাটো শুয়ো থাকিল। 

ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল যদিও  শনিবাৰে নিশাহে দিল্লী আৰক্ষীয়ে এই লোমহৰ্ষক ঘটনাটোৰ বিষয়ে জানিব পাৰে। অভিযুক্তজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ আগত লোকজনে খাদ্য যোগান ধৰাত পলম কৰাৰ বাবেই খঙত হিতাহিত জ্ঞান হেৰৱাই পত্নীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে।

জানিব পৰা মতে দিল্লীৰ চুলতানপুৰৰ বাসিন্দা বিনোদ কুমাৰ দুবেই ঘৰলৈ উভতি আহি পত্নী সোণালী দুবেক আহাৰ দিবলৈ কৈছিল। কিন্তু পত্নীয়ে সময় মতে তেওঁক আহাৰ যোগান ধৰিব পৰা নাছিল। 

 আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে স্বামী-স্ত্ৰী উভয়ে  একেলগে সুৰাপানো কৰিছিল আৰু পত্নীক খাদ্য বিচৰাৰ পিছত পত্নীয়ে এতিয়া দিব নোৱাৰো বুলি কৈছিল।এই কথাকলৈ দুয়োৰে মাজত তীব্ৰ তৰ্ক-বিতৰ্ক  হৈছিল। খঙতে স্বামীয়ে পত্নীক আক্ৰমণ কৰিছিল,  পত্নীক গাৰুৰে হেঁচা মাৰি ধৰিছিল,কৰা তেওঁ ভবা নাছিল যে এনে আক্ৰমণৰ পিছতে পত্নীৰ মৃত্যু ঘটিব।

কিন্তু স্বামীৰ আক্ৰমণত পত্নী ঢলি পৰিছিল আৰু মৃত্যুক সাৱটি লৈছিল। পত্নী অজ্ঞান হৈ ঢলি পৰাৰ পিছত লোকজনে পত্নীৰ মৃতদেহৰ কাষতে  শুইছিল । লোকজনে  ভাবিছিল যে পত্নীয়ে হয়তো  শুই থকাৰ ভাওঁ জুৰিছে আৰু পিছদিনা পুৱা তেওঁ উঠিব। কিন্তু পিছদিনা পুৱাও পত্নীয়ে সাৰ নোপোৱাত তেওঁৰ মৃত্যু হোৱা বুলি লোকজন নিশ্চিত হৈছিল।

ভয়তে  লোকজনে ৪০,০০০ টকা লগত লৈ ঘৰৰ পৰা পলায়ন কৰে। শনিবাৰে চুবুৰীয়াই ঘটনাটোৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযান চলাই লোক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

 আৰক্ষীয়ে লোকজনৰ পৰা ৪৩,২৮০ টকা ,  দুটা সুৰাৰ বটল আৰু এটা তেজলগা গাৰু উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ