--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএক শিহৰণকাৰী ঘটনাই জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ দিল্লীক। দিল্লীত এগৰাকী ৩৯ বছৰীয়া মহিলাক তেওঁৰ স্বামীয়ে সময়মতে খাদ্য পৰিৱেশন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই হত্যা কৰে।কেৱল সেয়াই নহয়, পত্নীক হত্যা কৰি লোকজনে পত্নীৰ মৃতদেহৰ কাষতেই নিশাটো শুয়ো থাকিল। 

ঘটনাটো বৃহস্পতিবাৰে সংঘটিত হৈছিল যদিও  শনিবাৰে নিশাহে দিল্লী আৰক্ষীয়ে এই লোমহৰ্ষক ঘটনাটোৰ বিষয়ে জানিব পাৰে। অভিযুক্তজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ আগত লোকজনে খাদ্য যোগান ধৰাত পলম কৰাৰ বাবেই খঙত হিতাহিত জ্ঞান হেৰৱাই পত্নীক হত্যা কৰা বুলি স্বীকাৰ কৰিছে।

জানিব পৰা মতে দিল্লীৰ চুলতানপুৰৰ বাসিন্দা বিনোদ কুমাৰ দুবেই ঘৰলৈ উভতি আহি পত্নী সোণালী দুবেক আহাৰ দিবলৈ কৈছিল। কিন্তু পত্নীয়ে সময় মতে তেওঁক আহাৰ যোগান ধৰিব পৰা নাছিল। 

 আৰক্ষীয়ে লগতে প্ৰকাশ কৰা মতে স্বামী-স্ত্ৰী উভয়ে  একেলগে সুৰাপানো কৰিছিল আৰু পত্নীক খাদ্য বিচৰাৰ পিছত পত্নীয়ে এতিয়া দিব নোৱাৰো বুলি কৈছিল।এই কথাকলৈ দুয়োৰে মাজত তীব্ৰ তৰ্ক-বিতৰ্ক  হৈছিল। খঙতে স্বামীয়ে পত্নীক আক্ৰমণ কৰিছিল,  পত্নীক গাৰুৰে হেঁচা মাৰি ধৰিছিল,কৰা তেওঁ ভবা নাছিল যে এনে আক্ৰমণৰ পিছতে পত্নীৰ মৃত্যু ঘটিব।

কিন্তু স্বামীৰ আক্ৰমণত পত্নী ঢলি পৰিছিল আৰু মৃত্যুক সাৱটি লৈছিল। পত্নী অজ্ঞান হৈ ঢলি পৰাৰ পিছত লোকজনে পত্নীৰ মৃতদেহৰ কাষতে  শুইছিল । লোকজনে  ভাবিছিল যে পত্নীয়ে হয়তো  শুই থকাৰ ভাওঁ জুৰিছে আৰু পিছদিনা পুৱা তেওঁ উঠিব। কিন্তু পিছদিনা পুৱাও পত্নীয়ে সাৰ নোপোৱাত তেওঁৰ মৃত্যু হোৱা বুলি লোকজন নিশ্চিত হৈছিল।

ভয়তে  লোকজনে ৪০,০০০ টকা লগত লৈ ঘৰৰ পৰা পলায়ন কৰে। শনিবাৰে চুবুৰীয়াই ঘটনাটোৰ বিষয়ে জানিব পাৰি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে অভিযান চলাই লোক জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

 আৰক্ষীয়ে লোকজনৰ পৰা ৪৩,২৮০ টকা ,  দুটা সুৰাৰ বটল আৰু এটা তেজলগা গাৰু উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু