--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে নিজৰ পোহনীয়া কুকুৰটোক ফুৰাবলৈ এজন আইএএছ বিষয়াই ষ্টেডিয়াম বন্ধ কৰি দিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই প্ৰায় একেধৰণৰ ঘটনাই ঘটিছে দেশৰ এখন ৰাজ্যত। এইবাৰ অৱশ্যে পোহনীয়া কুকুৰক ফুৰাবলৈ নহয়, নিজে প্ৰাতঃভ্ৰমণ কৰাৰ বাবেহে শীৰ্ষ আৰক্ষী  বিষয়া এজনে এটা ৰাজহুৱা পথ বন্ধ কৰি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনাটো ঘটিছে কেৰালাত। কেৰালাৰ  এজন শীৰ্ষ যান-বাহন আৰক্ষী বিষয়াই দিনটোৰ আৰম্ভণিতে খোজ কাঢ়িবলৈ ৰাস্তাৰ এটা ফাল অৱৰোধ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ বাসিন্দাসকলে বিষয়াগৰাকীৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে।

 অৱশ্যে স্থানীয় লোকৰ এই অভিযোগ আৰক্ষী বিষয়া বিনোদ পিল্লাইয়ে অস্বীকাৰ কৰিছে। জানিব পৰা মতে সহকাৰী আৰক্ষী যান-বাহন আয়ুক্ত  বিনোদক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। কোচি অঞ্চলৰ বাসিন্দাসকলে অভিযোগ কৰে যে অঞ্চলটোত ৰাণীৰ খোজকঢ়া পথ সাধাৰণতে ৰাতিপুৱা খোজকঢ়াৰ বাবে ব্যৱহাৰ কৰা হয়। 

কিন্তু বিষয়া বিনোদৰ নিৰ্দেশত সেই পথটোৰ কাষৰ আন এটা ৰাস্তাত যান-বাহন চলাচল পুৱা ৫ বজাৰ পৰা পুৱা ৭.৩০ বজালৈ বন্ধ কৰি দিয়া হয়। ফলস্বৰূপে পথটোৰে যাতায়াত কৰা  সাধাৰণ লোকসকলক হাৰাশাস্তিৰ সন্মুখীন হয় ।

 পুৱা বিদ্যালয়লৈ যোৱা শিশুসকলেও সেই পথেৰে যাব নোৱাৰা হৈ পৰিছিল। বিষয়াগৰাকীয়ে পথ  বন্ধ কৰাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকল ক্ষুব্ধ হৈ পৰে। উল্লেখ্য উক্ত ৰাস্তাটো ৰাণীৰ খোজকঢ়া পথৰ এটা  অংশ। ৰাস্তাটো সাধাৰণতে দেওবাৰে বন্ধ থাকে।

 বিষয়াগৰাকীৰ মইমতালিৰ বাবেই ৰাস্তাটো তিনিদিন ধৰি বন্ধ হৈ থাকে। শেষত স্থানীয় ৰাইজৰ অভিযোগ ভিত্তিত প্ৰশাসনে অনুসন্ধান চলাই বিষয়াগৰাকীয়ে ঘটোৱা কাৰ্যৰ প্ৰমাণ পায়।

অৱশেষত চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বাবে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী কৰা হয়। কিছুদিন পূৰ্বে দিল্লীৰ বিতৰ্কিত প্ৰশাসনিক বিষয়া দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু ডুগ্গাক কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু লাডাখলৈ শাস্তিমূলকভাৱে বদলি কৰা হৈছিল।

নিজৰ পোহনীয়া কুকুৰৰ ‘সান্ধ্য ভ্ৰমণ’ৰ বাবে দম্পতিহালে ত্যাগৰাজ ষ্টেডিয়ামত অনুশীলন কৰি থকা খেলুৱৈসকলক ষ্টেডিয়াম এৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আমোলা দুগৰাকীৰ বিৰুদ্ধে তৎকালীনভাৱে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু