--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিছুদিন পূৰ্বে নিজৰ পোহনীয়া কুকুৰটোক ফুৰাবলৈ এজন আইএএছ বিষয়াই ষ্টেডিয়াম বন্ধ কৰি দিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই প্ৰায় একেধৰণৰ ঘটনাই ঘটিছে দেশৰ এখন ৰাজ্যত। এইবাৰ অৱশ্যে পোহনীয়া কুকুৰক ফুৰাবলৈ নহয়, নিজে প্ৰাতঃভ্ৰমণ কৰাৰ বাবেহে শীৰ্ষ আৰক্ষী  বিষয়া এজনে এটা ৰাজহুৱা পথ বন্ধ কৰি দিয়াৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ঘটনাটো ঘটিছে কেৰালাত। কেৰালাৰ  এজন শীৰ্ষ যান-বাহন আৰক্ষী বিষয়াই দিনটোৰ আৰম্ভণিতে খোজ কাঢ়িবলৈ ৰাস্তাৰ এটা ফাল অৱৰোধ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অঞ্চলটোৰ বাসিন্দাসকলে বিষয়াগৰাকীৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে।

 অৱশ্যে স্থানীয় লোকৰ এই অভিযোগ আৰক্ষী বিষয়া বিনোদ পিল্লাইয়ে অস্বীকাৰ কৰিছে। জানিব পৰা মতে সহকাৰী আৰক্ষী যান-বাহন আয়ুক্ত  বিনোদক ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। কোচি অঞ্চলৰ বাসিন্দাসকলে অভিযোগ কৰে যে অঞ্চলটোত ৰাণীৰ খোজকঢ়া পথ সাধাৰণতে ৰাতিপুৱা খোজকঢ়াৰ বাবে ব্যৱহাৰ কৰা হয়। 

কিন্তু বিষয়া বিনোদৰ নিৰ্দেশত সেই পথটোৰ কাষৰ আন এটা ৰাস্তাত যান-বাহন চলাচল পুৱা ৫ বজাৰ পৰা পুৱা ৭.৩০ বজালৈ বন্ধ কৰি দিয়া হয়। ফলস্বৰূপে পথটোৰে যাতায়াত কৰা  সাধাৰণ লোকসকলক হাৰাশাস্তিৰ সন্মুখীন হয় ।

 পুৱা বিদ্যালয়লৈ যোৱা শিশুসকলেও সেই পথেৰে যাব নোৱাৰা হৈ পৰিছিল। বিষয়াগৰাকীয়ে পথ  বন্ধ কৰাৰ ছবি ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনসকল ক্ষুব্ধ হৈ পৰে। উল্লেখ্য উক্ত ৰাস্তাটো ৰাণীৰ খোজকঢ়া পথৰ এটা  অংশ। ৰাস্তাটো সাধাৰণতে দেওবাৰে বন্ধ থাকে।

 বিষয়াগৰাকীৰ মইমতালিৰ বাবেই ৰাস্তাটো তিনিদিন ধৰি বন্ধ হৈ থাকে। শেষত স্থানীয় ৰাইজৰ অভিযোগ ভিত্তিত প্ৰশাসনে অনুসন্ধান চলাই বিষয়াগৰাকীয়ে ঘটোৱা কাৰ্যৰ প্ৰমাণ পায়।

অৱশেষত চৰকাৰী ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ বাবে তেওঁক কাৰণ দৰ্শোৱাৰ জাননী কৰা হয়। কিছুদিন পূৰ্বে দিল্লীৰ বিতৰ্কিত প্ৰশাসনিক বিষয়া দম্পতী সঞ্জীৱ খিৰৱাৰ আৰু ৰিংকু ডুগ্গাক কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু লাডাখলৈ শাস্তিমূলকভাৱে বদলি কৰা হৈছিল।

নিজৰ পোহনীয়া কুকুৰৰ ‘সান্ধ্য ভ্ৰমণ’ৰ বাবে দম্পতিহালে ত্যাগৰাজ ষ্টেডিয়ামত অনুশীলন কৰি থকা খেলুৱৈসকলক ষ্টেডিয়াম এৰিবলৈ নিৰ্দেশ দিছিল।

তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ পিছতে কেন্দ্ৰীয় চৰকাৰে আমোলা দুগৰাকীৰ বিৰুদ্ধে তৎকালীনভাৱে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ