--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মক পাণ খাই পেটত ফুটা হ'ল এগৰাকী ১২ বছৰীয়া কিশোৰীৰ। লিকুইড নাইট্ৰজেনেৰে তৈয়াৰ কৰা হয় স্মক পাণ৷ স্মক পাণ খোৱাৰ পাছত পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে কিশোৰীগৰাকীৰ। বিষটো অসহ্যকৰ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই গম পোৱা যায় যে তেওঁৰ পেটত ফুটা হৈছে৷

এই ঘটনা বাংগালুৰুৰ৷ বাংগালুৰুৰ এইচ এছ আৰ-লেআউটত অনুষ্ঠিত হোৱা বিয়াৰ অভ্যৰ্থনাত লিকুইড নাইট্ৰজেন পাণ খাইছিল ছোৱালীজনীয়ে৷পাণ খোৱাৰ পাছতেই ছোৱালীজনীৰ পেটৰ বিষ হ’বলৈ ধৰিলে। কিশোৰীগৰাকীৰ অৱস্থা বেয়া হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ সময়ত অ’জিডি স্কোপি কৰি বিষ ধৰা পেলায়।

এই প্ৰ’বে আন্ত্ৰিক ব্যৱস্থাৰ ওপৰৰ অংশ পৰীক্ষা কৰে। যেনে খাদ্যনলী, পেট আৰু ক্ষুদ্ৰান্ত্ৰৰ কিছু অংশ। ইয়াৰ বাবে পাতল নলী ব্যৱহাৰ কৰা হয়। গেষ্ট্ৰস্কোপ বুলি কোৱা হয়। লগতে ছোৱালীজনীৰ লেপাৰ’টমী কৰা হয়। ইয়াৰ দ্বাৰা পেটৰ বিষ কিহৰ বাবে হৈছে তাক চায়। অস্ত্ৰোপচাৰৰ সময়ত পেটৰ তলৰ অংশত প্ৰায় ৪x৫ চে.মি. সংক্ৰমিত অংশ ধৰা পৰে। সেই অংশ কাটি পেলোৱা হয়৷ অস্ত্ৰোপচাৰৰ পিছত তেওঁক দুদিন আই চি ইউত ৰখা হয়। তাৰ পিছত মুঠ ৬ দিন চিকিৎসালয়ত থকাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰা নাৰায়ণ মাল্টিস্পেচিয়েলিটি হস্পিতালৰ চিকিৎসক বিজয় এইচ সিঙে কয় যে ২০১৭ চনত গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত এজন ব্যক্তিৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেই মানুহজনৰো পেটৰ সংক্ৰমিত অংশ কাটিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ