--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মক পাণ খাই পেটত ফুটা হ'ল এগৰাকী ১২ বছৰীয়া কিশোৰীৰ। লিকুইড নাইট্ৰজেনেৰে তৈয়াৰ কৰা হয় স্মক পাণ৷ স্মক পাণ খোৱাৰ পাছত পেটৰ বিষ হ’বলৈ আৰম্ভ কৰে কিশোৰীগৰাকীৰ। বিষটো অসহ্যকৰ হৈ পৰাত তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই গম পোৱা যায় যে তেওঁৰ পেটত ফুটা হৈছে৷

এই ঘটনা বাংগালুৰুৰ৷ বাংগালুৰুৰ এইচ এছ আৰ-লেআউটত অনুষ্ঠিত হোৱা বিয়াৰ অভ্যৰ্থনাত লিকুইড নাইট্ৰজেন পাণ খাইছিল ছোৱালীজনীয়ে৷পাণ খোৱাৰ পাছতেই ছোৱালীজনীৰ পেটৰ বিষ হ’বলৈ ধৰিলে। কিশোৰীগৰাকীৰ অৱস্থা বেয়া হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ চিকিৎসকে অস্ত্ৰোপচাৰৰ সময়ত অ’জিডি স্কোপি কৰি বিষ ধৰা পেলায়।

এই প্ৰ’বে আন্ত্ৰিক ব্যৱস্থাৰ ওপৰৰ অংশ পৰীক্ষা কৰে। যেনে খাদ্যনলী, পেট আৰু ক্ষুদ্ৰান্ত্ৰৰ কিছু অংশ। ইয়াৰ বাবে পাতল নলী ব্যৱহাৰ কৰা হয়। গেষ্ট্ৰস্কোপ বুলি কোৱা হয়। লগতে ছোৱালীজনীৰ লেপাৰ’টমী কৰা হয়। ইয়াৰ দ্বাৰা পেটৰ বিষ কিহৰ বাবে হৈছে তাক চায়। অস্ত্ৰোপচাৰৰ সময়ত পেটৰ তলৰ অংশত প্ৰায় ৪x৫ চে.মি. সংক্ৰমিত অংশ ধৰা পৰে। সেই অংশ কাটি পেলোৱা হয়৷ অস্ত্ৰোপচাৰৰ পিছত তেওঁক দুদিন আই চি ইউত ৰখা হয়। তাৰ পিছত মুঠ ৬ দিন চিকিৎসালয়ত থকাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়।

কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰ কৰা নাৰায়ণ মাল্টিস্পেচিয়েলিটি হস্পিতালৰ চিকিৎসক বিজয় এইচ সিঙে কয় যে ২০১৭ চনত গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত এজন ব্যক্তিৰ ক্ষেত্ৰতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেই মানুহজনৰো পেটৰ সংক্ৰমিত অংশ কাটিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু