--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। আৰম্ভণিতে, কমেও ১৩ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছিল। ঘটনাটো বৃহস্পতিবাৰে দিল্লীৰ জামিয়া নগৰ অঞ্চলত সংঘটিত হৈছিল।

 

স্থানীয় সূত্ৰ অনুসৰি, জুই লগাৰ আগতে সমগ্ৰ অঞ্চলটো এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনা গৈছিল। প্ৰত্যক্ষদৰ্শীৰ  মতে, ৰন্ধন গেছৰ চিলিণ্ডাৰ ফাটি যোৱাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। অৱশ্যে, অগ্নি নিৰ্বাপক বিভাগৰ কৰ্মচাৰী আৰু বিষয়াসকলে এতিয়ালৈকে বিষয়টো সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰা নাই। তেওঁলোক তৎপৰতাৰে অগ্নি নিৰ্বাপনৰ কামত ব্যস্ত হৈ আছে।

 

অগ্নি নিৰ্বাপক বাহিনীৰ সূত্ৰ অনুসৰি, আজি আবেলি জামিয়া নগৰ অঞ্চলৰ এটা স্থানীয় ঘৰত  বিস্ফোৰণটো সংঘটিত হয়।  প্ৰথমতে, তিনিটা অগ্নি নিৰ্বাপক ইঞ্জিন ঘটনাস্থলীলৈ ততাতৈয়াকৈ গৈছিল। প্ৰশাসনৰ লোকে জানিবলৈ দিছে যে প্ৰয়োজন হ'লে অধিক নিৰ্বাপক ইঞ্জিন প্ৰেৰণ কৰা হ'ব পাৰে। অৱশ্যে এইটো এতিয়াও স্পষ্ট নহয় যে নিৰ্বাপনত এতিয়ালৈকে কোনোবা ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে নে নাই। উক্ত অঞ্চলত যুদ্ধংদেহী তৎপৰতাৰে অগ্নি নিৰ্বাপক বাহিনীয়ে অভিযান চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ