--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড আণ্ডাৰৱ’ৰ্ল্ড গেং ষ্টাৰ আবু চালেমক দোষী সাব্যস্ত কৰাৰ পাছত ভাৰত চৰকাৰ এতিয়া বিপাঙত পৰিছে। ২০০২ চনত আবু চালেমক পৰ্তুগালত গ্ৰেপ্তাৰ কৰা হৈছিল৷ নতুন দিল্লীৰ চৰকাৰী সূত্ৰই দাবী কৰিছিল যে তিনি বছৰ পাছত তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হৈছিল৷ ইয়াৰ পূৰ্বে ২০০২ চনত তদানীন্তন উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীয়ে পৰ্তুগাল চৰকাৰক প্ৰতিশ্ৰুতি দিছিল যে আবু চালেমক সৰ্বাধিক ২৫ বছৰৰ বাবে ভাৰতীয় কাৰাগাৰত ৰখা হ’ব৷ সেয়েহে, চালেমৰ শাস্তি ২০২৭ত শেষ হ’ব৷ এতিয়া প্ৰশ্ন হয় মুম্বাই বোমা বিস্ফোৰণ গোচৰৰ এজন মুখ্য অভিযুক্তক এতিয়া মুকলি কৰা হ’বনে? নে ভাৰত চৰকাৰে ইয়াৰ পূৰ্বৰ প্ৰতিশ্ৰুতি সলনি কৰিব আৰু টাডা আদালতৰ ৰায় অনুসৰি আবু চালেমৰ শাস্তি বৃদ্ধি কৰিব? উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নটোৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে৷ শীৰ্ষ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষেণ কৌলৰ নেতৃত্বত এখন বিচাৰপীঠে এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিবৰ শপতনামা বিচাৰিছিল, যিটো ১৮ এপ্ৰিলৰ ভিতৰত দাখিল কৰিব লাগিব৷ তাৰ পাছত, গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব-বুলি উচ্চতম ন্যায়ালয়ে কয়।

আবু চালেমক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ সময়ত ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিব লগা হৈছিল৷ চৰকাৰী সূত্ৰই দাবী কৰিছিল যে, ২০০২ চনত ভাৰত চৰকাৰৰ হৈ উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানীয়েহে প্ৰতিশ্ৰুতি দিছিল৷ ইয়াৰ পাছত পৰ্তুগালৰ আদালতে আবু চালেমক ভাৰতলৈ প্ৰত্যাৰ্পণৰ সপক্ষে ৰায় দিয়ে৷ চালেমক ২০০৫ চনৰ ১১ নৱেম্বৰত ভাৰতলৈ অনা হৈছিল৷ আণ্ডাৰৱ’ৰ্ল্ড ডন চালেমৰ অধিবক্তাসকলে দাবী কৰিছিল যে, তেওঁৰ শাস্তি ২০০২ চনৰ পৰা গণনা কৰা উচিত আৰু ২০২৭ চনত শাস্তি সমাপ্ত হ’ব, তাৰ পাছত তেওঁক ভাৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মুকলি কৰিব লাগে৷

ঘটনাৰ সমগ্ৰ পৰিৱৰ্তনক লৈ তেওঁলোক গভীৰভাৱে চিন্তিত হোৱাটো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষেণ কাওলেৰ মন্তব্যত ধৰা পৰিছে, যেতিয়া তেওঁ স্পষ্ট কৰি দিছিল যে ভৱিষ্যতে বিদেশত গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ প্ৰত্যাৰ্পণ বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে৷ ইয়াৰ পূৰ্বে চিবিআইয়ে এখন শপতনামা দাখিল কৰি দাবী কৰিছিল যে ভাৰত চৰকাৰে পৰ্তুগালৰ এখন আদালতত দিয়া প্ৰতিশ্ৰুতি গ্ৰহণযোগ্য নহয়।  

আবু চালেমৰ বিৰুদ্ধে থকা সকলো গোচৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ গোচৰ, যাৰ ভিতৰত আছে নিৰ্মাতা প্ৰদীপ জৈনৰ হত্যা আৰু ভুৱা পাছপোৰ্ট বনোৱাৰ ঘটনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ