--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন৷ সংসদৰ এই বাজেট অধিৱেশনৰ ওপৰত এতিয়া দেশবাসীৰ দৃষ্টিনিবদ্ধ হৈছে৷ বাজেট অধিৱেশনৰ প্ৰথম দিনটোত কাৰ্যসূচীত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰাজ্যসভা আৰু লোকসভা দুয়োখন সদনত ভাষণ প্ৰদান কৰিলে। ৰাষ্ট্ৰপতিৰ ভাষণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদ মাধ্যমৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশ লয়। আজি পুৱা ১১ বজাত সংসদত নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ’ব৷ কৃষক বিদ্ৰোহে জোকাৰি যোৱা ভাৰতৰ কৃষকৰ সমস্যাবোৰ আজিৰ অধিৱেশনতে উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ ইফালে সংসদত বাজেট দাখিল কৰাৰ দিনটোতে আজি কৃষকে দেশজুৰি পালন কৰিব বিশ্বাসঘাতকতা দিৱস৷ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে দেওবাৰে ঘোষণা কৰে এই কথা। টিকাইটে কয় যে কেন্দ্ৰীয় চৰকাৰে যিখন পত্ৰৰ আধাৰত বিগত ৯ ডিচেম্বৰত কৃষক আন্দোলন স্থগিত কৰোৱাইছিল, সেই পত্ৰখনত উল্লেখিত কোনো প্ৰতিশ্ৰুতিয়েই অদ্যপি পূৰণ কৰা নাই। কৃষক বিদ্ৰোহ আৰু প্ৰতিবাদী কৃষকক কেন্দ্ৰই কৰা প্ৰতাৰণাৰ বিৰুদ্ধে বাজেট অধিৱেশনত বিৰোধীয়ে সৰব ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে৷ একেদৰে, দেশৰ বিধ্বস্ত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোনো বাস্তৱসন্মত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ জিডিপিৰ হাৰ ঋণাত্মক পৰিসংখ্যালৈ অৱনমিত হৈছে৷ চৰকাৰৰ ভুল নীতিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈছে দেশৰ বেংকবোৰ৷ অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতে আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশনৰ অন্যতম গুৰুত্বপূৰ্ণ ইচ্ছ্যু হ’ব দেশৰ অৰ্থনীতিৰ দুৰৱস্থা৷ দুটা ভাগত দুমাহ চলিবলগীয়া সংসদৰ বাজেট অধিৱেশনৰ বাবে এইসমূহ বিষয় লৈয়ে সাজু হৈছে দেশৰ বিৰোধী দলসমূহ৷ একেদৰে, চৰকাৰৰ বাজেটৰ প্ৰতিও দৃষ্টি ৰাখিছে দেশবাসীয়ে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে আৰম্ভ হোৱা সংসদৰ এই বাজেট অধিৱেশনে দেশবাসীলৈ কি বাৰ্তা কঢ়িয়াই আনে, সেয়াহে হ’ব লক্ষ্যণীয়৷ ২০২১ বৰ্ষটো সম্পূৰ্ণৰূপে ক’ভিডৰ বৰ্ষ আছিল বুলি ক’লেও ভুল কোৱা নহ’ব৷ কৰ’নাৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ, আন কোনোৱে হেৰুৱালে নিজৰ আত্মীয়-স্বজনক৷ ক’ভিডৰ প্ৰথম ঢৌক যদিও ভাৰতে সমগ্ৰ পৰিস্থিতিতো নিয়ন্ত্ৰণত ৰাখিব পাৰিছিল যদিও ক’ভিডৰ দ্বিতীয় লহৰে সমগ্ৰ দেশতে বিভীষিকাৰ সৃষ্টি কৰিলে৷ এই পৰিস্থিতিত দেশৰ অৰ্থনৈতিক ক্ৰিয়াকৰ্ম স্তব্ধ হৈ পৰিছে৷ লগতে সামগ্ৰীৰ দাম বৃদ্ধি হৈছে৷ এই মহামাৰী কৱলত পৰি বিশ্বৰ সকলো দেশৰ অৰ্থনীতিৰ অৱস্থা একেবাৰে বেয়াৰ দিশলৈ গতি কৰিছে, সেয়া লাগিলে উদ্যোগিক ক্ষেত্ৰতে হওক, কৃষি খণ্ড বা আন অৰ্থনৈতিক ক্ষেত্ৰত সকলোৰে অৱস্থা নাজল-নাথল৷ এইক্ষেত্ৰত ভাৰতৰো অৰ্থনীতিৰ অৱস্থা একেবাৰে পুতৌলগা৷ বিশেষকৈ ইমান দীঘলীয়া লকডাউনৰ ফলত দৰিদ্ৰ শ্ৰেণীটোৱে কেনেদৰে খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱা-সামগ্ৰী লাভ কৰিব সেই বিষয়ে এটা শব্দও নোকোৱাকৈ আগন্তুক বিপদৰ আগজাননী দি আমাক উৎকণ্ঠাৰ মাজলৈ ঠেলি দিলে চৰকাৰে। চহৰ এৰি গাঁৱলৈ যাবলৈ সাজু হোৱা প্ৰব্ৰজনকাৰী শ্ৰমিকৰ বাবেও এই যাত্ৰা সুগম নাছিল। ৰবি শস্য চপাবলৈ নোপোৱা বা চপোৱাৰ পাছতো বজাৰলৈ উলিয়াই দিবলৈ সক্ষম নোহোৱা কৃষকৰ কাৰণেও এয়া সহজ নহয়। কিন্তু ইয়াৰ মাজতে চীনে সকলো দেশকে অতিক্ৰম কৰি অৰ্থনৈতিক ক্ষেত্ৰত শীৰ্ষত অৱস্থান কৰিছে৷ এইক্ষেত্ৰত ছুপাৰ পাৱাৰ আমেৰিকাকো অতিক্ৰম কৰিলে চীনে৷ সেয়েহে এই সকলো অৰ্থনৈতিক দুৰৱস্থা দূৰীকৰণত এই বাজেটে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। ক’ভিডৰ এই সময়খিনিত এতিয়া মানুহে যেন ঔষধকে সাৰথী কৰি জীৱন অতিবাহিত কৰিছে৷ এই সময়খিনিত বিভিন্ন ভিটামিন, জ্বৰ, কাহৰ ঔষধৰ চাহিদা বৃদ্ধি পাইছে্৷ কিন্তু ঔষধৰ চাহিদা বৃদ্ধি পোৱাৰ সময়তে এচাম অসাধু ব্যৱসায়ী চক্ৰই নীতি-বৰ্হিভূতভাৱে বিভিন্ন ঔষধৰ দাম বৃদ্ধি কৰি আহিছে৷ এইসমূহ সমস্যাও বাজেটত স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তদুপৰি অত্যধিক মূল্যবৃদ্ধি, বৰ্ধিত জিএছটিৰ হাৰ, লকডাউনৰ ফলত সৃষ্টি হোৱা প্ৰবজিত শ্ৰমিকৰ সমস্যাই দেশবাসীক জুৰুলা কৰিছে। এইক্ষেত্ৰত নিৰন্তৰভাৱে দেশত অব্যাহত আছে প্ৰতিবাদ, ইয়াৰ পাছতো চৰকাৰে সমস্যা সমাধানৰ বাবে কোনো দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণ নকৰিলে, সেয়েহে এইবাৰৰ বাজেটত এইসমূহ সমস্যই স্থান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি দেশবাসীয়ে আশাৰে বাঁট চাইছে। সকলোৱে আশা কৰিছে এইবাৰৰ বাজেটত চৰকাৰৰ বিনামূলীয়া পাঁচ কেজি চাউলৰ ঊৰ্ধ্বত গৈ নিৱনুৱা সমস্য সমাধান, দেশৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ কৰাত এই বাজেটে যেন গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
গভীৰ সংকটত পাকিস্তানৰ কৃষক
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?
জীয়াই থকাৰ হেঁপাহ হেৰুৱাই যুৱতী আই টি ইঞ্জিনিয়াৰৰ চৰম সিদ্ধান্ত
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক