--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া মমতাৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ৷ সৃষ্টি কৰিছে সাংবিধানিক সংকটৰো৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনখড়ৰ মাজৰ সংঘাতে এই মুহূৰ্তত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত ৰাজ্যপাল জগদীপ ধনখড়ক আজি কিছুসময়ৰ পূৰ্বে ব্লক কৰিছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মমতাৰ অভিযোগ অনুসৰি ৰাজ্যপাল জগদীপ ধনখড়ে তেওঁৰ টেলিফোনিক টেপিং কৰিছে৷ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ এই সংঘাতে দিল্লীতো প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিছে৷ ফোন টেপিঙৰ উপৰি মমতাই ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে মুখ্য সচিব আৰু ডিজিপিক ‘ভয়’ দেখুওৱাৰ অভিযোগো উত্থাপন কৰে। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী মমতাই কয় যে, ‘মই ইয়াৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰো। তেওঁ (জগদীপ ধনখড়) মোক বা মোৰ বিষয়াসকলক গালি-গালাজ কৰি প্ৰতিদিনে টুইট কৰে। অসাংবিধানিক, অনৈতিক কথা কয় ধনখড়ে। তেওঁ পৰামৰ্শ নিদিবলৈও নিৰ্দেশ দিয়ে। নিৰ্বাচিত চৰকাৰ এখনক বন্ধনযুক্ত শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে। সেইকাৰণে মই তেওঁক মোৰ টুইটাৰ একাউণ্টত ব্লক কৰিছো। মই বিৰক্ত হৈ পৰিছিলো।’ মমতা বেনাৰ্জীৰ এই পদক্ষেপৰ পাছত ৰাজ্যপালৰ পোষ্টসমূহ তেওঁৰ টুইটাৰ ফীডত আৰু প্ৰদৰ্শিত নহ’ব৷ শেহতীয়াকৈ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ধনখড়ে তেওঁৰ চৰকাৰৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছিল। মমতাই লগতে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধনখড়ক অপসাৰণ বিচাৰি কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি