--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ ৰাজনীতিৰ ক্ষেত্ৰত এতিয়া মমতাৰ ৰাজনীতিয়ে সৃষ্টি কৰিছে তীব্ৰ জোকাৰণিৰ৷ সৃষ্টি কৰিছে সাংবিধানিক সংকটৰো৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধনখড়ৰ মাজৰ সংঘাতে এই মুহূৰ্তত গুৰুতৰ ৰূপ ধাৰণ কৰিছে৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে টুইটাৰত ৰাজ্যপাল জগদীপ ধনখড়ক আজি কিছুসময়ৰ পূৰ্বে ব্লক কৰিছে৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী মমতাৰ অভিযোগ অনুসৰি ৰাজ্যপাল জগদীপ ধনখড়ে তেওঁৰ টেলিফোনিক টেপিং কৰিছে৷ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালৰ এই সংঘাতে দিল্লীতো প্ৰচণ্ড জোকাৰণিৰ সৃষ্টি কৰিছে৷ ফোন টেপিঙৰ উপৰি মমতাই ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে মুখ্য সচিব আৰু ডিজিপিক ‘ভয়’ দেখুওৱাৰ অভিযোগো উত্থাপন কৰে। আজি এক সংবাদমেলত মুখ্যমন্ত্ৰী মমতাই কয় যে, ‘মই ইয়াৰ বাবে আগতীয়াকৈ ক্ষমা বিচাৰো। তেওঁ (জগদীপ ধনখড়) মোক বা মোৰ বিষয়াসকলক গালি-গালাজ কৰি প্ৰতিদিনে টুইট কৰে। অসাংবিধানিক, অনৈতিক কথা কয় ধনখড়ে। তেওঁ পৰামৰ্শ নিদিবলৈও নিৰ্দেশ দিয়ে। নিৰ্বাচিত চৰকাৰ এখনক বন্ধনযুক্ত শ্ৰমিকৰ দৰে ব্যৱহাৰ কৰে। সেইকাৰণে মই তেওঁক মোৰ টুইটাৰ একাউণ্টত ব্লক কৰিছো। মই বিৰক্ত হৈ পৰিছিলো।’ মমতা বেনাৰ্জীৰ এই পদক্ষেপৰ পাছত ৰাজ্যপালৰ পোষ্টসমূহ তেওঁৰ টুইটাৰ ফীডত আৰু প্ৰদৰ্শিত নহ’ব৷ শেহতীয়াকৈ মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত ধনখড়ে তেওঁৰ চৰকাৰৰ ওপৰত আক্ৰমণ কৰা দেখা গৈছিল। মমতাই লগতে কয় যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ধনখড়ক অপসাৰণ বিচাৰি কেইবাবাৰো পত্ৰ প্ৰেৰণ কৰিছে যদিও কোনো ব্যৱস্থা লোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে