--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন শ্ৰমিকে বিনামূলীয়া বিদ্যুৎ সংযোগ লোৱাৰ পিছতো তেওঁলৈ আহিল ৫৮ লাখ টকাৰ বিল!  উত্তৰ প্ৰদেশৰ চাকমা গাঁৱৰ বাসিন্দা দীননাথে সৌভাগ্য আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ লৈছিল। ইয়াৰ পিছতে তেওঁলৈ আহিল ৫৮ লাখ টকাৰ বিল খন। বিলৰ ধন আদায় নিদিয়াত আনকি তেওঁৰ ঘৰৰ বিদ্যুৎ  সংযোগ কৰ্তন কৰা হৈছিল।

এফালে, চৰকাৰে প্ৰতিজন দৰিদ্ৰ লোকক বিদ্যুৎ যোগান ধৰাৰ বাবে সৌভাগ্য আঁচনি আনিছে, আনহাতে ইয়াৰ নিজৰ বিষয়াসকলে চৰকাৰৰ কামত ছাঁ পেলাবলৈ কাম কৰি আছে। জানিব পৰা মতে তেওঁৰ ঘৰত কেৱল এখন  ফেন আৰু দুটা বাল্বহে ব্যৱহাৰ কৰা হৈ আহিছে।  এনে পৰিস্থিতিত লোকজনে এতিয়া  তেওঁৰ বিদ্যুতৰ বিল সংশোধন কৰিবলৈ আৰু পুনৰ বিদ্যুতৰ  সংযোগ কৰিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়িবলগীয়া হৈছে। 
 
২০১৭  চনত দীননাথে ডুবাউলিয়া খণ্ড মুখ্য কাৰ্যালয়ত স্থাপন কৰা এটা শিবিৰত সৌভাগ্য আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিছিল।শেহতীয়াকৈ  তেওঁৰ বিদ্যুতৰ বিল আহিছে ৫৮,৪০,৫৫১ টকা। 

বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ বাবে তেওঁ এতিয়া নিশাৰ ভাগত তেওঁৰ তিনিটা সন্তান আৰু পত্নীৰ সৈতে অন্ধকাৰতে থাকিবলৈ বাধ্য হৈছে। দীনানাথে কয় যে বিলখন সংশোধন কৰিবলৈ তেওঁ বিভিন্ন জনৰ কাষলৈ বহুবাৰ গৈছে, কিন্তু সকলোৱে তেওঁক কেৱল  আশ্বাসহে দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক