--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন শ্ৰমিকে বিনামূলীয়া বিদ্যুৎ সংযোগ লোৱাৰ পিছতো তেওঁলৈ আহিল ৫৮ লাখ টকাৰ বিল!  উত্তৰ প্ৰদেশৰ চাকমা গাঁৱৰ বাসিন্দা দীননাথে সৌভাগ্য আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ লৈছিল। ইয়াৰ পিছতে তেওঁলৈ আহিল ৫৮ লাখ টকাৰ বিল খন। বিলৰ ধন আদায় নিদিয়াত আনকি তেওঁৰ ঘৰৰ বিদ্যুৎ  সংযোগ কৰ্তন কৰা হৈছিল।

এফালে, চৰকাৰে প্ৰতিজন দৰিদ্ৰ লোকক বিদ্যুৎ যোগান ধৰাৰ বাবে সৌভাগ্য আঁচনি আনিছে, আনহাতে ইয়াৰ নিজৰ বিষয়াসকলে চৰকাৰৰ কামত ছাঁ পেলাবলৈ কাম কৰি আছে। জানিব পৰা মতে তেওঁৰ ঘৰত কেৱল এখন  ফেন আৰু দুটা বাল্বহে ব্যৱহাৰ কৰা হৈ আহিছে।  এনে পৰিস্থিতিত লোকজনে এতিয়া  তেওঁৰ বিদ্যুতৰ বিল সংশোধন কৰিবলৈ আৰু পুনৰ বিদ্যুতৰ  সংযোগ কৰিবলৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ তাঁত-বাতি কাঢ়িবলগীয়া হৈছে। 
 
২০১৭  চনত দীননাথে ডুবাউলিয়া খণ্ড মুখ্য কাৰ্যালয়ত স্থাপন কৰা এটা শিবিৰত সৌভাগ্য আঁচনিৰ অধীনত বিনামূলীয়া বিদ্যুৎ সংযোগ লাভ কৰিছিল।শেহতীয়াকৈ  তেওঁৰ বিদ্যুতৰ বিল আহিছে ৫৮,৪০,৫৫১ টকা। 

বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ বাবে তেওঁ এতিয়া নিশাৰ ভাগত তেওঁৰ তিনিটা সন্তান আৰু পত্নীৰ সৈতে অন্ধকাৰতে থাকিবলৈ বাধ্য হৈছে। দীনানাথে কয় যে বিলখন সংশোধন কৰিবলৈ তেওঁ বিভিন্ন জনৰ কাষলৈ বহুবাৰ গৈছে, কিন্তু সকলোৱে তেওঁক কেৱল  আশ্বাসহে দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক