--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমিত জীৱনকালত মানুহৰ যে কিমান আশা!সাগৰতলিত ভ্ৰমণ কৰাৰ পৰা মহাকাশ ভ্ৰমণলৈকে আছে মানুহৰ নানা সপোন৷কিন্তু বহু কম লোকেহে এই চখসমূহ পূৰণ কৰিব পাৰে৷এনে এক চখ পূৰণ কৰিলে পঞ্জাবৰ এজন ব্যক্তিয়ে৷হিমাচল প্ৰদেশৰ বিলাসপুৰত স্কুটিৰে পেৰাগ্লাইডিং কৰি থকা এজন ব্যক্তিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেখা গৈছে এখন ইলেক্ট্ৰিক স্কুটাৰেৰে বতাহত উৰি থকা এজন পেৰাগ্লাইডাৰ। বিলাসপুৰৰ জনপ্ৰিয় পেৰাগ্লাইডিং স্থান বান্দলা ধৰত সংঘটিত হৈছে এই ঘটনা। স্কুটিৰ দ্বাৰা ষ্টাণ্টটো কৰা পঞ্জাবৰ ব্যক্তিজনৰ নাম হৰ্ষ। খবৰ অনুসৰি হৰ্ষ এজন প্ৰশিক্ষিত পেৰাগ্লাইডাৰ।
হৰ্ষে উৰণৰ পূৰ্বে গাড়ীখনৰ ওজন কম কৰিবলৈ দুচকীয়া বাহনখনৰ বেটাৰী আঁতৰাই পেলাইছিল। হৰ্ষৰ এই অস্বাভাৱিক দৃশ্যত মুগ্ধ হৈ অঞ্চলটোৰ স্থানীয় লোকসকলে সেই মুহূৰ্তৰ ভিজুৱেল মোবাইলত ৰেকৰ্ডিং কৰে।

উল্লেখ্য যে বাণ্ডলা ধৰ হিমাচলৰ অন্যতম উল্লেখযোগ্য পেৰাগ্লাইডিং স্থান আৰু ইয়াৰ পৰা গোবিন্দসাগৰ জলাশয়ৰ এক আচৰিত দৃশ্য দেখা যায়।

বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ পৰে পেৰাগ্লাইডিং ভিডিঅ’। পেৰাগ্লাইডাৰে বায়ুৰ মাজত খাদ্যৰ সোৱাদ লোৱাৰ এটা ক্লিপে চলিত বৰ্ষৰ আৰম্ভণিতে ইণ্টাৰনেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তদুপৰি যেতিয়া ইণ্টাৰনেটত এগৰাকী ৮০ বছৰীয়া মহিলাৰ পেৰাগ্লাইডিঙৰ দুঃসাহসিক অভিযানৰ ভিডিঅ’ ভাইৰেল হৈছিল,সকলো উৎফুল্লিত হৈ পৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক