--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সীমিত জীৱনকালত মানুহৰ যে কিমান আশা!সাগৰতলিত ভ্ৰমণ কৰাৰ পৰা মহাকাশ ভ্ৰমণলৈকে আছে মানুহৰ নানা সপোন৷কিন্তু বহু কম লোকেহে এই চখসমূহ পূৰণ কৰিব পাৰে৷এনে এক চখ পূৰণ কৰিলে পঞ্জাবৰ এজন ব্যক্তিয়ে৷হিমাচল প্ৰদেশৰ বিলাসপুৰত স্কুটিৰে পেৰাগ্লাইডিং কৰি থকা এজন ব্যক্তিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেখা গৈছে এখন ইলেক্ট্ৰিক স্কুটাৰেৰে বতাহত উৰি থকা এজন পেৰাগ্লাইডাৰ। বিলাসপুৰৰ জনপ্ৰিয় পেৰাগ্লাইডিং স্থান বান্দলা ধৰত সংঘটিত হৈছে এই ঘটনা। স্কুটিৰ দ্বাৰা ষ্টাণ্টটো কৰা পঞ্জাবৰ ব্যক্তিজনৰ নাম হৰ্ষ। খবৰ অনুসৰি হৰ্ষ এজন প্ৰশিক্ষিত পেৰাগ্লাইডাৰ।
হৰ্ষে উৰণৰ পূৰ্বে গাড়ীখনৰ ওজন কম কৰিবলৈ দুচকীয়া বাহনখনৰ বেটাৰী আঁতৰাই পেলাইছিল। হৰ্ষৰ এই অস্বাভাৱিক দৃশ্যত মুগ্ধ হৈ অঞ্চলটোৰ স্থানীয় লোকসকলে সেই মুহূৰ্তৰ ভিজুৱেল মোবাইলত ৰেকৰ্ডিং কৰে।

উল্লেখ্য যে বাণ্ডলা ধৰ হিমাচলৰ অন্যতম উল্লেখযোগ্য পেৰাগ্লাইডিং স্থান আৰু ইয়াৰ পৰা গোবিন্দসাগৰ জলাশয়ৰ এক আচৰিত দৃশ্য দেখা যায়।

বৰ্তমান ছ’চিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ পৰে পেৰাগ্লাইডিং ভিডিঅ’। পেৰাগ্লাইডাৰে বায়ুৰ মাজত খাদ্যৰ সোৱাদ লোৱাৰ এটা ক্লিপে চলিত বৰ্ষৰ আৰম্ভণিতে ইণ্টাৰনেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তদুপৰি যেতিয়া ইণ্টাৰনেটত এগৰাকী ৮০ বছৰীয়া মহিলাৰ পেৰাগ্লাইডিঙৰ দুঃসাহসিক অভিযানৰ ভিডিঅ’ ভাইৰেল হৈছিল,সকলো উৎফুল্লিত হৈ পৰিছিল৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক