--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহম্মদ ছামীক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ হিচাপে গণ্য কৰা হয়। যোৱা এদিনীয়া বিশ্বকাপত আঘাতপ্ৰাপ্ত হোৱাৰ পিছৰে পৰা তেওঁ ভাৰতীয় দলৰ পৰা আঁতৰি আছে। ছামীৰ প্ৰিয় খাদ্য কি? ছামীৰ ঘনিষ্ঠ বন্ধু উমেশ কুমাৰে এটা অনুষ্ঠানত সেই কথা জনালে৷

বিশেষ খাদ্য অবিহনে ছামীয়ে জীয়াই থাকিব নোৱাৰে। ক্ৰিকেটৰ বাবে সকলো ত্যাগ কৰাৰ পিছতো ছামীয়ে নিজৰ প্ৰিয় খাদ্য ত্যাগ কৰিবলৈ ইচ্ছুক নহয়। উমেশে ক'লে, "ছামিয়ে সকলো কৰিব পাৰে। কিন্তু খাছী মাংস অবিহনে জীয়াই থাকিব নোৱাৰে। মাংস নোখোৱাকৈ এদিন কটাব পাৰি। একেৰাহে দুদিন মাংস নাপালে তাৰ খং উঠিব। আৰু একেৰাহে তিনিদিন মাংস খাব নোৱাৰিলে কি কৰিব নাজানো!'' তেওঁ কয় যে দিনটোত এক কিলোগ্ৰাম ছাগলীৰ মাংস খোৱাটো ছামীৰ বাবে কোনো সমস্যা নহয়।

কিছুদিন পূৰ্বে আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত ছামীয়ে প্ৰশিক্ষণ আৰম্ভ কৰিছিল। যোৱা এদিনীয়া বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰীগৰাকীয়ে বাংলাদেশৰ বিৰুদ্ধে পৰৱৰ্তী টেষ্ট শৃংখলাত ভাৰতীয় দললৈ ঘূৰি আহিব পাৰে। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই ধাৰাবাহিকখন। ৰাষ্ট্রীয় নির্বাচক দলৰ অধ্যক্ষ অজিত আগৰকাৰে ছামী সন্দর্ভত কয়, ‘শামী কেনেকুৱা বলাৰ কম বেছি পৰিমাণে আমি সকলোৱে জানো৷ আঘাতপ্ৰাপ্ত হয়। বল কৰিবলৈ ধৰিলে। আশাকৰোঁ কেইদিনমানৰ পিছত খেলিব পৰা অৱস্থাত আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু