--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিঅ’ আৰু টকিঅ’ অলিম্পিকৰ পিছত পেৰিছতো এদল শৰণাৰ্থীয়ে খেলিব। তেওঁলোকৰ এটা দলো আছে। ৩৭ গৰাকী এনেধৰণৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলৈ ওলাইছে। এই দেশহীন খেলুৱৈসকলে ১২ খন ভিন্ন খেল খেলিব। এই ৩৭ জন লোকে পেৰিছলৈ যোৱাৰ পথত বহু বাধা অতিক্ৰম কৰিছিল।

শৰণাৰ্থী দলটোৰ পতাকাবাহী চিণ্ডী গাম্বা। তেওঁৰ জন্ম হৈছিল কেমেৰুণত। কিন্তু এতিয়া তেওঁ শৰণাৰ্থী। শুকুৰবাৰে উদ্বোধনী অনুষ্ঠানত শৰণাৰ্থী দলটোৰ বাবে পতাকা উত্তোলন কৰিব। গাম্বাই কয়, “আমি সকলোৱে এটা গোট হিচাপে শৰণাৰ্থী। আমি খেলুৱৈ। একে সময়তে আমি যোদ্ধা। আমি সকলোৱে ভোকাতুৰ খেলুৱৈ। সকলোৱেই এটা পৰিয়াল। আমাক শৰণাৰ্থী হিচাপে দেখা যায়। কিন্তু আমি খেলুৱৈ। আন দেশৰ খেলুৱৈৰ দৰে আমিও জয়ী হ’বলৈ আহিছো। আমিও পদক লাভৰ ভোকত আছো।”

২০১৫ চনত প্ৰথমবাৰৰ বাবে অলিম্পিকৰ বাবে শৰণাৰ্থীক বিবেচনা কৰা হৈছিল। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ইয়াক কাৰ্যকৰী কৰা হৈছিল। শৰণাৰ্থী হিচাপে ১০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এইবাৰ ৩৭ গৰাকী খেলুৱৈয়ে সাঁতোৰ, মল্লযুঁজৰ দৰে বিভিন্ন খেলত অংশগ্ৰহণ কৰিব। এইবাৰ অলিম্পিকত ব্ৰেকিং। সেই খেলত অংশগ্ৰহণ কৰিব মণিঝা তালাছে। ২১ বছৰীয়া যুৱকজনে ৰাজপথত নাচি থকা এজন ব্যক্তিক দেখি অনুপ্ৰাণিত হৈছিল। তেওঁৰ জন্ম কাবুলত। কিন্তু ২০২১ চনৰ পৰা আফগানিস্তানৰ শাসক তালিবান। সেই দেশত থকাটো তেওঁৰ বাবে অসম্ভৱ হৈ পৰিল। তেওঁ শৰণাৰ্থী হিচাপে স্পেইনলৈ গৈছিল। 

শৰণাৰ্থী হিচাপে টাইকোৱাণ্ডোত প্ৰৱেশ কৰিব ফৰ্জাদ মনছুৰীয়ে। তেওঁ ব্ৰেকিংক দুখ-কষ্টৰ পৰা হাত সাৰিবলৈ অস্ত্ৰ হিচাপে লয়। মনছুৰীয়ে টকিঅ’তো খেলিছিল। ইয়াৰ পিছত তেওঁ আফগানিস্তানৰ হৈ খেলিছিল। তালিবানে দেশখন নিয়ন্ত্ৰণ কৰাৰ পিছত তেওঁ ব্ৰিটেইনলৈ ৰাওনা হয়। এই বছৰ শৰণাৰ্থী হিচাপে খেলিব। মনছুৰীয়ে দ্বিতীয়বাৰৰ বাবে অলিম্পিকলৈ যোৱাৰ সুযোগ পাইছে। কিন্তু তেওঁৰ বন্ধু মহম্মদ জন চুলতানীয়ে সেই সুযোগ নাপালে। যোৱাবাৰ টকিঅ’ অলিম্পিকত আফগানিস্তানৰ হৈ খেলিছিল। কিন্তু কাবুল বিমানবন্দৰত আত্মঘাতী আক্ৰমণত মৃত্যু হয় চুলতানীৰ। মনছুৰীয়ে কয়, ‘আমাৰ দেশত শান্তি ঘূৰি আহিব বুলি আশা কৰিছো। সমগ্ৰ পৃথিৱীলৈ শান্তি ঘূৰি আহিব।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ