--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিঙি কাটি থোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী এয়াৰ হোষ্টেজৰ মৃতদেহ। মুম্বাইত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।মৃত এয়াৰ হোষ্টেজগৰাকীৰ নাম ৰূপল অগ্ৰে। আৰক্ষীৰ মতে, এয়াৰ ইণ্ডিয়াৰ চাকৰিৰ বাবে চলিত বৰ্ষৰ এপ্ৰিল মাহত মুম্বাইত উপস্থিত হৈছিল চত্তীশগড়ৰ বাসিন্দা ৰূপল অগ্ৰে। মাৰোলৰ কে মাৰৱাহ ৰোডৰ এন জি কমপ্লেক্স ছ’চাইটিৰ চি-উইং ফ্লেট ৩০৬ত ভনীয়েক আৰু আৰু প্ৰেমিকৰ সৈতে বাস কৰিছিল ৰূপলে। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ভগ্নী আৰু প্ৰেমিক ঘৰত নাছিল। আঠ দিন পূৰ্বে তেওঁলোক নিজ ঘৰলৈ গৈছিল।
Flight Attendant Found With Throat Slit In Mumbai Flat, Murder Case Filed
ৰূপলৰ হত্যাকাণ্ডত ফ্লেটটোৰ এগৰাকী চাফাইকৰ্মীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, অভিযুক্ত বিক্ৰমসিং আটৱাল (৪০) নামৰ চাফাইকৰ্মীজননে ফ্লেট পৰিদৰ্শন কৰি জাবৰ-জোঁথৰ সংগ্ৰহ কৰাৰ লগতে শৌচাগাৰ পৰিষ্কাৰ কৰে। এনে কামৰ বাবে তেওঁ আগতেও কেইবাবাৰো ৰূপলৰ ফ্লেটলৈ গৈছিল।

ৰূপল ঘৰত অকলে আছে বুলি জানি দেওবাৰে ৰাতিপুৱা প্ৰায় ১১ বজাত বিক্ৰমসিং অটোৱাল শৌচাগাৰ চাফা কৰাৰ অজুহাতত ৰূপলৰ ফ্লেটলৈ গৈছিল। ৰূপল অকলে থকাৰ সুযোগ ল’বলৈ চেষ্টা কৰিলে বিক্ৰমসিঙে। 

আৰক্ষীয়ে সদৰী কৰা অনুসৰি “আটৱালে কটাৰী লৈ সাজু হৈ আহিছিল, যদিহে ৰূপলে বিক্ৰমসিঙক বাধা দিয়ে তেন্তে তাইক ভয় খুৱাব। দুয়োৰে মাজত কাজিয়া লাগে আৰু এই কাজিয়াৰ সময়ত তেওঁ ৰূপলৰ ডিঙি কাটি পেলায়। ইয়াৰ ফলত ৰূপল ঢলি পৰে আৰু প্ৰচুৰ তেজ ওলাইছিল। আটৱালৰো হাত কাটিছে।’’
Airhostess found dead in plush Mumbai flat with her throat slit, housekeeper  arrested | Mumbai News - The Indian Express
ইয়াৰ পাছতে আটৱালে মজিয়া চাফা কৰি অটোলকেৰে দুৱাৰ বন্ধ কৰি পলায়ন কৰে বুলি আৰক্ষীয়ে জনায়। তেওঁ নিজৰ ঘৰলৈ গৈ কাপোৰ ধুইছিল। তেওঁৰ পত্নীয়ে তেওঁক আঘাতৰ বিষয়ে সোধা-পোছা কৰিছিল। আটৱালে পত্নীক ক’লে যে কৰ্মস্থলীত থকা অৱস্থাত এটা সৰু দুৰ্ঘটনা হৈছিল আৰু ভঙা কাঁচৰ টুকুৰাত আঘাতপ্ৰাপ্ত হৈছিল। কাপোৰ চাফা কৰাৰ পাছত অটোৱালে স্থানীয় চিকিৎসকৰ ওচৰলৈ গৈ ঘাঁৰ চিকিৎসা কৰে বুলি আন এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

আৰক্ষীৰ মতে, দেওবাৰে বিয়লি ৰূপলৰ পৰিয়ালৰ লোকে ফোনযোগে যোগাযোগ কৰিবলৈ চেষ্টা কৰি ৰূপলৰ কোনো সঁহাৰি নোপোৱাত বিষয়টো পোহৰলৈ আহে। 

আৰক্ষীয়ে এই হত্যাৰ সন্দৰ্ভত কেইবাজনকো সোধা-পোছা কৰে। এই সময়ত আটৱালে তেওঁৰ মুখ, মূৰ আৰু হাতৰ আঘাত সন্দৰ্ভত আৰক্ষীক সন্তোষজনক উত্তৰ দিব নোৱাৰিলে। স্থায়ী জেৰাৰ অন্তত তেওঁ অপৰাধ সংঘটিত কৰা বুলি স্বীকাৰ কৰে।

আটৱালৰ এই গতিবিধি চিচিটিভি কেমেৰাতো বন্দী হৈছিল যিয়ে তেওঁৰ এই অপৰাধৰ সৈতে জড়িত হোৱাৰ কথা প্ৰমাণ কৰে। 
Air hostess dead in Mumbai
মূলতঃ পঞ্জাৱৰ আটৱালে প্ৰায় ১২ বছৰ পূৰ্বে মুম্বাইলৈ আহিছিল। তেওঁ পত্নী আৰু দুগৰাকী কন্যাৰ সৈতে থাকিছিল। মাত্ৰ সাত মাহৰ আগতে তেওঁ মাৰোল ছ’চাইটিত হাউচকিপিং ষ্টাফ হিচাপে যোগদান কৰিছিল। আৰক্ষীৰ মতে, তেওঁ অহংকাৰী স্বভাৱৰ আছিল আৰু ফ্লেটৰ সদস্যৰ সৈতে প্ৰায়ে মৌখিক কাজিয়া কৰিছিল। পূৰ্বতে ৰূপলৰ সৈতেও তেওঁৰ চমু তৰ্ক-বিতৰ্ক হৈছিল। ৰূপলক হত্যাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল নেকি তাৰো তদন্তত নামি পৰিছে আৰক্ষী।

মঙলবাৰে আৰক্ষীয়ে আটৱালক আন্ধেৰী আদালতত হাজিৰ কৰি জেৰাৰ বাবে নিজ জিম্মাত বিচাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement