--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া বনাম ভাৰত বিতৰ্কই এতিয়া যেন দেশৰ সকলো আলোচ্য বিষয় তল পেলাইছে৷ এনে বিৰ্ক  চলি থকাৰ মাজতে কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ শেহতীয়া টুইট এটাই  বহু  অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। মঙলবাৰে এক্সলৈত  অমিতাভে হিন্দীতে লিখিছে "ভাৰত মাতা কী জয়।"

অমিতাভ বচ্চনৰ এই টুইটটোৱে তেওঁ যে ইণ্ডিয়াৰ সলনি ভাৰত শব্দটোহে সমৰ্থন কৰে তাকে সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ অমিতাভে টুইটটো শ্বেয়াৰ কৰাৰ পিছতে, কেইবাজনো অনুৰাগীয়ে অভিনেতাজনক তেওঁৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰিছে।উল্লেখ্য আজিৰ দিনটোৰ আৰম্ভণিতে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে দাবী কৰিছে যে ৰাষ্ট্ৰপতি ভৱনে  'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি'ৰ নামত ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ  নৈশ ভোজৰ বাবে বহুতকে  আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। 

ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে  "ইতিহাস বিকৃত কৰা আৰু ভাৰতক বিভক্ত কৰা" বুলি অভিযোগ কৰে ৷  ৰমেশে কৈছে " মোদীয়ে ইতিহাসক বিকৃত কৰি ভাৰতক বিভক্ত কৰি থাকিব পাৰে, অৰ্থাৎ ইণ্ডিয়া , যি হৈছে ৰাজ্যসমূহৰ সন্মিলিত সংঘ। কিন্তু আমি বিচলিত নহও। জুড়েগা ভাৰত জিতেগা ইণ্ডিয়া!" ।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দেশ খন ভাৰত আছিল আৰু সদায় ভাৰত হৈ থাকিব।তেওঁ কয় "তেওঁলোকৰ সকলোৰে সমস্যা আছে আৰু মই তেওঁলোকৰ বিষয়ে  একো ক'ব নিবিচাৰো। মই এজন 'ভাৰতবাসী', মোৰ দেশৰ নাম আছিল 'ভাৰত' আৰু সদায় 'ভাৰত' হৈ থাকিব। যদি কংগ্ৰেছৰ ইয়াত কোনো সমস্যা আছে, তেওঁলোকে নিজেই ইয়াৰ নিৰাময় বিচাৰি উলিয়াব লাগে," ।  বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰনাথ সিং যাদৱেও কয় যে সমগ্ৰ দেশে দাবী কৰিছে যে 'ভাৰত' শব্দটো 'ইণ্ডিয়া'ৰ সলনি ব্যৱহাৰ কৰা উচিত।

'ইণ্ডিয়া' শব্দটো ব্ৰিটিছসকলে আমাক দিয়া,  আনহাতে 'ভাৰত' শব্দটো আমাৰ সংস্কৃতিৰ প্ৰতীক... মই বিচাৰো যে আমাৰ সংবিধান সংশোধন  হ'ব লাগে আৰু ইয়াত 'ভাৰত' শব্দটো যোগ কৰা উচিত," ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান