--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইণ্ডিয়া বনাম ভাৰত বিতৰ্কই এতিয়া যেন দেশৰ সকলো আলোচ্য বিষয় তল পেলাইছে৷ এনে বিৰ্ক  চলি থকাৰ মাজতে কিংবদন্তি অভিনেতা অমিতাভ বচ্চনৰ শেহতীয়া টুইট এটাই  বহু  অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। মঙলবাৰে এক্সলৈত  অমিতাভে হিন্দীতে লিখিছে "ভাৰত মাতা কী জয়।"

অমিতাভ বচ্চনৰ এই টুইটটোৱে তেওঁ যে ইণ্ডিয়াৰ সলনি ভাৰত শব্দটোহে সমৰ্থন কৰে তাকে সূচাইছে বুলি বহুতে মন্তব্য কৰিছে৷ অমিতাভে টুইটটো শ্বেয়াৰ কৰাৰ পিছতে, কেইবাজনো অনুৰাগীয়ে অভিনেতাজনক তেওঁৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰিছে।উল্লেখ্য আজিৰ দিনটোৰ আৰম্ভণিতে কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে দাবী কৰিছে যে ৰাষ্ট্ৰপতি ভৱনে  'প্ৰেছিডেণ্ট অব ইণ্ডিয়া'ৰ পৰিৱৰ্তে 'ভাৰতৰ ৰাষ্ট্ৰপতি'ৰ নামত ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ  নৈশ ভোজৰ বাবে বহুতকে  আমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। 

ৰমেশে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে  "ইতিহাস বিকৃত কৰা আৰু ভাৰতক বিভক্ত কৰা" বুলি অভিযোগ কৰে ৷  ৰমেশে কৈছে " মোদীয়ে ইতিহাসক বিকৃত কৰি ভাৰতক বিভক্ত কৰি থাকিব পাৰে, অৰ্থাৎ ইণ্ডিয়া , যি হৈছে ৰাজ্যসমূহৰ সন্মিলিত সংঘ। কিন্তু আমি বিচলিত নহও। জুড়েগা ভাৰত জিতেগা ইণ্ডিয়া!" ।

ইফালে, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি কয় যে দেশ খন ভাৰত আছিল আৰু সদায় ভাৰত হৈ থাকিব।তেওঁ কয় "তেওঁলোকৰ সকলোৰে সমস্যা আছে আৰু মই তেওঁলোকৰ বিষয়ে  একো ক'ব নিবিচাৰো। মই এজন 'ভাৰতবাসী', মোৰ দেশৰ নাম আছিল 'ভাৰত' আৰু সদায় 'ভাৰত' হৈ থাকিব। যদি কংগ্ৰেছৰ ইয়াত কোনো সমস্যা আছে, তেওঁলোকে নিজেই ইয়াৰ নিৰাময় বিচাৰি উলিয়াব লাগে," ।  বিজেপিৰ ৰাজ্যসভাৰ সাংসদ হৰনাথ সিং যাদৱেও কয় যে সমগ্ৰ দেশে দাবী কৰিছে যে 'ভাৰত' শব্দটো 'ইণ্ডিয়া'ৰ সলনি ব্যৱহাৰ কৰা উচিত।

'ইণ্ডিয়া' শব্দটো ব্ৰিটিছসকলে আমাক দিয়া,  আনহাতে 'ভাৰত' শব্দটো আমাৰ সংস্কৃতিৰ প্ৰতীক... মই বিচাৰো যে আমাৰ সংবিধান সংশোধন  হ'ব লাগে আৰু ইয়াত 'ভাৰত' শব্দটো যোগ কৰা উচিত," ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস