--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক ষ্টেট (আইএছ)-এ  ভাৰতৰ বিভিন্ন ৰাজ্যত খোপনি পোতাৰ কথা প্ৰায়ে পোহৰলৈ আহি আছে। শেহতীয়াকৈ  চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে আইছিছ জিহাদীসকলে দেশৰ যিকোনো প্ৰান্তত ডাঙৰ আক্ৰমণ সংঘটিত কৰাৰ  পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ এনে সতৰ্কবাণীৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই  শনিবাৰে দেশৰ দুখন ৰাজ্যৰ কমেও ৩০ টা স্থানত অভিযান চলায়।

জানিব পৰা মতে নিয়াই  তামিলনাডু আৰু তেলেংগানাৰ কমেও ৩০ টা স্থানত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ইছলামিক ষ্টেটে দুয়ো খন ৰাজ্যতে  প্ৰশিক্ষণ শিবিৰ চলাই আছে। আজি দিনটোৰ আৰম্ভণিতে নিয়াই কইম্বাটুৰৰ ২১  টা স্থানত তালাচী চলায় । নিয়াই  চেন্নাইৰ তিনিটা স্থানত, হায়দৰাবাদৰ পাঁচটা আৰু টেনকাচীৰ এটা স্থানত অভিযান চলাইছে। ৬ ছেপ্টেম্বৰত নিয়াই চেন্নাইৰ পৰা ইছলামিক ষ্টেটৰ ত্ৰিচুৰ শাখাৰ মুৰব্বী চৈয়দ নাবিল আহমেদক গ্ৰেপ্তাৰ কৰিছিল।

প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে, আইছিছে  (খোৰাচান) কাশ্মীৰত জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ স্থান ল'বলৈ চেষ্টা কৰি আছে। জামাত-উল-মুজাহিদীনসকলে বাংলাদেশৰ মাজেৰে পশ্চিম বংগত প্ৰৱেশ কৰাৰো তথ্য চোৰাংচোৱাৰ হাতত আছে। বিশ্লেষকসকলৰ মতে আইছিছ  কেৱল এটা সংগঠন নহয়। এয়া এক আদৰ্শ,  যাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে শ্বৰিয়া আইন বলবৎ কৰি 'খিলাফত' প্ৰতিষ্ঠা কৰা।  ইয়াৰ বাবে, সংগঠনটোৱে ভাৰত মহাদেশত প্ৰস্তুতি আৰম্ভ কৰিছে।

ৰাষ্ট্ৰসংঘই দুবছৰ আগতে এই বিষয়ত এখন  প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছিল  যে কুখ্যাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছআইএল-কে)-এ ভাৰতত জিহাদৰ বিষবাষ্প বিয়পাবলৈ সাজু  হৈছে। দলটোৱে ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহত ধ্বংসাত্মক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও প্ৰতিবেদন খনত উল্লেখ কৰা হৈছিল। পাকিস্তান আৰু আফগানিস্তানত সক্ৰিয় ইছলামিক সন্ত্ৰাসবাদী গোট হাক্কানি নেটৱৰ্কো সক্ৰিয় হৈ আছে। ইৰাক আৰু চিৰিয়াত ভেটি থৰকবৰক হোৱাৰ পিছত আইছিছে এতিয়া ভাৰতত শিপা বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস