--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক ষ্টেট (আইএছ)-এ  ভাৰতৰ বিভিন্ন ৰাজ্যত খোপনি পোতাৰ কথা প্ৰায়ে পোহৰলৈ আহি আছে। শেহতীয়াকৈ  চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে আইছিছ জিহাদীসকলে দেশৰ যিকোনো প্ৰান্তত ডাঙৰ আক্ৰমণ সংঘটিত কৰাৰ  পৰিকল্পনা কৰিছে। চোৰাংচোৱাৰ এনে সতৰ্কবাণীৰ পিছতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা নিয়াই  শনিবাৰে দেশৰ দুখন ৰাজ্যৰ কমেও ৩০ টা স্থানত অভিযান চলায়।

জানিব পৰা মতে নিয়াই  তামিলনাডু আৰু তেলেংগানাৰ কমেও ৩০ টা স্থানত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাই আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ইছলামিক ষ্টেটে দুয়ো খন ৰাজ্যতে  প্ৰশিক্ষণ শিবিৰ চলাই আছে। আজি দিনটোৰ আৰম্ভণিতে নিয়াই কইম্বাটুৰৰ ২১  টা স্থানত তালাচী চলায় । নিয়াই  চেন্নাইৰ তিনিটা স্থানত, হায়দৰাবাদৰ পাঁচটা আৰু টেনকাচীৰ এটা স্থানত অভিযান চলাইছে। ৬ ছেপ্টেম্বৰত নিয়াই চেন্নাইৰ পৰা ইছলামিক ষ্টেটৰ ত্ৰিচুৰ শাখাৰ মুৰব্বী চৈয়দ নাবিল আহমেদক গ্ৰেপ্তাৰ কৰিছিল।

প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে, আইছিছে  (খোৰাচান) কাশ্মীৰত জৈশ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ স্থান ল'বলৈ চেষ্টা কৰি আছে। জামাত-উল-মুজাহিদীনসকলে বাংলাদেশৰ মাজেৰে পশ্চিম বংগত প্ৰৱেশ কৰাৰো তথ্য চোৰাংচোৱাৰ হাতত আছে। বিশ্লেষকসকলৰ মতে আইছিছ  কেৱল এটা সংগঠন নহয়। এয়া এক আদৰ্শ,  যাৰ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বতে শ্বৰিয়া আইন বলবৎ কৰি 'খিলাফত' প্ৰতিষ্ঠা কৰা।  ইয়াৰ বাবে, সংগঠনটোৱে ভাৰত মহাদেশত প্ৰস্তুতি আৰম্ভ কৰিছে।

ৰাষ্ট্ৰসংঘই দুবছৰ আগতে এই বিষয়ত এখন  প্ৰতিবেদন প্ৰকাশ কৰিছিল। প্ৰতিবেদনত কোৱা হৈছিল  যে কুখ্যাত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট (আইএছআইএল-কে)-এ ভাৰতত জিহাদৰ বিষবাষ্প বিয়পাবলৈ সাজু  হৈছে। দলটোৱে ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহত ধ্বংসাত্মক কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছে বুলিও প্ৰতিবেদন খনত উল্লেখ কৰা হৈছিল। পাকিস্তান আৰু আফগানিস্তানত সক্ৰিয় ইছলামিক সন্ত্ৰাসবাদী গোট হাক্কানি নেটৱৰ্কো সক্ৰিয় হৈ আছে। ইৰাক আৰু চিৰিয়াত ভেটি থৰকবৰক হোৱাৰ পিছত আইছিছে এতিয়া ভাৰতত শিপা বিস্তাৰ কৰিবলৈ চেষ্টা কৰি আছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
দলগাঁৱত ড্ৰেগন খেতি কৰি স্বাৱলম্বী জৰীপ আলী
বিজুলি চমকে কিন্তু নপৰে বজ্ৰপাত,মেঘে গৰ্জে কিন্তু বৰষুণ নহয় !
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন