--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএবাৰ দুবাৰ নহয়, দিনটোত সাতবাৰ গধুৰ আহাৰ খায় এইগৰাকী যুৱতীয়ে। লক্ষ্য তেওঁৰ জীৱনত কিবা এটা কৰি দেখুওৱা। কেৱল খাই বৈ শুই নাথাকে তেওঁ। শুৱাৰ পৰিৱৰ্তে দিনটোত কেইবা ঘণ্টা ধৰি তেওঁ শৰীৰ চৰ্চা কৰে।

ফাফা আৰাউজো জন্মগতভাৱে এগৰাকী ব্ৰাজিলিয়ান যুৱতী। ৩৭ বছৰীয়া ফাফা এগৰাকী 'বডিবিল্ডাৰ'। তেওঁ গোটেই শৰীৰত সেউজীয়া ৰঙৰ কমিক ষ্ট্ৰিপৰ চুপাৰহিৰো হাল্কৰ ফটোও আঁকি লৈছে।টিভি শৃংখলা 'শ্বে-হাল্ক: এটৰ্নি এট ল'ৰ মুক্তিৰ আগতে বাস্তৱ জীৱনৰ শ্বী হাল্ক ৰূপী ফাফা বাতৰিৰ শিৰোনামলৈ  আহিছে। তেওঁৰ নাম ফাফা আৰাউজো। 

৩৬ বছৰীয়া ব্ৰাজিলিয়ান বডিবিল্ডাৰ ফাফা আৰ্জোৰ জন্ম ৰিঅ ডি জেনেৰিঅ'ত। ১১ বছৰ বয়সতেই তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগোলৈ গুচি গৈছিল । তেওঁ গোটেই দিনটো জিমতেই  কটায়।

ফাফাৰ  অনুৰাগীসকলে তেওঁক  'ফিমেল-হাল্ক' বুলিয়েই মাতে।  তেওঁৰ পেশীবহুল শৰীৰৰ বাবেই বহুতেই তেওঁক তেনেদৰে মাতে।  

ফাফাই সংবাদ মাধ্যমক কয় যে তেওঁ ১১ বছৰ বয়সত ব্যায়াম আৰম্ভ কৰিছিল। স্কুলৰ পৰা উভতি অহাৰ পিছত তেওঁ মাকক ঘৰুৱা কামত সহায় কৰিছিল। তাৰ পিছত তেওঁ  জিমলৈ গৈছিল। তেওঁ দাবী কৰে যে ১৫ বছৰ বয়সতে তেওঁৰ শৰীৰ সুগঠিত হৈ পৰিছিল। তেওঁ ইমান অনুপ্ৰাণিত হৈছিল যে আৰু  পিছলৈ ঘূৰি চোৱা নাছিল। তেতিয়াৰ পৰা, তেওঁ আজিলৈকে ব্যায়াম কৰা বন্ধ কৰা নাই।

ফাফাই  নিজকে অধিক পেশীবহুল কৰি তুলিবলৈ সপ্তাহত ছয়দিন জিমলৈ যায়। তেওঁ কমেও তিনি ঘণ্টা কঠোৰ পৰিশ্ৰম কৰে। অৱশ্যে, ফাফাই কয় যে শৰীৰটো কেৱল 'জিম-লিভিং'তে সৃষ্টি নহয়। আপুনি খাবও লাগিব। তেওঁ দিনে সাতবাৰ আহাৰ খায়। তেওঁৰ শৰীৰৰ দেখি  মুগ্ধ ভক্তৰ সংখ্যাও কম নহয়। ইনষ্টাগ্ৰামত তেওঁৰ ৪৫৭,০০০ অনুসৰণকাৰী আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement