--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেওবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক টি-২০ মেচত ৬ উইকেটত দৰ্শনীয় জয়েৰে ২-১ ব্যৱধানত শৃংখলা হস্তগত কৰে ঘৰুৱা দল ভাৰতে। শৃংখলাৰ প্ৰথমখন মেচত পৰাজয়ৰ পিছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাই টি-২০ ৰেংকিঙৰ শীৰ্ষ স্থানৰ দল ভাৰতে ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত পুনৰ এবাৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত জয়ৰ লগে লগে টি-২০ ক্ৰিকেটত এক নতুন অভিলেখৰো অধিকাৰী হয় ভাৰতীয় ক্ৰিকেট দল।

কালিৰ জয়েৰে ভাৰতে চলিত বৰ্ষত টি-২০ মেচত জয়ৰ সংখ্যা ২১ খনলৈ বৃদ্ধি কৰে। এইদৰে এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক সংখ্যক টি-২০ মেচত বিজয়ী দেশ হিচাপে পৰিগণিত হয় ভাৰত। এই ক্ষেত্ৰত ভাৰতে অতিক্ৰম কৰে আন এক এছিয়ান ক্ৰিকেট শক্তি চুবুৰীয়া পাকিস্তানক। পাকিস্তানে বিগত বৰ্ষত মুঠ ২০ খন টি-২০ মেচত জয়েৰে এই অভিলেখ নিজৰ নামত সন্নিৱিষ্ট কৰিছিল।

উল্লেখ্য যে কালিৰ মেচখনত ভাৰতে অষ্ট্ৰেলিয়াই থিয় কৰোৱা ১৮৭ ৰানৰ বিজয় লক্ষ্য এটা বল বাকী থকা অৱস্থাত  ৰোমাঞ্চকৰ যুঁজৰ অন্তত অতিক্ৰম কৰে।  অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি অপেনাৰ কেমেৰুণ গ্ৰীণ আৰু মিডল অৰ্ডাৰ বেটাৰ টিম ডেভিদৰ বিস্ফোৰক অৰ্ধশতকৰ সহায়ত ১৮৬ ৰান সংগ্ৰহ কৰিছিল। গ্ৰীণে মাত্ৰ ২১ টা বলত ৫২ আৰু ডেভিদে ২৭ টা বলত ৫৪ ৰানৰ অবদান আগবঢ়ায়। 

ভাৰতৰ হৈ অক্সৰ পেটেলে ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে ভুৱনেশ্বৰ, চাহাল আৰু হৰ্ষল পেটেলে এটাকৈ উইকেট দখল কৰে। ১৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে প্ৰথমটো অভাৰতে অপেনাৰ ৰাহুলৰ উইকেট হেৰুৱাই বিপদত পৰে। দলীয় স্ক’ৰ ৩০ ৰানত অধিনায়ক ৰোহিত শৰ্মাইও ১৭ ৰান কৰি বিদায় ল’লেও তাৰকা বেটাৰ বিৰাট কোহলী আৰু সূৰ্যকুমাৰ যাদৱৰ দুৰ্দান্ত বেটিঙৰ সহায়ত জয়ৰ দুৱাৰডলিত উপনীত হয় ভাৰত। 

কোহলীয়ে ৬৩ ৰানৰ এক নিৰ্ণায়ক ইনিংছ খেলি অন্তিম অভাৰৰ দ্বিতীয়টো বলত আউট হোৱাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে ৩৬ টা বলত ৬৯ ৰানৰ এক বিস্ফোৰক ইনিংছেৰে মেচখনৰ দিশ ভাৰতৰ পক্ষলৈ আনে। ভাৰতক অন্তিম অভাৰত জয়ৰ বাবে ১১ ৰানৰ প্ৰয়োজন আছিল। অভাৰৰ প্ৰথমটো বলত কোহলীয়ে এক বিশাল ছয় কোবোৱাৰ পিছত দ্বিতীয়টো বলত নিজৰ উইকেট হেৰুৱায়।

অৱশ্যে দলৰ নিৰ্ভৰযোগ্য তাৰকা অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই পঞ্চমটো বলত বল বাউণ্ডেৰীলৈ ঠেলি ভাৰতক জয়ৰ লক্ষ্যত উপনীত কৰায়। মেচখনত চমকপ্ৰদ অৰ্ধশতকীয় ইনিংছটোৰ বাবে যাদৱে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে সমগ্ৰ শৃংখলাতে দৰ্শনীয় বলিং প্ৰদৰ্শন দাঙি ধৰা অক্সৰ পেটেল শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

কালিৰ এই শৃংখলাৰ পাছত টীম ইণ্ডিয়াই বুধবাৰৰ পৰা পুনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আন এক তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত অৱতীৰ্ণ হ’ব। অহা মাহত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা দুটা ভাৰতীয় দলৰ বাবে বিশ্বকাপৰ প্ৰস্তুতি হিচাপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক