--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কুকুৰৰ চাৰিওফালে আগুৰি থাকে সুন্দৰী গাভৰুৱে। দিপলীপ গাভৰুৰ মাজত ৰজাৰ দৰে বহি থাকে কুকুৰটো। এনে এখন ছবি দেখি আচৰিত নহ’বনে? কেৱল সেয়াই নহয়। বিলাসী ৰাজপ্ৰসাদৰ পৰা কৌটি কৌটি টকা- কি নাই কুকুৰটোৰ? কুকুৰটোৰ সম্পত্তিৰ পৰিমাণ শুনি বহুতে স্তম্ভিত হ’ব। আৰু সেইবাবেই পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰৰ উপাধি লাভ কৰিছে সি।

বিশ্বৰ আটাইতকৈ ধনী জাৰ্মান শ্বেপাৰ্ড প্ৰজাতিৰ এই কুকুৰটোৰ নাম আই ভি গুণ্টাৰ। কুকুৰটোৱে বৰ্তমান বাস কৰা ঘৰটো এসময়ত পপ চেন্সেশন মেডোনাৰ সম্পত্তি আছিল। কিন্তু কেৱল এইটো ঘৰেই নহয়, গুণ্টাৰৰ বিভিন্ন দেশত কেইবাটাও ঘৰ আছে। ৰজাৰ দৰে থাকে গুণ্টাৰ।

সপ্তাহৰ শেষত ভ্ৰমণৰ বাবেও যায় গুণ্টাৰ। কিন্তু ৰাজহুৱা পৰিবহণ একেবাৰেই পছন্দ নকৰে সি। সেয়ে ব্যক্তিগত বিলাসী গাড়ীতে চলা ফিৰা কৰে কুকুৰটোৱে। আকৌ কেৱল গাড়ী হ’লেই নহ’ব, লিমুজিন কাৰ হ’ব লাগিব! যাতে সি হাত-ভৰি মেলি বহিব পাৰে, আৰু ইচ্ছা কৰিলে এই মূৰৰ পৰা মূৰলৈকে দৌৰিব পাৰে।

ফুৰিবলৈ গ’লে পাঁচ তাৰকাযুক্ত হোটেলত থাকে গুণ্টাৰে। স্পাৰ সুবিধাও লয়। গুণ্টাৰৰ এই লাহ-বিলাহৰ বাবেই নিয়োগ কৰা হৈছে কেইবাজনো পৰিচৰ্যাকাৰী।

কিন্তু কেনেকৈ ইমান সম্পত্তি লাভ কৰিলে এই কুকুৰটোৱে? বহুখিনি সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে  লাভ কৰিছিল গুণ্টাৰে। কুকুৰটোৰ পিতৃ তৃতীয় গুণ্টাৰ আছিল কাৰ্লোটা লিবেনষ্টেইন নামৰ এগৰাকী ধনী জাৰ্মান মহিলাৰ প্ৰিয় পোহনীয়া কুকুৰ। তৃতীয় গুণ্টাৰ তথা গুণ্টাৰৰ পিতৃয়ে উত্তৰাধিকাৰ হিচাপে লাভ কৰিছিল ৮ কোটি মাৰ্কিন ডলাৰ। দেউতাকৰ মৃত্যুৰ পিছত এই ধনখিনি তেওঁৰ পুত্ৰ চতুৰ্থ গন্থাৰৰ হাতলৈ যায়।

বিভিন্ন কোম্পানীত বিনিয়োগ কৰাৰ পিছত সেই ধন এই মুহূৰ্তত ৪ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ৩ হাজাৰ কোটি টকা। আৰু তেনেকৈয়েই বিশ্বৰ আটাইতকৈ ধনী কুকুৰ হিচাপে পৰিগণিত হৈছে গুণ্টাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ