--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা কুকুৰৰ চাৰিওফালে আগুৰি থাকে সুন্দৰী গাভৰুৱে। দিপলীপ গাভৰুৰ মাজত ৰজাৰ দৰে বহি থাকে কুকুৰটো। এনে এখন ছবি দেখি আচৰিত নহ’বনে? কেৱল সেয়াই নহয়। বিলাসী ৰাজপ্ৰসাদৰ পৰা কৌটি কৌটি টকা- কি নাই কুকুৰটোৰ? কুকুৰটোৰ সম্পত্তিৰ পৰিমাণ শুনি বহুতে স্তম্ভিত হ’ব। আৰু সেইবাবেই পৃথিৱীৰ আটাইতকৈ ধনী কুকুৰৰ উপাধি লাভ কৰিছে সি।

বিশ্বৰ আটাইতকৈ ধনী জাৰ্মান শ্বেপাৰ্ড প্ৰজাতিৰ এই কুকুৰটোৰ নাম আই ভি গুণ্টাৰ। কুকুৰটোৱে বৰ্তমান বাস কৰা ঘৰটো এসময়ত পপ চেন্সেশন মেডোনাৰ সম্পত্তি আছিল। কিন্তু কেৱল এইটো ঘৰেই নহয়, গুণ্টাৰৰ বিভিন্ন দেশত কেইবাটাও ঘৰ আছে। ৰজাৰ দৰে থাকে গুণ্টাৰ।

সপ্তাহৰ শেষত ভ্ৰমণৰ বাবেও যায় গুণ্টাৰ। কিন্তু ৰাজহুৱা পৰিবহণ একেবাৰেই পছন্দ নকৰে সি। সেয়ে ব্যক্তিগত বিলাসী গাড়ীতে চলা ফিৰা কৰে কুকুৰটোৱে। আকৌ কেৱল গাড়ী হ’লেই নহ’ব, লিমুজিন কাৰ হ’ব লাগিব! যাতে সি হাত-ভৰি মেলি বহিব পাৰে, আৰু ইচ্ছা কৰিলে এই মূৰৰ পৰা মূৰলৈকে দৌৰিব পাৰে।

ফুৰিবলৈ গ’লে পাঁচ তাৰকাযুক্ত হোটেলত থাকে গুণ্টাৰে। স্পাৰ সুবিধাও লয়। গুণ্টাৰৰ এই লাহ-বিলাহৰ বাবেই নিয়োগ কৰা হৈছে কেইবাজনো পৰিচৰ্যাকাৰী।

কিন্তু কেনেকৈ ইমান সম্পত্তি লাভ কৰিলে এই কুকুৰটোৱে? বহুখিনি সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে  লাভ কৰিছিল গুণ্টাৰে। কুকুৰটোৰ পিতৃ তৃতীয় গুণ্টাৰ আছিল কাৰ্লোটা লিবেনষ্টেইন নামৰ এগৰাকী ধনী জাৰ্মান মহিলাৰ প্ৰিয় পোহনীয়া কুকুৰ। তৃতীয় গুণ্টাৰ তথা গুণ্টাৰৰ পিতৃয়ে উত্তৰাধিকাৰ হিচাপে লাভ কৰিছিল ৮ কোটি মাৰ্কিন ডলাৰ। দেউতাকৰ মৃত্যুৰ পিছত এই ধনখিনি তেওঁৰ পুত্ৰ চতুৰ্থ গন্থাৰৰ হাতলৈ যায়।

বিভিন্ন কোম্পানীত বিনিয়োগ কৰাৰ পিছত সেই ধন এই মুহূৰ্তত ৪ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় ৩ হাজাৰ কোটি টকা। আৰু তেনেকৈয়েই বিশ্বৰ আটাইতকৈ ধনী কুকুৰ হিচাপে পৰিগণিত হৈছে গুণ্টাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ