--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন মানুহে এটা অভিনৱ ঘৰ নিৰ্মাণ কৰে। কিন্তু তেওঁৰ ঘৰটো দেখি ওচৰ-চুবুৰীয়াই আনন্দিত হোৱাৰ সলনি থতমতহে খালে। ঘটনাৰ বাবে আৰক্ষীও আহিব লগা হয়। কিন্তু কিয়? কাৰণটো হৈছে এই মানুহজনে হেণ্ড গ্ৰেনেডেৰে ঘৰটো সজাইছিল। গ্ৰেনেডেৰে ঘৰ সজা বুলি তেওঁ নিজেই গম নাপাইছিল। ভয়ংকৰ গ্ৰেনেডেৰে কোনোবাই ঘৰ সজাৰ কল্পনা কৰিব পাৰিবনে?

মহাভাৰতত পঞ্চপাণ্ডৱক বধ কৰিবলৈ যতুগ্ৰীহ নিৰ্মাণ কৰা হৈছিল। এই ঘটনাটোৱে পুনৰ সেই কথা মনত পেলাই দিলে। বিপজ্জনক বিস্ফোৰকেৰে সজা এই ঘৰটোক লৈ যথেষ্ট কৌতূহলৰো সৃষ্টি হৈছে।

ঘটনাটো সংঘটিত হৈছে ইংলেণ্ডৰ কৰ্ণৱাল অঞ্চলত। অঞ্চলটোৰ এইগৰাকী বাসিন্দাৰ চখ আছিল সামৰিক শৈলীত নিজৰ ঘৰখন সজাই তোলা। যাৰ বাবে তেওঁ ঘৰৰ ভিতৰৰ অংশ বিভিন্ন অস্ত্ৰৰে সজাইছিল। লগতে কেইবাটাও নকল গ্ৰেনেড ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁ গম পোৱা নাছিল যে গ্ৰেনেডবোৰ নকল নহয়, আচলেই!

সচৰাচৰৰ দৰেই ৰুটিন চেক আপ কৰিবলৈ তেওঁৰ ঘৰলৈ আৰক্ষীৰ দল এটা আহিল। এই অস্ত্ৰবোৰ দেখি তেওঁলোক হতভম্ব হৈ পৰিল। লগে লগে বোমা বিশেষজ্ঞক খবৰ দিয়া হয়। ঘৰৰ আশে-পাশে থকা লোকসকলকো খৰধৰকৈ ঘৰৰ পৰা উলিয়াই অনা হয়। আনকি অঞ্চলটোৰ পথসমূহো বন্ধ কৰি দিয়া হৈছিল। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত আৰক্ষীয়ে গ্ৰেনেডসমূহ নিষ্ক্ৰিয় কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ঘৰটোত মজুত থকা বিস্ফোৰক পদাৰ্থৰ পৰিমাণে এক মুহূৰ্ততে এটা বৃহৎ অঞ্চল ধূলিলৈ পৰিণত কৰাৰ ক্ষমতা আছে। সময়মতে আৰক্ষীৰ দৃষ্টিগোচৰ নহ’লে ভয়ংকৰ বিপদ হ’ব পাৰিলেহেঁতেন৷

অৱশ্যে এই কাম ইচ্ছাকৃতভাৱে কৰা হোৱা নাছিল বুলি ঘৰৰ মালিকক সোধা-পোছা কৰি আৰক্ষীয়ে নিশ্চিত কৰিছে। কিন্তু এটা অদ্ভুত চখটোৱে যথেষ্ট ডাঙৰ বিপদৰ সৃষ্টি কৰিবলেহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন