--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী ছোৱালীয়ে কান্দি কান্দি ফোনত পুলিচক ক’লে- "ছাৰ, মোৰ প্ৰেমিকজনে মোক এৰি পলাই গৈছে। অনুগ্ৰহ কৰি তাক বিচাৰি উলিয়াওক।" কৰ্তব্যৰত আৰক্ষী বিষয়াজনে এনে অনুৰোধ শুনি অলপ হতভম্ব হৈ পৰিল। যুৱতীগৰাকীক সান্ত্বনা দিবলৈ লওঁতেই পুনৰ ছোৱালীজনীয়ে তেওঁক ক’লে- "ছাৰ,  মোৰ লগত তেওঁ কিয় ব্ৰেকআপ কৰিলে, সেই কথাটো তাক সুধিবচোন!"

চীনৰ ঝেজিয়াং প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। চাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি, যুৱতীগৰাকীৰ এজন যুৱকৰ স’তে ৬ বছৰীয়া সম্পৰ্ক আছিল। কিন্তু যুৱকজনে হঠাতে সেই সম্পৰ্ক ভাঙি পেলালে। সেই যুৱক তথা প্ৰেমিকজনৰ পৰা কোনো উত্তৰ নোপোৱাৰ পিছত যুৱতীগৰাকীয়ে আৰক্ষীক ফোন কৰে।

যুৱতীগৰাকীৰ  সকলো কথা শুনি  পুলিচ বিষয়াজনে প্ৰথমে ক'লে, "প্ৰেমিকজনক বিচাৰি উলিওৱাটো খুব জৰুৰী নেকি?" এই কথা শুনি ছোৱালীজনীয়ে আকৌ কান্দিবলৈ ধৰিলে। ক'লে- "মই বুজিব পৰা নাই তেওঁ মোৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে! সেইটোৱেই মই জানিব বিচাৰো।"

পুলিচ বিষয়াজনে তেতিয়া যুৱতীগৰাকীক সুধিলে, "বাৰু, যদি তেওঁ আগতেও ইমান বেয়া ব্যৱহাৰ কৰি আহিছে, তেন্তে তাৰ পিছতো তেওঁৰ লগত পুনৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে নেকি আপুনি? তাৰ পৰিৱৰ্তে তেওঁৰ মোবাইল নম্বৰটো ব্লক কৰক। তেওঁৰ লগত সকলো সম্পৰ্ক কাটি পেলাওক। আপোনাৰ নিজৰ মংগলৰ বাবেই এনে হৈছে বুলি ভাবি লওক।”

আৰক্ষীৰ এই উত্তৰ শুনি ছোৱালীজনীও হতভম্ব হৈ পৰে। কৰ্তব্যৰত আৰক্ষী বিষয়াজনে ফোন কলটোত  দিয়া উত্তৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়