--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজনী ছোৱালীয়ে কান্দি কান্দি ফোনত পুলিচক ক’লে- "ছাৰ, মোৰ প্ৰেমিকজনে মোক এৰি পলাই গৈছে। অনুগ্ৰহ কৰি তাক বিচাৰি উলিয়াওক।" কৰ্তব্যৰত আৰক্ষী বিষয়াজনে এনে অনুৰোধ শুনি অলপ হতভম্ব হৈ পৰিল। যুৱতীগৰাকীক সান্ত্বনা দিবলৈ লওঁতেই পুনৰ ছোৱালীজনীয়ে তেওঁক ক’লে- "ছাৰ,  মোৰ লগত তেওঁ কিয় ব্ৰেকআপ কৰিলে, সেই কথাটো তাক সুধিবচোন!"

চীনৰ ঝেজিয়াং প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। চাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশিত এক বাতৰি অনুসৰি, যুৱতীগৰাকীৰ এজন যুৱকৰ স’তে ৬ বছৰীয়া সম্পৰ্ক আছিল। কিন্তু যুৱকজনে হঠাতে সেই সম্পৰ্ক ভাঙি পেলালে। সেই যুৱক তথা প্ৰেমিকজনৰ পৰা কোনো উত্তৰ নোপোৱাৰ পিছত যুৱতীগৰাকীয়ে আৰক্ষীক ফোন কৰে।

যুৱতীগৰাকীৰ  সকলো কথা শুনি  পুলিচ বিষয়াজনে প্ৰথমে ক'লে, "প্ৰেমিকজনক বিচাৰি উলিওৱাটো খুব জৰুৰী নেকি?" এই কথা শুনি ছোৱালীজনীয়ে আকৌ কান্দিবলৈ ধৰিলে। ক'লে- "মই বুজিব পৰা নাই তেওঁ মোৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে! সেইটোৱেই মই জানিব বিচাৰো।"

পুলিচ বিষয়াজনে তেতিয়া যুৱতীগৰাকীক সুধিলে, "বাৰু, যদি তেওঁ আগতেও ইমান বেয়া ব্যৱহাৰ কৰি আহিছে, তেন্তে তাৰ পিছতো তেওঁৰ লগত পুনৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰে নেকি আপুনি? তাৰ পৰিৱৰ্তে তেওঁৰ মোবাইল নম্বৰটো ব্লক কৰক। তেওঁৰ লগত সকলো সম্পৰ্ক কাটি পেলাওক। আপোনাৰ নিজৰ মংগলৰ বাবেই এনে হৈছে বুলি ভাবি লওক।”

আৰক্ষীৰ এই উত্তৰ শুনি ছোৱালীজনীও হতভম্ব হৈ পৰে। কৰ্তব্যৰত আৰক্ষী বিষয়াজনে ফোন কলটোত  দিয়া উত্তৰ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ