--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ক্ৰমাত্‍ কনট্ৰ’ভাৰ্ছী কুইনত পৰিণত হৈছে নুছৰত জাহান! অন্তঃসত্ত্বা হৈ থকা সময়ছোৱাত এটা বিজ্ঞাপনত শ্বুটিং কৰি ট্ৰ’ল খাইছিল নুছৰতে। সেই বিজ্ঞাপনটোৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে তুমুল বিতৰ্কৰ সুত্ৰপাত হৈছিল। তাৰ পাছতো গা নলৰা নুছৰতে এইবাৰ আৰু এটা বিবাদত সাঙুৰ খাই পৰিছে। শেহতীয়াকৈ ডিটাৰজেণ্ট পাউডাৰৰ এক বিজ্ঞাপনক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত সাংসদ অভিনেত্ৰী। বিগত মাহৰ পৰাই ব্যক্তিগত জীৱনক লৈ নানা বিতৰ্কিত আখ্যানে চুই গৈছেহি নুছৰতক। পুত্ৰ সন্তান জন্মৰ পাছতো বিতৰ্কৰ কাঠগড়াত সোমা‌ই পৰিছিল তেওঁ। স্বামী নিখিল জৈনৰ সৈতে বিচ্ছেদৰ পাছত যশ গুপ্তাৰে নতুন সম্পৰ্ক গঢ় দিয়াৰ বিষয়ে অৱগত সকলো। পুত্ৰৰ জন্ম প্ৰমাণ-পত্ৰতো জলপল-পটপটকৈ যশ গুপ্তাৰ নাম খোদিত হৈ আছে। ক্ৰমাগত কটাক্ষ, নিন্দা, সমালোচনাৰ চিকাৰ হৈ আহিছে অভিনেত্ৰীগৰাকীয়ে।

অৱশ্যে ইমান কটুবাক্য শুনাৰ পাছতো নিৰ্বিকাৰ নুছৰত। ট্ৰ’লক কেৰেপ নকৰা নুছৰতৰ শেহতীয়া বিতৰ্কই পুনৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। আশা ডিটাৰজেণ্ট পাউডাৰৰ বিজ্ঞাপন প্ৰকাশৰ পাছত সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীক একাংশৰ কটাক্ষ, ‘ নিজৰ চৰিত্ৰও এবাৰ ডিটাৰজেণ্ট পাউডাৰেৰ ধুই লওক, আশা কৰোঁ পৰিস্কাৰ হ’ব।’ এগৰাকী সাংসদ হৈও ডিটাৰজেণ্টৰ বিজ্ঞাপনত শ্বুটিং কৰাৰ পাছত একাংশৰ প্ৰশ্ন, ‘ডিটাৰজেণ্ট পাউডাৰেৰে কাপোৰ দাগ গুচাব পাৰি কিন্তু আপোনাৰ চৰিত্ৰৰ দাগ মচিব কোনে?’ দৰাচলতে, নিখিলৰ সৈতে বিবাহ বিচ্ছেদৰ পাছৰে পৰা একাংশই তীক্ষ্ণ দৃষ্টি ৰাখিছে তেওঁৰ ওপৰত। কিন্তু শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত বিবাহ বিচ্ছেদৰ বাবে নিখিলকে দোষাৰোপ কৰিছে। অৱশ্যে, পৰৱৰ্তী সময়ত নিখিলে এই অভিযোগ খাৰিজ কৰিছিল। তথাপি উত্‍কন্ঠাৰ অৱসান ঘটা নাই। এইবাৰ, ডিটাৰজেণ্ট পাউডাৰৰ ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে নুছৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে একাংশই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ