--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ক্ৰমাত্‍ কনট্ৰ’ভাৰ্ছী কুইনত পৰিণত হৈছে নুছৰত জাহান! অন্তঃসত্ত্বা হৈ থকা সময়ছোৱাত এটা বিজ্ঞাপনত শ্বুটিং কৰি ট্ৰ’ল খাইছিল নুছৰতে। সেই বিজ্ঞাপনটোৰ ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে তুমুল বিতৰ্কৰ সুত্ৰপাত হৈছিল। তাৰ পাছতো গা নলৰা নুছৰতে এইবাৰ আৰু এটা বিবাদত সাঙুৰ খাই পৰিছে। শেহতীয়াকৈ ডিটাৰজেণ্ট পাউডাৰৰ এক বিজ্ঞাপনক কেন্দ্ৰ কৰি পুনৰ বিতৰ্কত সাংসদ অভিনেত্ৰী। বিগত মাহৰ পৰাই ব্যক্তিগত জীৱনক লৈ নানা বিতৰ্কিত আখ্যানে চুই গৈছেহি নুছৰতক। পুত্ৰ সন্তান জন্মৰ পাছতো বিতৰ্কৰ কাঠগড়াত সোমা‌ই পৰিছিল তেওঁ। স্বামী নিখিল জৈনৰ সৈতে বিচ্ছেদৰ পাছত যশ গুপ্তাৰে নতুন সম্পৰ্ক গঢ় দিয়াৰ বিষয়ে অৱগত সকলো। পুত্ৰৰ জন্ম প্ৰমাণ-পত্ৰতো জলপল-পটপটকৈ যশ গুপ্তাৰ নাম খোদিত হৈ আছে। ক্ৰমাগত কটাক্ষ, নিন্দা, সমালোচনাৰ চিকাৰ হৈ আহিছে অভিনেত্ৰীগৰাকীয়ে।

অৱশ্যে ইমান কটুবাক্য শুনাৰ পাছতো নিৰ্বিকাৰ নুছৰত। ট্ৰ’লক কেৰেপ নকৰা নুছৰতৰ শেহতীয়া বিতৰ্কই পুনৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। আশা ডিটাৰজেণ্ট পাউডাৰৰ বিজ্ঞাপন প্ৰকাশৰ পাছত সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীক একাংশৰ কটাক্ষ, ‘ নিজৰ চৰিত্ৰও এবাৰ ডিটাৰজেণ্ট পাউডাৰেৰ ধুই লওক, আশা কৰোঁ পৰিস্কাৰ হ’ব।’ এগৰাকী সাংসদ হৈও ডিটাৰজেণ্টৰ বিজ্ঞাপনত শ্বুটিং কৰাৰ পাছত একাংশৰ প্ৰশ্ন, ‘ডিটাৰজেণ্ট পাউডাৰেৰে কাপোৰ দাগ গুচাব পাৰি কিন্তু আপোনাৰ চৰিত্ৰৰ দাগ মচিব কোনে?’ দৰাচলতে, নিখিলৰ সৈতে বিবাহ বিচ্ছেদৰ পাছৰে পৰা একাংশই তীক্ষ্ণ দৃষ্টি ৰাখিছে তেওঁৰ ওপৰত। কিন্তু শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত বিবাহ বিচ্ছেদৰ বাবে নিখিলকে দোষাৰোপ কৰিছে। অৱশ্যে, পৰৱৰ্তী সময়ত নিখিলে এই অভিযোগ খাৰিজ কৰিছিল। তথাপি উত্‍কন্ঠাৰ অৱসান ঘটা নাই। এইবাৰ, ডিটাৰজেণ্ট পাউডাৰৰ ভিডিঅ' পোহৰলৈ অহাৰ লগে লগে নুছৰতৰ বিৰুদ্ধে সৰব হৈ পৰিছে একাংশই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু