--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ ২০০৪ চনত বিবাহ বিচ্ছেদ ঘটিছিল। ছেইফ আলী খানতকৈ অমৃতা সিং ১২ বছৰ ডাঙৰ আছিল। গতিকে ছেইফৰ পৰিয়াল এই বিবাহৰ ঘোৰ বিৰোধী আছিল। ১৯৯১ চনত ছেইফ আলী খান আৰু অমৃতা সিঙৰ বিয়া হৈছিল। বিবাহৰ পাছত অমৃতাই নিজৰ কেৰিয়াৰ ত্যাগ কৰিছিল। তেওঁ নিজৰ পৰিয়ালটোক সম্পূৰ্ণ সময় দিবলৈ আৰম্ভ কৰিছিল। দুয়োৰে সংসাৰত এজনী কন্যা আৰু এটি পুত্ৰ সন্তানৰ আগমন ঘটে। কন্যা ছাৰা বৰ্তমান বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী। বিয়াৰ মাত্ৰ ১৩ বছৰৰ পাছতেই ২০০৪ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদ কৰা ছেইফৰ বাবে সহজ নাছিল আৰু তেওঁ অমৃতা সিঙক বিশাল পৰিমাণৰ ধন পৰিশোধ কৰিব লগা হৈছিল। বিবাহ বিচ্ছেদৰ পাছত ক্ষতিপূৰণ হিচাপে অমৃতাই ছেইফৰ পৰা ৫ কোটি টকা দাবী কৰিছিল। অমৃতাৰ দাবী শুনি ছেইফ স্তম্ভিত হৈ পৰিছিল। ছেইফ আলী খানে ইমান টকা দিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে তেওঁ ইমান টকা ক'ৰ পৰা দিব? ছেইফে কৈছিল যে তেওঁ শ্বাহৰুখ খান নহয় আৰু তেওঁৰ ওচৰত ইমান টকা নাই। অৱশ্যে ছেইফে পাছত অমৃতাই দাবী কৰা ৫ কোটি টকা পৰিশোধ কৰিবলৈ সন্মত হৈছিল। ছেইফে অমৃতাক কৈছিল যে তেওঁ প্ৰথমে ২.৫ কোটি টকা দিব আৰু পাছত ২.৫ কোটি টকা দি মুঠ ৫ কোটি পৰিশোধ কৰিব। ছেইফ আলী খানে তেওঁৰ পুত্ৰৰ বয়স ১৮ বছৰ নোহোৱালৈকে অমৃতাক প্ৰতি মাহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এটা সাক্ষাৎকাৰত ছেইফ আলী খানে তেওঁৰ বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল যে তেওঁৰ নিজৰ মৃত্যু পৰ্যন্ত সন্তানৰ দায়িত্ব লৈ যাব। তেওঁ চলচ্চিত্ৰ আৰু বিজ্ঞাপনৰ পৰা যি উপাৰ্জন কৰিছিল সেয়া তেওঁৰ সন্তানক দিয়ে। কেৱল সেয়াই নহয় ছেইফে তেওঁৰ বাংলোটো অমৃতা আৰু তেওঁৰ সন্তানক হস্তান্তৰ কৰিছিল আৰু নিজে এটা ফ্লেটলৈ স্থানান্তৰিত হৈছিল। অমৃতাৰ সৈতে ২০০৪ চনত বিচ্ছেদ হোৱাৰ পাছত ২০১২ চনত কৰীণা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অভিনেতাজন। দুটি পুত্ৰ সন্তান আৰু দ্বিতীয় পত্নী কৰীণা কাপুৰৰ সৈতে বৰ্তমান সুখী সংসাৰ ছেইফ আলী খানৰ। আৰু পঢ়কঃ কৰ’নাই বাধা দিলেও পাতিম বিয়া! গুগল মিটত থাকিব অতিথি, খাদ্য খাব জমেট’ৰ পৰা  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু