--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেতা ছেইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ ২০০৪ চনত বিবাহ বিচ্ছেদ ঘটিছিল। ছেইফ আলী খানতকৈ অমৃতা সিং ১২ বছৰ ডাঙৰ আছিল। গতিকে ছেইফৰ পৰিয়াল এই বিবাহৰ ঘোৰ বিৰোধী আছিল। ১৯৯১ চনত ছেইফ আলী খান আৰু অমৃতা সিঙৰ বিয়া হৈছিল। বিবাহৰ পাছত অমৃতাই নিজৰ কেৰিয়াৰ ত্যাগ কৰিছিল। তেওঁ নিজৰ পৰিয়ালটোক সম্পূৰ্ণ সময় দিবলৈ আৰম্ভ কৰিছিল। দুয়োৰে সংসাৰত এজনী কন্যা আৰু এটি পুত্ৰ সন্তানৰ আগমন ঘটে। কন্যা ছাৰা বৰ্তমান বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী। বিয়াৰ মাত্ৰ ১৩ বছৰৰ পাছতেই ২০০৪ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদ কৰা ছেইফৰ বাবে সহজ নাছিল আৰু তেওঁ অমৃতা সিঙক বিশাল পৰিমাণৰ ধন পৰিশোধ কৰিব লগা হৈছিল। বিবাহ বিচ্ছেদৰ পাছত ক্ষতিপূৰণ হিচাপে অমৃতাই ছেইফৰ পৰা ৫ কোটি টকা দাবী কৰিছিল। অমৃতাৰ দাবী শুনি ছেইফ স্তম্ভিত হৈ পৰিছিল। ছেইফ আলী খানে ইমান টকা দিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে তেওঁ ইমান টকা ক'ৰ পৰা দিব? ছেইফে কৈছিল যে তেওঁ শ্বাহৰুখ খান নহয় আৰু তেওঁৰ ওচৰত ইমান টকা নাই। অৱশ্যে ছেইফে পাছত অমৃতাই দাবী কৰা ৫ কোটি টকা পৰিশোধ কৰিবলৈ সন্মত হৈছিল। ছেইফে অমৃতাক কৈছিল যে তেওঁ প্ৰথমে ২.৫ কোটি টকা দিব আৰু পাছত ২.৫ কোটি টকা দি মুঠ ৫ কোটি পৰিশোধ কৰিব। ছেইফ আলী খানে তেওঁৰ পুত্ৰৰ বয়স ১৮ বছৰ নোহোৱালৈকে অমৃতাক প্ৰতি মাহে ১ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। এটা সাক্ষাৎকাৰত ছেইফ আলী খানে তেওঁৰ বিবাহ বিচ্ছেদৰ কথা উল্লেখ কৰিছিল আৰু কৈছিল যে তেওঁৰ নিজৰ মৃত্যু পৰ্যন্ত সন্তানৰ দায়িত্ব লৈ যাব। তেওঁ চলচ্চিত্ৰ আৰু বিজ্ঞাপনৰ পৰা যি উপাৰ্জন কৰিছিল সেয়া তেওঁৰ সন্তানক দিয়ে। কেৱল সেয়াই নহয় ছেইফে তেওঁৰ বাংলোটো অমৃতা আৰু তেওঁৰ সন্তানক হস্তান্তৰ কৰিছিল আৰু নিজে এটা ফ্লেটলৈ স্থানান্তৰিত হৈছিল। অমৃতাৰ সৈতে ২০০৪ চনত বিচ্ছেদ হোৱাৰ পাছত ২০১২ চনত কৰীণা কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় অভিনেতাজন। দুটি পুত্ৰ সন্তান আৰু দ্বিতীয় পত্নী কৰীণা কাপুৰৰ সৈতে বৰ্তমান সুখী সংসাৰ ছেইফ আলী খানৰ। আৰু পঢ়কঃ কৰ’নাই বাধা দিলেও পাতিম বিয়া! গুগল মিটত থাকিব অতিথি, খাদ্য খাব জমেট’ৰ পৰা  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ