--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্যক্তিগত কোম্পানীত কৰ্মচাৰীৰ কাৰ্যকালৰ স্থায়ীত্ব কিমান সেয়া কোনেও কব নোৱাৰে। মালিকপক্ষই কৰ্মচাৰীক যেতিয়াই মন যায় তেতিয়াই কামৰ পৰা বাহিৰ কৰি দিব পাৰে। শেহতীয়াকৈ এক দুখজনক ঘটনা পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ ইন্দোৰৰ পাৰদেশী পুৰা থানা এলেকাৰ ওচৰত অৱস্থিত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত সাতজন কৰ্মচাৰীয়ে বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলায়। তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা কৰ্মচাৰী সাতজনে একে সময়তে একেলগতে আত্মহত্যা কৰাৰ উদ্দেশ্যে এই বিষাক্ত পদাৰ্থ সেৱন কৰে।

জানিব পৰা অনুসৰি কোম্পানীটোৱে শেহতীয়াকৈ ৭জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল, যাৰ বাবে তেওঁলোকে এই পদক্ষেপ গ্ৰহণ কৰিছিল। বৰ্তমান কৰ্মচাৰীকেইজনক ইন্দোৰৰ এম ৱাই হাস্পতালত ভৰ্তি কৰা হৈছে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে। আত্মহত্যা কৰাসকলৰ ভিতৰত আছে জামনাধৰ বিশ্বকৰ্মা, দীপক সিং, ৰাজেশ মেম’ৰিয়া, দেৱলাল কৰেদিয়া, ৰবি কৰেদিয়া, জিতেন্দ্ৰ ধমনিয়া, শেখৰ বাৰ্মা। ঘটনাৰ পাছৰে পৰা কোম্পানীৰ মালিক ৰবি বাফনা আৰু পুনীত আজমেৰা সন্ধানহীন হৈ আছে। বৰ্তমান পৰদেশী পুৰা আৰক্ষীয়ে গোচৰৰ তদন্তত নিয়োজিত হৈ আছে।

সাতজন কৰ্মচাৰীকে হঠাতে মালিকে কোম্পানীটোৰ পৰা বাহিৰ কৰি দিয়ে, যাৰ বাবে হতাশাৰ বলি হৈ কৰ্মচাৰীকেইজনে এই পদক্ষেপ গ্ৰহণ কৰে। সমগ্ৰ ঘটনাটো পাৰদেশীপুৰা থানা এলেকাৰ আজমেৰা ৱায়াৰ কোম্পানীৰ। কোম্পানীটোৱে মডুলাৰ পাকঘৰৰ সামগ্ৰী নিৰ্মাণৰ কাম কৰে। ইয়াত ১৫ৰ পৰা ২০জন কৰ্মচাৰীয়ে কাম কৰে। কোম্পানীটোৰ এজন কৰ্মচাৰীয়ে জনোৱা মতে, দুদিন পূৰ্বে কোম্পানীটোৰ মালিক ৰবি বাফনা আৰু পুনীত আজমেৰাই ৭জন কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। এতিয়া কোম্পানীত আপোনালোকৰ বাবে কাম নাই বুলি কৈ হঠাতে তেওঁলোকক কোম্পানীৰ পৰা বৰ্খাস্ত কৰা হৈছিল। সাতজন কৰ্মচাৰীয়েই যোৱা ২০ বছৰ ধৰি এই কোম্পানীত কাম কৰি আছিল।

হঠাতে কামৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে কৰ্মচাৰীকেইজন ডিপ্ৰেছনত ভুগে। যাৰ বাবে বৃহস্পতিবাৰে পুৱা সকলো কৰ্মচাৰীয়ে কোম্পানীটোৰ গেটত উপস্থিত হৈছিল আৰু সকলোৱে একেলগে বিহ খাইছিল। 

তদন্তকাৰী বিষয়া অজয় ​​সিং কুশৱাহাই কয় যে কোম্পানীটোত ২০ জন কৰ্মচাৰীয়ে কাম কৰে আৰু কোম্পানীটোৰ কাম যোৱা ৭ মাহৰ পৰা বন্ধ আছিল, নিয়োগকৰ্তাই আনকি কৰ্মচাৰীসকলক ৭ মাহৰ দৰমহা দিয়া নাছিল। ইয়াৰ পাছত এইবাৰ তেওঁলোকক বাহিৰ কৰি দিয়া হয়। আটাইকেইজন কৰ্মচাৰী চিকিৎসাধীন হৈ আছে, যাৰ বাবে আমি তেওঁলোকৰ বক্তব্য ল’ব পৰা নাই, সকলোৰে বক্তব্যৰ পিছত আমি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিম।''









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান