--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ ধৰি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকালৈ টেষ্ট খেলিবলৈ আহে। কিন্তু ছবিখন সলনি নহয়। ৰোহিত শৰ্মাবাহিনীয়ে এইবাৰো শৃংখলাৰ প্ৰথম টেষ্টত পৰাস্ত হৈছে। চেঞ্চুৰিয়ানত বেটিং বিফলতাৰে অন্ত পৰা মেচখনত ভাৰতে ৩২ ৰান আৰু এটা ইনিংছত পৰাস্ত হয়।

প্ৰথম ইনিংছত ভাৰতে ২৪৫ ৰান সংগ্ৰহ কৰে। সেই ইনিংছত যদি লোকেশ ৰাহুলে ১০১ ৰানৰ ইনিংছ নেখেলিলেহেঁতেন তেন্তে ভাৰতে তাতোতকৈও কম ৰানেৰে ইন্ংছৰ অন্ত পেলালেহেঁতেন। সেই ইনিংছত ৰোহিত, ইয়াছৱী জয়ছৱাল, শুবমান গিলে দক্ষিণ আফ্ৰিকাৰ পেচাৰক চম্ভালিব নোৱাৰিলে। 

প্ৰথম ইনিংছত কাগিছ’ ৰাবাডাই ৫টা উইকেট দখল কৰে। ভাৰতৰ দ্বিতীয় ইনিংছত আন্দ্ৰে বাৰ্গাৰে ৪টা উইকেট দখল কৰে। মাৰ্কো জান্সেনে ৩ উইকেট দখল কৰে। বাওঁহাতৰ পেচাৰ দুগৰাকীয়ে বুজাই দিলে ভাৰতীয় বেটছমেনৰ ক’ত অভাৱ। দক্ষিণ আফ্ৰিকাৰ খেলপথাৰত খেলিবলৈ বাউন্স আৰু ছুইং দুয়োটাকে চম্ভালিব লাগে। ভাৰতীয় বেটছমেনে সেয়া কৰিব নোৱাৰিলে।

ইফালে বিৰাট কোহলীয়ে দ্বিতীয় ইনিংছত ৮২টা বলত ৭৬ ৰানৰ ইনিংছ খেলিছিল। বিৰাটে ১২টা চাৰি আৰু এটা ছয় কৰে। এদিনৰ ক্ৰিকেটৰ মুডত আছিল তেওঁ।

এতিয়া দ্বিতীয়খন টেষ্টৰ পূৰ্বে ভাৰতে ৰাবাদাৰক কেনেদৰে চম্ভালিব সেইটো বুজিব লাগিব। কেৱল বেটছমেনেই নহয়, প্ৰসিদ্ধ কৃষ্ণকে ধৰি বলাৰসকলেও এই ক্ষতিৰ দায়িত্ব ল’ব লগা হৈছে। জাছপ্ৰিত বুমৰাহৰ বাহিৰেও দক্ষিণ আফ্ৰিকাত ভাৰতীয় পেচাৰৰ ভিতৰত কোনো বলাৰক চম্ভালিব পৰা গতি নাছিল। জীৱনৰ অন্তিমখন টেষ্ট শৃংখলাত ১৮৫ ৰান সংগ্ৰহ কৰা ডিন এলগাৰে কেৱল বুমৰাহৰ অভাৰ সতৰ্কতাৰে খেলিছিল। জান্সেনৰ ৮৪ ৰানৰ ইনিংছ ভাৰতৰ বাকী বলাৰৰ বলিঙ বুজাবলৈ যথেষ্ট।

মহম্মদ ছামি এই ধাৰাবাহিকত নাই। ৰেডবল ক্ৰিকেটত তেওঁৰ অনুপস্থিতিৰ ক্ষতি ভাৰতে অনুভৱ কৰিলে। শাৰদুল ঠাকুৰ আৰু প্ৰসিদ্ধে মিলি ১৯৪ ৰান খৰচ কৰে। তেওঁলোকে কেৱল এটাকৈ উইকেট দখল কৰে। মহম্মদ চিৰাজে ৯১ ৰানেৰে ২টা উইকেট দখল কৰে। তাত বুমৰাহে ৬৯ ৰানেৰে ৪টা উইকেট দখল কৰে। ৰবিচন্দ্ৰন অশ্বিনে পেচ চাপৰ্টিং পিটচত বলিং কৰাৰ পিছতো ৪১ ৰানেৰে এটা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাত দুখন টেষ্ট শৃংখলা খেলিবলৈ আহিছে ভাৰত। অহা বছৰৰ ৩ জানুৱাৰীৰ পৰা কেপ টাউনত অনুষ্ঠিত হ’বলগীয়া টেষ্টত ৰোহিতে জয়লাভ কৰিলেও তেওঁলোকে এই শৃংখলাত জয়ী হ’ব নোৱাৰিব। এতিয়া লক্ষ্য হৈছে শৃংখলা ৰক্ষা কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?