--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰৰ পিছত বছৰ ধৰি ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকালৈ টেষ্ট খেলিবলৈ আহে। কিন্তু ছবিখন সলনি নহয়। ৰোহিত শৰ্মাবাহিনীয়ে এইবাৰো শৃংখলাৰ প্ৰথম টেষ্টত পৰাস্ত হৈছে। চেঞ্চুৰিয়ানত বেটিং বিফলতাৰে অন্ত পৰা মেচখনত ভাৰতে ৩২ ৰান আৰু এটা ইনিংছত পৰাস্ত হয়।

প্ৰথম ইনিংছত ভাৰতে ২৪৫ ৰান সংগ্ৰহ কৰে। সেই ইনিংছত যদি লোকেশ ৰাহুলে ১০১ ৰানৰ ইনিংছ নেখেলিলেহেঁতেন তেন্তে ভাৰতে তাতোতকৈও কম ৰানেৰে ইন্ংছৰ অন্ত পেলালেহেঁতেন। সেই ইনিংছত ৰোহিত, ইয়াছৱী জয়ছৱাল, শুবমান গিলে দক্ষিণ আফ্ৰিকাৰ পেচাৰক চম্ভালিব নোৱাৰিলে। 

প্ৰথম ইনিংছত কাগিছ’ ৰাবাডাই ৫টা উইকেট দখল কৰে। ভাৰতৰ দ্বিতীয় ইনিংছত আন্দ্ৰে বাৰ্গাৰে ৪টা উইকেট দখল কৰে। মাৰ্কো জান্সেনে ৩ উইকেট দখল কৰে। বাওঁহাতৰ পেচাৰ দুগৰাকীয়ে বুজাই দিলে ভাৰতীয় বেটছমেনৰ ক’ত অভাৱ। দক্ষিণ আফ্ৰিকাৰ খেলপথাৰত খেলিবলৈ বাউন্স আৰু ছুইং দুয়োটাকে চম্ভালিব লাগে। ভাৰতীয় বেটছমেনে সেয়া কৰিব নোৱাৰিলে।

ইফালে বিৰাট কোহলীয়ে দ্বিতীয় ইনিংছত ৮২টা বলত ৭৬ ৰানৰ ইনিংছ খেলিছিল। বিৰাটে ১২টা চাৰি আৰু এটা ছয় কৰে। এদিনৰ ক্ৰিকেটৰ মুডত আছিল তেওঁ।

এতিয়া দ্বিতীয়খন টেষ্টৰ পূৰ্বে ভাৰতে ৰাবাদাৰক কেনেদৰে চম্ভালিব সেইটো বুজিব লাগিব। কেৱল বেটছমেনেই নহয়, প্ৰসিদ্ধ কৃষ্ণকে ধৰি বলাৰসকলেও এই ক্ষতিৰ দায়িত্ব ল’ব লগা হৈছে। জাছপ্ৰিত বুমৰাহৰ বাহিৰেও দক্ষিণ আফ্ৰিকাত ভাৰতীয় পেচাৰৰ ভিতৰত কোনো বলাৰক চম্ভালিব পৰা গতি নাছিল। জীৱনৰ অন্তিমখন টেষ্ট শৃংখলাত ১৮৫ ৰান সংগ্ৰহ কৰা ডিন এলগাৰে কেৱল বুমৰাহৰ অভাৰ সতৰ্কতাৰে খেলিছিল। জান্সেনৰ ৮৪ ৰানৰ ইনিংছ ভাৰতৰ বাকী বলাৰৰ বলিঙ বুজাবলৈ যথেষ্ট।

মহম্মদ ছামি এই ধাৰাবাহিকত নাই। ৰেডবল ক্ৰিকেটত তেওঁৰ অনুপস্থিতিৰ ক্ষতি ভাৰতে অনুভৱ কৰিলে। শাৰদুল ঠাকুৰ আৰু প্ৰসিদ্ধে মিলি ১৯৪ ৰান খৰচ কৰে। তেওঁলোকে কেৱল এটাকৈ উইকেট দখল কৰে। মহম্মদ চিৰাজে ৯১ ৰানেৰে ২টা উইকেট দখল কৰে। তাত বুমৰাহে ৬৯ ৰানেৰে ৪টা উইকেট দখল কৰে। ৰবিচন্দ্ৰন অশ্বিনে পেচ চাপৰ্টিং পিটচত বলিং কৰাৰ পিছতো ৪১ ৰানেৰে এটা উইকেট দখল কৰে।

দক্ষিণ আফ্ৰিকাত দুখন টেষ্ট শৃংখলা খেলিবলৈ আহিছে ভাৰত। অহা বছৰৰ ৩ জানুৱাৰীৰ পৰা কেপ টাউনত অনুষ্ঠিত হ’বলগীয়া টেষ্টত ৰোহিতে জয়লাভ কৰিলেও তেওঁলোকে এই শৃংখলাত জয়ী হ’ব নোৱাৰিব। এতিয়া লক্ষ্য হৈছে শৃংখলা ৰক্ষা কৰা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক