--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে আৰম্ভণিৰে পৰাই তেওঁ চুই বলিং সতৰ্কতাৰে চম্ভালি আছিল। কিন্তু দেৰিকৈ ছুইং হোৱা এঠা ডেলিভাৰীৰ ফলত বিপদৰ সৃষ্টি হৈছিল। চেঞ্চুৰিয়ানৰ গতিশীল আৰু বাউন্সি উইকেটত ক্ৰমান্বয়ে অদৃশ্য হৈ পৰা এটা বলেৰে বিৰাট কোহলীক আউট কৰে কাগিছ’ ৰাবাডাই। বলটো বেট স্পৰ্শ কৰি উইকেটৰক্ষক কাইল ভাৰ্নৰ গ্ল’ভছত পৰিল।

প্ৰথম দিনাৰ খেলখনৰ পিছত সংবাদমেললৈ আহি কোহলীৰ উইকেট লাভ কৰাৰ পিছত দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰগৰাকীৰ মুখত সন্তুষ্টিৰ হাঁহি বিয়পি পৰিল। ৰাবাদাই কয় যে বলৰ অলপ দেৰিকৈ চুইং হ’ল। সেইটোৱেই বিৰাট পৰাজিত হ’ল।’ তেওঁ লগতে কয়, ‘মই নাজানো, হয়তো কিবা কাৰণত বিৰাটে আজি বেছিভাগ ছুইং ডেলিভাৰী খেলিব নোৱাৰিলে। আচলতে তেওঁৰ দৰে বেটছমেনৰ বিৰুদ্ধে সদায় সাৱধান হ’ব লাগিব।’’

ইয়াতে ৰৈ নাথাকি ৰাবাদাই লগতে কয়, ‘ মই গৌৰৱ অনুভৱ কৰিছো। এই দিনটো মোৰ আছিল। ভাৰতীয় দলত বহু অভিজ্ঞ ক্ৰিকেটাৰ আছে। ২০৮-৮ স্ক’ৰ সেই সময়ত যথেষ্ট আৰামদায়ক।''

বিৰাটৰ উপৰিও ৰাবাদাই কে এল ৰাহুলৰ বেটিঙৰ কথাও কয়। তেওঁ কয়, “তেওঁৰ শ্বট প্লেনিং বহুত ভাল। ডিফেন্সও অতি উত্তম। এনে পৰিস্থিতিত এজন বেটছমেন আগবাঢ়ি আহিব লগা হয়। ৰাহুলে আজি সেই কৰ্তব্য সহজেই পালন কৰিছে।''

ৰাবাদাই কয় যে তেওঁ সেইদিনা ৬৫টা বল ভৰিৰ ফালে নিক্ষেপ কৰাৰ পৰিকল্পনা কৰিছিল। লেগ স্লিপ এটাও ৰখা হৈছিল। এনে চিন্তা কিয়? ৰাবাদাই উত্তৰ দিলে, “জেনচেন আৰু বাৰ্গাৰ বাওঁহাতৰ পেচাৰ। অহৰহ আক্ৰমণ চলাই আছিল। দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত টেম্বা বাভুমাই তেওঁক লেগ স্লিপৰ সৈতে সেইদৰে বলিং কৰিবলৈ ক’লে। সেইটোৱে সফলতা কঢ়িয়াই আনিব। বিৰাটৰ উভতি অহাৰ পিছত কৌশল সলনি হ’ল।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু