--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বনৰ জগতখনৰ অন্যতম প্ৰত্যাশিত নিশা মেট গালা অৱশেষত আহিল৷ছ’চিয়েল মিডিয়াত নিউয়ৰ্কৰ দ্য মেট্ৰ’পলিটান মিউজিয়াম অৱ আৰ্টত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ কথা-বতৰা, ছবি আৰু ভিডিঅ বিয়পি পৰিছে। অৱশ্যে নিশাৰ আলোকপাত কেৱল চেলিব্ৰিটিৰ উপস্থিতি বা আলিয়া ভাটৰ অভিষেকেই নাছিল। এই অনুষ্ঠানত অভাৱনীয় অতিথি এজনৰো আবিৰ্ভাৱ হ’ল, আৰু কোনোবাই অনুমান কৰিব পৰা মানুহ নাছিল। ই আছিল এটা পইতাঁচোৰা, আৰু ইয়াৰ এটা ভিডিঅ' অনলাইন ভাইৰেল হৈছে।

ভেৰাইটিয়ে প্ৰথমে এতিয়া ভাইৰেল হোৱা এই ভিডিঅ’টো টুইটাৰত পোষ্ট কৰিছিল, য’ত দেখা গৈছে যে ৰেড কাৰ্পেটত এটা পইতাঁচোৰাক অসাৱধানতাৰে খোজ কাঢ়ি থকাৰ সময়তে এজন ফটোগ্ৰাফাৰে ইয়াক বন্দী কৰিবলৈ লৰালৰিকৈ গৈছিল। পোষ্টটোৰ কেপচনত লিখা আছিল, "#MetGala ত এটা পইতাঁচোৰা উপস্থিত হৈছে, আৰু তাৰ পিছত ইয়াক ৪৪ লাখৰো অধিক ভিউজ লাভ কৰিছে।

টুইটাৰ ব্যৱহাৰকাৰীসকলে অনিমন্ত্ৰিত অতিথিগৰাকীক লৈ ধেমালি কৰি এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে সুধিছিল, “Omg, তাই কি পিন্ধিছে?” আনহাতে আন এজনে মন্তব্য কৰিছিল, "বেষ্ট ড্ৰেছড এভাৰ"

এনে ঘটনাক লৈ বৰ্তমান সামাজিক মাধ্যমত যথেষ্ট তোলপাৰৰ সৃষ্টি হৈছে৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস