--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ  দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে সমালোচনাত মুখৰ হ’ল উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নী কিম ইয়ো জং।  কিম ইয়োই কয় যে দক্ষিণ কোৰিয়াই নিজৰ ধ্বংসৰ বাট মুকলি কৰিছে। কিম জং উনৰ ভগ্নী কিম ইয়ো জঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দক্ষিণ কোৰিয়াই কৰা  সামৰিক চুক্তিৰ বিষয়টোকলৈয়েই  একে ধৰণে সতৰ্কবাণী শুনায়। 

শনিবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী বাতৰি কাকত কেচিএনএ-ই   ইয়ো জঙৰ মন্তব্যৰ উদ্ধৃতি দি কয় যে "দক্ষিণ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সামৰিক চুক্তি কৰাৰ মূল্য  পৰিশোধ কৰিব লাগিব।" উল্লেখ্য দুই কোৰিয়াই এতিয়া  নিৰাপত্তা শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।  ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ কোৰিয়াৰ সৈতে সামৰিক সহযোগিতা ৰক্ষা  কৰি আহিছে। এয়া  উত্তৰ কোৰিয়াৰ বাবে মূৰৰ বিষ স্বৰূপ হৈ পৰিছে। সেয়েহে কিম জং উনে মাজে মাজে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ কম দূৰত্বৰ বা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰি আহিছে। 

এইবাৰ, কিমৰ ভনীয়েকে এখোজ আগুৱাই গৈ  মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনকো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সতৰ্ক কৰি দিছে।  অৱশ্যে, সামৰিক বিশেষজ্ঞসকলৰ মতে, আমেৰিকাই উত্তৰ কোৰিয়াৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই ৰণনীতি গ্ৰহণ কৰিছে। দক্ষিণ কোৰিয়াক আমেৰিকাই  অস্ত্ৰ-শস্ত্ৰৰ যোগানৰ উপৰি মাজে মাজে দুয়োখন দেশৰ মাজত সামৰিক অনুশীলনৰ আয়োজন কৰি আহিছে।  অৱশ্যে উত্তৰ কোৰিয়াই এনে  সামৰিক অনুশীলনক গুৰুত্বসহকাৰে ল'বলৈ অস্বীকাৰ কৰি আহিছে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে নিজকে বিশ্বৰ আগত শক্তিশালী দেশ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা চলাই গৈছে। একে সময়তে, কিমৰ দেশে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে যে উত্তৰ কোৰিয়াই  যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু।

এই সপ্তাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক-য়'লক  সাক্ষাৎ কৰিছে। তেওঁ আশ্বাস দিছিল যে আমেৰিকাৰ সহযোগত দক্ষিণ কোৰিয়া সামৰিকভাৱে অধিক শক্তিশালী হৈ উঠিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস