--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ  দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে সমালোচনাত মুখৰ হ’ল উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নী কিম ইয়ো জং।  কিম ইয়োই কয় যে দক্ষিণ কোৰিয়াই নিজৰ ধ্বংসৰ বাট মুকলি কৰিছে। কিম জং উনৰ ভগ্নী কিম ইয়ো জঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে দক্ষিণ কোৰিয়াই কৰা  সামৰিক চুক্তিৰ বিষয়টোকলৈয়েই  একে ধৰণে সতৰ্কবাণী শুনায়। 

শনিবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী বাতৰি কাকত কেচিএনএ-ই   ইয়ো জঙৰ মন্তব্যৰ উদ্ধৃতি দি কয় যে "দক্ষিণ কোৰিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে সামৰিক চুক্তি কৰাৰ মূল্য  পৰিশোধ কৰিব লাগিব।" উল্লেখ্য দুই কোৰিয়াই এতিয়া  নিৰাপত্তা শক্তিশালী কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।  ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি দক্ষিণ কোৰিয়াৰ সৈতে সামৰিক সহযোগিতা ৰক্ষা  কৰি আহিছে। এয়া  উত্তৰ কোৰিয়াৰ বাবে মূৰৰ বিষ স্বৰূপ হৈ পৰিছে। সেয়েহে কিম জং উনে মাজে মাজে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ কম দূৰত্বৰ বা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰি আহিছে। 

এইবাৰ, কিমৰ ভনীয়েকে এখোজ আগুৱাই গৈ  মাৰ্কিন ৰাষ্ট্ৰপতি জো বিদেনকো ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সতৰ্ক কৰি দিছে।  অৱশ্যে, সামৰিক বিশেষজ্ঞসকলৰ মতে, আমেৰিকাই উত্তৰ কোৰিয়াৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ এই ৰণনীতি গ্ৰহণ কৰিছে। দক্ষিণ কোৰিয়াক আমেৰিকাই  অস্ত্ৰ-শস্ত্ৰৰ যোগানৰ উপৰি মাজে মাজে দুয়োখন দেশৰ মাজত সামৰিক অনুশীলনৰ আয়োজন কৰি আহিছে।  অৱশ্যে উত্তৰ কোৰিয়াই এনে  সামৰিক অনুশীলনক গুৰুত্বসহকাৰে ল'বলৈ অস্বীকাৰ কৰি আহিছে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে নিজকে বিশ্বৰ আগত শক্তিশালী দেশ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা চলাই গৈছে। একে সময়তে, কিমৰ দেশে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব বিচাৰে যে উত্তৰ কোৰিয়াই  যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সাজু।

এই সপ্তাহৰ আৰম্ভণিতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি য়ুন চুক-য়'লক  সাক্ষাৎ কৰিছে। তেওঁ আশ্বাস দিছিল যে আমেৰিকাৰ সহযোগত দক্ষিণ কোৰিয়া সামৰিকভাৱে অধিক শক্তিশালী হৈ উঠিব। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়