--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।

এক প্ৰতিবেদন অনুসৰি ইছলাম বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে ২০৬০ চনৰ ভিতৰত বৰ্তমানৰ তুলনাত মুছলমানৰ জনসংখ্যা বহুগুণ বৃদ্ধি হ’বলৈ গৈ আছে।

এই মুহূৰ্তত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ২০ কোটি। জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ পিছতেই আছে ইছলাম ধৰ্ম।

‘The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ বৃদ্ধি পাইছে। এইদৰে বৃদ্ধি পালে ২০৬০ চনত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’বলৈ গৈ আছে।

যদি সেয়ে হয় তেন্তে বিশ্বৰ ভিতৰত ভাৰতেই হ’ব সৰ্বাধিক মুছলমান লোক বাস কৰা ৰাষ্ট্ৰ। ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে।

সমীক্ষা অনুসৰি, ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

সংস্থাটোৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে একে সময়তে বিশ্বৰ ৯.৫ শতাংশ মুছলমান জনসংখ্যা পাকিস্তানত আৰু ৬.১ শতাংশ বাংলাদেশত থাকিব। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৯.৪ শতাংশ হ’ব ভাৰতৰ মুছলমান জনসংখ্যা, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ ১১.১ শতাংশ।

ইতিহাসত প্ৰথমবাৰৰ বাবে মুছলমানৰ সংখ্যা বিশ্বজুৰি খ্ৰীষ্টানৰ সংখ্যাৰ প্ৰায় সমান হ’ব। পিউ ৰিচাৰ্চৰ হিচাপ অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বত ২.৮ বিলিয়ন মুছলমান আৰু ২.৯ বিলিয়ন খ্ৰীষ্টান থাকিব।

ইউৰোপত মুঠ জনসংখ্যাৰ ১০ শতাংশ হ’ব মুছলমান। আমেৰিকাত ২০১০ চনৰ খ্ৰীষ্টান জনসংখ্যাৰ তিনি চতুৰ্থাংশতকৈ অধিকৰ পৰা ২০৫০ চনত দুই তৃতীয়াংশলৈ হ্ৰাস পাব। আৰু দেশখনত ধৰ্মৰ ফালৰ পৰা ইহুদীতকৈ মুছলমানৰ সংখ্যা বেছি হ’ব।

উল্লেখ্য যে এই সমীক্ষা অনুসৰি আগন্তুক ১০ বছৰত বিশ্বৰ জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব। আনহাতে, মুছলমান জনসংখ্যা প্ৰায় ৭০ শতাংশ বৃদ্ধি পাব। ২০৬০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অসাধাৰণ স্মৃতিশক্তি! মাত্ৰ ১ বছৰ ১০ মাহ বয়সতে ‘ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ’ত নাম অন্তৰ্ভুক্ত যমুনামুখৰ আৰহাম আহমেদৰ
বাঘবৰত কিশোৰীক ধৰ্ষ*ণ কৰি হ*ত্যা; ৩ কিশোৰক আটক
ধিঙৰ ডুমডুমীয়াত কুখ্যাত গৰু চোৰ হামিদ আলী আৰু ছাদ্দাম হুছেইনক আটক
বতৰৰ সতর্কবাণী পদ্ধতিত বিৰক্ত দেশবাসী
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য