--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতি সোনকালেই ইছলাম হ’ব বিশ্বৰ সকলোতকৈ বেছি জনসংখ্যা থকা ধৰ্ম। অতি সোনকালেই খীষ্ট্ৰানক অতিক্ৰম কৰিব মুছলমানে।

এক প্ৰতিবেদন অনুসৰি ইছলাম বিশ্বৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ধৰ্ম। বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে ২০৬০ চনৰ ভিতৰত বৰ্তমানৰ তুলনাত মুছলমানৰ জনসংখ্যা বহুগুণ বৃদ্ধি হ’বলৈ গৈ আছে।

এই মুহূৰ্তত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ২০ কোটি। জনসংখ্যাৰ ক্ষেত্ৰত খ্ৰীষ্টান ধৰ্মৰ পিছতেই আছে ইছলাম ধৰ্ম।

‘The Future of World Religions: Population Growth Projections, 2010-2050’ শীৰ্ষক প্ৰতিবেদন অনুসৰি ২০১৫ চনত মুছলমান জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৭০ শতাংশ বৃদ্ধি পাইছে। এইদৰে বৃদ্ধি পালে ২০৬০ চনত সমগ্ৰ বিশ্বতে মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’বলৈ গৈ আছে।

যদি সেয়ে হয় তেন্তে বিশ্বৰ ভিতৰত ভাৰতেই হ’ব সৰ্বাধিক মুছলমান লোক বাস কৰা ৰাষ্ট্ৰ। ভাৰতত মুছলমানৰ সংখ্যাই হয়তো বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াক অতিক্ৰম কৰিব পাৰে।

সমীক্ষা অনুসৰি, ২০৬০ চনত ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব যদিও ২০৬০ চনত ভাৰতত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৩ কোটি হ’বগৈ। সেয়ে বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান জনসংখ্যা ভাৰতত থাকিব।

সংস্থাটোৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে একে সময়তে বিশ্বৰ ৯.৫ শতাংশ মুছলমান জনসংখ্যা পাকিস্তানত আৰু ৬.১ শতাংশ বাংলাদেশত থাকিব। ভাৰতৰ মুঠ জনসংখ্যাৰ ১৯.৪ শতাংশ হ’ব ভাৰতৰ মুছলমান জনসংখ্যা, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ ১১.১ শতাংশ।

ইতিহাসত প্ৰথমবাৰৰ বাবে মুছলমানৰ সংখ্যা বিশ্বজুৰি খ্ৰীষ্টানৰ সংখ্যাৰ প্ৰায় সমান হ’ব। পিউ ৰিচাৰ্চৰ হিচাপ অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বত ২.৮ বিলিয়ন মুছলমান আৰু ২.৯ বিলিয়ন খ্ৰীষ্টান থাকিব।

ইউৰোপত মুঠ জনসংখ্যাৰ ১০ শতাংশ হ’ব মুছলমান। আমেৰিকাত ২০১০ চনৰ খ্ৰীষ্টান জনসংখ্যাৰ তিনি চতুৰ্থাংশতকৈ অধিকৰ পৰা ২০৫০ চনত দুই তৃতীয়াংশলৈ হ্ৰাস পাব। আৰু দেশখনত ধৰ্মৰ ফালৰ পৰা ইহুদীতকৈ মুছলমানৰ সংখ্যা বেছি হ’ব।

উল্লেখ্য যে এই সমীক্ষা অনুসৰি আগন্তুক ১০ বছৰত বিশ্বৰ জনসংখ্যা প্ৰায় ৩২ শতাংশ বৃদ্ধি পাব। আনহাতে, মুছলমান জনসংখ্যা প্ৰায় ৭০ শতাংশ বৃদ্ধি পাব। ২০৬০ চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ মুছলমান জনসংখ্যা প্ৰায় ৩ বিলিয়ন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়