--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ মূৰ দাঙি উঠিছে, এইবাৰ সম্পূৰ্ণ নতুন ৰূপত। পূৰ্বৰ কোভিড প্ৰজাতিবোৰতকৈও অধিক মাৰাত্মক বুলি চিহ্নিত হোৱা কোভিড প্ৰজাতিসমূহে এতিয়া পুনৰ বিশ্ববাসীলৈ মাতি আনিছে ভয়াৱহ বিপদৰ আগজাননী। 

শেহতীয়াকৈ ব্ৰিটেইনত চিনাক্ত হৈছে কৰোনাৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতি।   ফলত ব্ৰিটেইনত পুনৰ আতংক বিয়পি পৰিছে। কাৰণ প্ৰায় দুবছৰ পূৰ্বে কোভিডে ব্ৰিটেইনক মৰিশালীত পৰিণত কৰিছিল।  এতিয়ালৈকে দেশ খনত ৭০০ জনৰো অধিক  লোক এি নতুন প্ৰজাতি দুবিধত  সংক্ৰমিত হৈছে।বিজ্ঞানীসকলে কৈছে  যে কোভিড ভেকছিনেও এনে প্ৰজাতি দুটাক বাধা দিব নোৱাৰে। 

বিজ্ঞানীসকলৰ মতে, এক্সবিবি আৰু বিকিউ.১ দুয়োটাই অত্যন্ত জটিল প্ৰজাতি  আৰু ই ৰোগ প্ৰতিৰোধ প্ৰণালীক পোনপটীয়াকৈ আক্ৰমণ কৰে।  এই দুয়োটা প্ৰকাৰৰ ওপৰত বৰ্তমানৰ ভেকছিনৰ কোনো প্ৰভাৱ নপৰে। বিশেষজ্ঞসকলে নৱেম্বৰ মাহৰ শেষৰ ফালে সমগ্ৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাত এই নতুন  প্ৰজাতি দুটাই অতি শক্তিশালী  কোভিড ঢৌৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে। বিজ্ঞানীসকলৰ মতে এই দুয়োটা প্ৰকাৰ দ্ৰুত-বিস্তাৰ হোৱা  অমাইক্ৰনৰ একেটা গোটৰে প্ৰকাৰ হ'ব পাৰে। 

ব্ৰিটেইনৰ  স্বাস্থ্য আৰু সুৰক্ষা সংস্থাৰ মতে কোভিডৰ নতুন প্ৰকাৰৰ বিষয়ে  অধ্যয়ন চলি আছে আৰু সেইবোৰৰ পৰা সংক্ৰমণ সন্দৰ্ভত কঠোৰ নিৰীক্ষণ কৰা হৈছে। প্ৰথম কৰোনা মহামাৰী আৰম্ভ হোৱাৰ পৰা ভাইৰাছবিধকলৈ  অধ্যয়ন কৰি থকা বাছেল বিশ্ববিদ্যালয়ৰ গৱেষক সকলেও এই প্ৰজাতি দুটাক লৈ চিন্তা  ব্যক্ত কৰিছে।

জীৱবিজ্ঞানী কৰ্ণেলিয়াছ ৰোমাৰে কয়, "আমি এই মুহূৰ্তত যি ধৰণৰ কৰোনা প্ৰজাতিৰ বিষয়ে অধ্যয়ন কৰি আছোঁ, সেয়া আগৰ তুলনাত একেবাৰে বেলেগ দেখা গৈছে।" তেওঁ আঙুলিয়াই দিয়ে যে অমাইক্ৰন সম্ভৱতঃ প্ৰথম প্ৰকাৰ আছিল, যি ৰোগ প্ৰতিৰোধ ক্ষমতা এৰাই চলিছিল।সেইকাৰণে কোভিডৰ  ইমান ডাঙৰ ঢৌৰ সৃষ্টি হৈছিল। এতিয়া প্ৰথমবাৰৰ বাবে আমি দেখিছোঁ যে ইয়াৰ বহুতো বিন্যাস বিভিন্ন ধৰণে উদ্ভৱ হৈছে, য'ত পৰিৱৰ্তন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মাজত সাদৃশ্য আছে। "

ৱাৰউইক বিশ্ববিদ্যালয়ৰ অধ্যাপক লৰেন্স ইয়ঙে যোৱা মাহত প্ৰকাশ কৰিছিল যে প্ৰাৰম্ভিক তথ্যত অমাইক্ৰন উপপ্ৰকাৰবোৰে উদ্বেগ বৃদ্ধি কৰা দেখা গৈছে।বিশ্ব স্বাস্থ্য সংস্থায়ো কোভিড এতিয়াও বিপজ্জনক বুলিয়েই বাৰে বাৰে সকিয়াই আহিছে। চীনত ইতিমধ্যে কেইবা খনো চহৰত লকডাউন ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স