--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডে পুনৰ মূৰ দাঙি উঠিছে, এইবাৰ সম্পূৰ্ণ নতুন ৰূপত। পূৰ্বৰ কোভিড প্ৰজাতিবোৰতকৈও অধিক মাৰাত্মক বুলি চিহ্নিত হোৱা কোভিড প্ৰজাতিসমূহে এতিয়া পুনৰ বিশ্ববাসীলৈ মাতি আনিছে ভয়াৱহ বিপদৰ আগজাননী। 

শেহতীয়াকৈ ব্ৰিটেইনত চিনাক্ত হৈছে কৰোনাৰ এক্সবিবি আৰু বিকিউ.১-নামৰ দুটা নতুন প্ৰজাতি।   ফলত ব্ৰিটেইনত পুনৰ আতংক বিয়পি পৰিছে। কাৰণ প্ৰায় দুবছৰ পূৰ্বে কোভিডে ব্ৰিটেইনক মৰিশালীত পৰিণত কৰিছিল।  এতিয়ালৈকে দেশ খনত ৭০০ জনৰো অধিক  লোক এি নতুন প্ৰজাতি দুবিধত  সংক্ৰমিত হৈছে।বিজ্ঞানীসকলে কৈছে  যে কোভিড ভেকছিনেও এনে প্ৰজাতি দুটাক বাধা দিব নোৱাৰে। 

বিজ্ঞানীসকলৰ মতে, এক্সবিবি আৰু বিকিউ.১ দুয়োটাই অত্যন্ত জটিল প্ৰজাতি  আৰু ই ৰোগ প্ৰতিৰোধ প্ৰণালীক পোনপটীয়াকৈ আক্ৰমণ কৰে।  এই দুয়োটা প্ৰকাৰৰ ওপৰত বৰ্তমানৰ ভেকছিনৰ কোনো প্ৰভাৱ নপৰে। বিশেষজ্ঞসকলে নৱেম্বৰ মাহৰ শেষৰ ফালে সমগ্ৰ ইউৰোপ আৰু উত্তৰ আমেৰিকাত এই নতুন  প্ৰজাতি দুটাই অতি শক্তিশালী  কোভিড ঢৌৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰিছে। বিজ্ঞানীসকলৰ মতে এই দুয়োটা প্ৰকাৰ দ্ৰুত-বিস্তাৰ হোৱা  অমাইক্ৰনৰ একেটা গোটৰে প্ৰকাৰ হ'ব পাৰে। 

ব্ৰিটেইনৰ  স্বাস্থ্য আৰু সুৰক্ষা সংস্থাৰ মতে কোভিডৰ নতুন প্ৰকাৰৰ বিষয়ে  অধ্যয়ন চলি আছে আৰু সেইবোৰৰ পৰা সংক্ৰমণ সন্দৰ্ভত কঠোৰ নিৰীক্ষণ কৰা হৈছে। প্ৰথম কৰোনা মহামাৰী আৰম্ভ হোৱাৰ পৰা ভাইৰাছবিধকলৈ  অধ্যয়ন কৰি থকা বাছেল বিশ্ববিদ্যালয়ৰ গৱেষক সকলেও এই প্ৰজাতি দুটাক লৈ চিন্তা  ব্যক্ত কৰিছে।

জীৱবিজ্ঞানী কৰ্ণেলিয়াছ ৰোমাৰে কয়, "আমি এই মুহূৰ্তত যি ধৰণৰ কৰোনা প্ৰজাতিৰ বিষয়ে অধ্যয়ন কৰি আছোঁ, সেয়া আগৰ তুলনাত একেবাৰে বেলেগ দেখা গৈছে।" তেওঁ আঙুলিয়াই দিয়ে যে অমাইক্ৰন সম্ভৱতঃ প্ৰথম প্ৰকাৰ আছিল, যি ৰোগ প্ৰতিৰোধ ক্ষমতা এৰাই চলিছিল।সেইকাৰণে কোভিডৰ  ইমান ডাঙৰ ঢৌৰ সৃষ্টি হৈছিল। এতিয়া প্ৰথমবাৰৰ বাবে আমি দেখিছোঁ যে ইয়াৰ বহুতো বিন্যাস বিভিন্ন ধৰণে উদ্ভৱ হৈছে, য'ত পৰিৱৰ্তন আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ মাজত সাদৃশ্য আছে। "

ৱাৰউইক বিশ্ববিদ্যালয়ৰ অধ্যাপক লৰেন্স ইয়ঙে যোৱা মাহত প্ৰকাশ কৰিছিল যে প্ৰাৰম্ভিক তথ্যত অমাইক্ৰন উপপ্ৰকাৰবোৰে উদ্বেগ বৃদ্ধি কৰা দেখা গৈছে।বিশ্ব স্বাস্থ্য সংস্থায়ো কোভিড এতিয়াও বিপজ্জনক বুলিয়েই বাৰে বাৰে সকিয়াই আহিছে। চীনত ইতিমধ্যে কেইবা খনো চহৰত লকডাউন ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক