--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেলেংগানাৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। নিৰ্বাচনৰ পূৰ্বে মাদিগা অনুসূচীত জনজাতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিছে নতুন ৰণকৌশল। 

মাদিগা অনুসূচীত জনজাতিক উপ–জাতি মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ। এইবাৰ উপজাতিৰ কাৰ্ড খেলি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে। এক গুলীত দুই চিকাৰ নীতিৰে দক্ষিণ ভাৰতত খোপনি পোতাৰ লক্ষ্য গেৰুৱা দলটোৰ।

নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত বিজেপিৰ এই নীতি হ’ব পাৰে মাষ্টাৰষ্ট্রোক। ইতিমধ্যে, মাদিগা জনজাতিক উপজাতিৰ মৰ্যাদা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট সচিবক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

উল্লেখ্য যে তেলেংগানাৰ SC সম্প্ৰদায়ৰ মাজত বৃহৎ জনজাতীয় গোষ্ঠীটোৱে হৈছে মাদিগা গোষ্ঠী। ৯০ৰ দশকৰ পৰাই উপজাতিৰ মৰ্যাদা দাবী কৰি আহিছে মাদিগা জনগোষ্ঠীয়ে। মাদিগা জনগোষ্ঠীৰ এই আন্দোলনক নেতৃত্ব দি আহিছে মন্দা কৃষ্ণ মাদিগা নামৰ নেতাগৰাকীয়ে।

লক্ষ্যণীয়ভাৱে কিছুদিন পূৰ্বে মাদিগা ৰিজাৰ্ভেচন পৰাতা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল বৃহৎ জনসভা। য’ত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। সেই জনসভাতে প্ৰধানমন্ত্ৰী মোদীৰ কাষত বহা দেখিবলৈ পোৱা গৈছিল মন্দা কৃষ্ণ মাদিগাক। জনজাতিটোৰ নেতা মন্দা কৃষ্ণ মাদিগাক আঁকোৱালি লৈ মাদিগা জনগোষ্ঠীৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। 

তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰত মোদীৰ সেই বিশেষ ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। সেই সভাতে মাদিগা জনগোষ্ঠীক উপজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল প্রধানমন্ত্ৰী মোদীয়ে। নিজকে মাদিগা জনগোষ্ঠীৰ প্ৰকৃত বন্ধু আখ্যা দিছিল নৰেন্দ্ৰ মোদীয়ে। দক্ষিণৰ ৰাজ্যখনত মোদীৰ এই বিশেষ ৰণনীতিয়ে লাভ কৰিছে বিশেষ চৰ্চা। 

কেৱল তেলেংগানাই নহয় মোদীৰ লক্ষ্য অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকৰ দৰে আন আন দক্ষিণৰ ৰাজ্যও। তেলেংগানাৰ বাহিৰেও কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশতো আছে মাদিগা জনগোষ্ঠীৰ বুজন সংখ্যক লোক। অবিভক্ত অন্ধ্ৰপ্ৰদেশত মুঠ অনুসূচীত জনজাতিৰ ৪৮ শতাংশই হৈছে মাদিগা জনগোষ্ঠীৰ লোক। 

লক্ষ্যণীয়ভাৱে অতীজৰে পৰা মাদিগা জনগোষ্ঠীয়ে সমৰ্থন দি আহিছে কংগ্ৰেছ অথবা অন্যান্য আঞ্চলিক দলক। পূৰ্বৰে পৰা বিজেপিয়ে এই জনগোষ্ঠীৰ লোকসকলৰ সমৰ্থন আদায় কৰিব পৰা নাই। তেনেক্ষেত্ৰত মাদিগা জনগোষ্ঠীক উপজাতি মৰ্যাদা প্ৰদানেৰে ২০২৪ৰ নিৰ্বাচনতো জনগোষ্ঠীটোৰ সমৰ্থন আদায়ৰ লক্ষ্য বিজেপিৰ। অৱশ্যে বিজেপিৰ এই ৰণকৌশলৰ দক্ষিণ ভাৰতত কিমান সফল হয় সেয়া সময়তহে স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান