--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তেলেংগানাৰ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন। নিৰ্বাচনৰ পূৰ্বে মাদিগা অনুসূচীত জনজাতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিছে নতুন ৰণকৌশল। 

মাদিগা অনুসূচীত জনজাতিক উপ–জাতি মৰ্যাদা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ। এইবাৰ উপজাতিৰ কাৰ্ড খেলি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্য লৈছে বিজেপিয়ে। এক গুলীত দুই চিকাৰ নীতিৰে দক্ষিণ ভাৰতত খোপনি পোতাৰ লক্ষ্য গেৰুৱা দলটোৰ।

নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন থকা অৱস্থাত বিজেপিৰ এই নীতি হ’ব পাৰে মাষ্টাৰষ্ট্রোক। ইতিমধ্যে, মাদিগা জনজাতিক উপজাতিৰ মৰ্যাদা দিয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে কেবিনেট সচিবক নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। 

উল্লেখ্য যে তেলেংগানাৰ SC সম্প্ৰদায়ৰ মাজত বৃহৎ জনজাতীয় গোষ্ঠীটোৱে হৈছে মাদিগা গোষ্ঠী। ৯০ৰ দশকৰ পৰাই উপজাতিৰ মৰ্যাদা দাবী কৰি আহিছে মাদিগা জনগোষ্ঠীয়ে। মাদিগা জনগোষ্ঠীৰ এই আন্দোলনক নেতৃত্ব দি আহিছে মন্দা কৃষ্ণ মাদিগা নামৰ নেতাগৰাকীয়ে।

লক্ষ্যণীয়ভাৱে কিছুদিন পূৰ্বে মাদিগা ৰিজাৰ্ভেচন পৰাতা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল বৃহৎ জনসভা। য’ত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। সেই জনসভাতে প্ৰধানমন্ত্ৰী মোদীৰ কাষত বহা দেখিবলৈ পোৱা গৈছিল মন্দা কৃষ্ণ মাদিগাক। জনজাতিটোৰ নেতা মন্দা কৃষ্ণ মাদিগাক আঁকোৱালি লৈ মাদিগা জনগোষ্ঠীৰ সমৰ্থন আদায়ৰ চেষ্টা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে। 

তেলেংগানাৰ নিৰ্বাচনী প্ৰচাৰত মোদীৰ সেই বিশেষ ভিডিঅ’ই দৃষ্টি আকৰ্ষণ কৰিছিল সকলোৰে। সেই সভাতে মাদিগা জনগোষ্ঠীক উপজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল প্রধানমন্ত্ৰী মোদীয়ে। নিজকে মাদিগা জনগোষ্ঠীৰ প্ৰকৃত বন্ধু আখ্যা দিছিল নৰেন্দ্ৰ মোদীয়ে। দক্ষিণৰ ৰাজ্যখনত মোদীৰ এই বিশেষ ৰণনীতিয়ে লাভ কৰিছে বিশেষ চৰ্চা। 

কেৱল তেলেংগানাই নহয় মোদীৰ লক্ষ্য অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটকৰ দৰে আন আন দক্ষিণৰ ৰাজ্যও। তেলেংগানাৰ বাহিৰেও কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশতো আছে মাদিগা জনগোষ্ঠীৰ বুজন সংখ্যক লোক। অবিভক্ত অন্ধ্ৰপ্ৰদেশত মুঠ অনুসূচীত জনজাতিৰ ৪৮ শতাংশই হৈছে মাদিগা জনগোষ্ঠীৰ লোক। 

লক্ষ্যণীয়ভাৱে অতীজৰে পৰা মাদিগা জনগোষ্ঠীয়ে সমৰ্থন দি আহিছে কংগ্ৰেছ অথবা অন্যান্য আঞ্চলিক দলক। পূৰ্বৰে পৰা বিজেপিয়ে এই জনগোষ্ঠীৰ লোকসকলৰ সমৰ্থন আদায় কৰিব পৰা নাই। তেনেক্ষেত্ৰত মাদিগা জনগোষ্ঠীক উপজাতি মৰ্যাদা প্ৰদানেৰে ২০২৪ৰ নিৰ্বাচনতো জনগোষ্ঠীটোৰ সমৰ্থন আদায়ৰ লক্ষ্য বিজেপিৰ। অৱশ্যে বিজেপিৰ এই ৰণকৌশলৰ দক্ষিণ ভাৰতত কিমান সফল হয় সেয়া সময়তহে স্পষ্ট হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ