--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘পনোটি’ বিতৰ্কত এইবাৰ মুখ খুলিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে৷ তেওঁ কয়, ‘যিসকলে প্ৰধানমন্ত্ৰীক ঘৃণাসূচকভাৱে উপলুঙা কৰিছে, তেওঁলোকক কিছু সত্য কওঁ। প্ৰধানমন্ত্ৰীয়ে আজিলৈকে যি স্পৰ্শ কৰিছে সেয়া হৈছে সোণ। তেওঁ এনেকুৱা এজন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি, যিয়ে কেতিয়াও নিৰ্বাচনত পৰাজিত হোৱা নাই। তেওঁৰ নেতৃত্বত গুজৰাটে ইমান উন্নতি কৰিছে। তেওঁৰ নেতৃত্বতে ভাৰতীয় অৰ্থনীতিয়ে এইবাৰ ৪ ট্ৰিলিয়ন স্পৰ্শ কৰিব।’

কংগনাই মোদীৰ সমালোচকসকলক উদ্দেশ্যি ৰাজনীতিত এনে ধৰণৰ অপবাদ ব্যৱহাৰ কৰিব নালাগে বুলিও দোহাৰে৷ 

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ অন্তিমখন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়। সেইদিনা ১.৩২ লাখ দৰ্শকৰ সমাগম হয় ষ্টেডিয়ামখনত৷ সাধাৰণ মানুহৰ পৰা বলীউডৰ তাৰকালৈকে সকলোৰে উপস্থিতিৰে যোৱা দেওবাৰে ষ্টেডিয়াম ভৰি পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খেলখন চাবলৈ ষ্টেডিয়ামখনত উপস্থিত হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে সংগ দিছিল প্ৰধানমন্ত্ৰী মোদীক৷ নিশা প্ৰায় ৮.৩০ বজাত তেওঁ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ সময়ত খেলখনৰ ভৱিষ্যত প্ৰায় স্পষ্ট হৈ পৰিছিল। মোদী খেলপথাৰলৈ অহাৰ পাছতেই টীম ইণ্ডিয়াৰ ভাগ্য নিৰ্ণয় হৈছিল।

অৱশ্যে, মেচখনত পৰাস্ত হোৱাৰ পাছত তেওঁ ভাৰতীয় দলৰ ড্ৰেছিং ৰুমলৈ গৈ খেলুৱৈসকলক উৎসাহিত কৰে। তেতিয়ালৈকে সামাজিক মাধ্যমত ট্ৰলিং আৰম্ভ হৈছিল। নেটিজেনসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীক পনোটি বুলি অভিহিত কৰি সামাজিক মাধ্যমত ট্ৰেণ্ডিং কৰিছিল৷ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়েও বিষয়টো তুলি ধৰিছিল৷

উল্লেখযোগ্য যে কংগনাই প্ৰায়েই প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ প্ৰতি তেওঁৰ আনুগত্য দেখুৱাই আহিছে। প্ৰধানমন্ত্ৰীৰ জন্মদিনত অভিনেত্ৰীগৰাকীয়ে তেওঁক ‘নতুন ভাৰতৰ বিশ্বকৰ্মা’ বুলি অভিহিত কৰিছিল। 

ভাৰতৰ বিশ্বকাপৰ পৰাজয়ৰ পাছত সেয়ে অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰাসকলৰ বিৰুদ্ধে মুখৰ হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক