--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘পনোটি’ বিতৰ্কত এইবাৰ মুখ খুলিছে বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে৷ তেওঁ কয়, ‘যিসকলে প্ৰধানমন্ত্ৰীক ঘৃণাসূচকভাৱে উপলুঙা কৰিছে, তেওঁলোকক কিছু সত্য কওঁ। প্ৰধানমন্ত্ৰীয়ে আজিলৈকে যি স্পৰ্শ কৰিছে সেয়া হৈছে সোণ। তেওঁ এনেকুৱা এজন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি, যিয়ে কেতিয়াও নিৰ্বাচনত পৰাজিত হোৱা নাই। তেওঁৰ নেতৃত্বত গুজৰাটে ইমান উন্নতি কৰিছে। তেওঁৰ নেতৃত্বতে ভাৰতীয় অৰ্থনীতিয়ে এইবাৰ ৪ ট্ৰিলিয়ন স্পৰ্শ কৰিব।’

কংগনাই মোদীৰ সমালোচকসকলক উদ্দেশ্যি ৰাজনীতিত এনে ধৰণৰ অপবাদ ব্যৱহাৰ কৰিব নালাগে বুলিও দোহাৰে৷ 

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপৰ অন্তিমখন খেলত ভাৰত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়। সেইদিনা ১.৩২ লাখ দৰ্শকৰ সমাগম হয় ষ্টেডিয়ামখনত৷ সাধাৰণ মানুহৰ পৰা বলীউডৰ তাৰকালৈকে সকলোৰে উপস্থিতিৰে যোৱা দেওবাৰে ষ্টেডিয়াম ভৰি পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও খেলখন চাবলৈ ষ্টেডিয়ামখনত উপস্থিত হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে সংগ দিছিল প্ৰধানমন্ত্ৰী মোদীক৷ নিশা প্ৰায় ৮.৩০ বজাত তেওঁ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ সময়ত খেলখনৰ ভৱিষ্যত প্ৰায় স্পষ্ট হৈ পৰিছিল। মোদী খেলপথাৰলৈ অহাৰ পাছতেই টীম ইণ্ডিয়াৰ ভাগ্য নিৰ্ণয় হৈছিল।

অৱশ্যে, মেচখনত পৰাস্ত হোৱাৰ পাছত তেওঁ ভাৰতীয় দলৰ ড্ৰেছিং ৰুমলৈ গৈ খেলুৱৈসকলক উৎসাহিত কৰে। তেতিয়ালৈকে সামাজিক মাধ্যমত ট্ৰলিং আৰম্ভ হৈছিল। নেটিজেনসকলে ভাৰতৰ প্ৰধানমন্ত্ৰীক পনোটি বুলি অভিহিত কৰি সামাজিক মাধ্যমত ট্ৰেণ্ডিং কৰিছিল৷ পৰৱৰ্তী সময়ত ৰাহুল গান্ধীয়েও বিষয়টো তুলি ধৰিছিল৷

উল্লেখযোগ্য যে কংগনাই প্ৰায়েই প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ প্ৰতি তেওঁৰ আনুগত্য দেখুৱাই আহিছে। প্ৰধানমন্ত্ৰীৰ জন্মদিনত অভিনেত্ৰীগৰাকীয়ে তেওঁক ‘নতুন ভাৰতৰ বিশ্বকৰ্মা’ বুলি অভিহিত কৰিছিল। 

ভাৰতৰ বিশ্বকাপৰ পৰাজয়ৰ পাছত সেয়ে অভিনেত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰাসকলৰ বিৰুদ্ধে মুখৰ হৈ পৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হেপাটাইটিছ দিৱস
আদিংগিৰিৰ পাছত কালাপানীতো ঘৰে ঘৰে বিলালে উচ্ছেদৰ জাননী
উৰিয়ামঘাটত সাজু ১০০ বুলড'জাৰ
আদিত্য এল-১ মিছনৰ কৰ্মশালালৈ তেজপুৰৰ ছাত্ৰী
হৰিদ্বাৰত পদপিষ্ট হৈ ৬জনৰ মৃত্যু, ২৯জন আহত
যোৰহাটত আজি হীৰুদাৰ দিন