--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ব’ল্ড এণ্ড বিউটিফুল’ ছোনা মহাপাত্ৰ তেওঁৰ সোণালী কণ্ঠৰ বাবে যিদৰে প্ৰখ্যাত ঠিক একেদৰে তেওঁ জনাজাত তেওঁৰ আপোচবিহীন কণ্ঠৰ বাবেও। বিভিন্ন সময়ত ভালেমান স্পৰ্শকাতৰ বিষয়তো আপোচবিহীনভাৱে কথা কোৱা ছোনাই পিছে সন্মুখীন হ’বলগীয়া হৈছে নানা অবাঞ্চিত পৰিস্থিতিৰ। বলীউডত তেওঁৰ মুখৰ পোনপটীয়াকৈ কোৱা তীক্ষ্ণ কথাই বহুতকে বিদ্ধ কৰিছে সময়ে সময়ে। তেওঁ আনকি অনু মালিকক মি টুৰ অভিযোগেৰে অভিযুক্ত কৰিছিল। তাৰ পাছতে বলীউডৰ সৈতে তেওঁৰ সম্পৰ্কৰ সূতাডাল অধিক শীৰ্ণ হৈ পৰিছে।

 

পিছে তাৰ পাছতো বলীউডৰ প্ৰসংগত তেওঁ মাত নমতাকৈ থকা নাই। বলীউডৰ ভাইজান ছলমানৰ বক্তব্যক লৈ হোৱা বিতৰ্কৰ প্ৰসংগত মাত মাতি ছোনা সন্মুখীন হৈছিল অবাঞ্চিত পৰিস্থিতিৰ। প্ৰিয়ংকা চোপ্ৰা সন্দৰ্ভত ছলমানে কৰা মন্তব্যৰ সৈতে একমত হ'ব নোৱৰা ছোনাই ছলমানৰ বিৰুদ্ধেও কৰিছিল তীক্ষ্ণ মন্তব্য। তাৰ পাছতে ছলমানৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে তেওঁ মৃত্যুৰ ভাবুকি পাইছিল। কেৱল সেয়াই নহয়, গায়িকাগৰাকীয়ে আনকি দলবদ্ধ ধৰ্ষণৰ ভাবুকিও লাভ কৰিছিল। সোনাই অলপতে তেওঁৰ এই তিক্ত অভিজ্ঞতাৰ বিষয়ে কৈছিল।

 

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ 'ভাৰত' ছবিখনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত ছলমানে ২০১৯ চনত কৈছিল যে, প্ৰিয়ংকাই গায়ক-অভিনেতা নিক জোনাছক বিয়া কৰাবলৈ 'তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ছবি'খন ত্যাগ কৰিছে। অভিনেতাজনে মন্তব্য কৰিছিল, "সাধাৰণতে মানুহে এনে সুযোগৰ বাবে নিজৰ স্বামীকো পৰিত্যাগ কৰে।" সেই সময়ত, ছোনাই ছলমানৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।

আনহাতে ২০১৬ চনত, ছলমান খানৰ 'ছুলতান'ৰ শ্বুটিঙৰ সময়ত, ছলমানে মন্তব্য কৰিছিল যে তেওঁ এগৰাকী ধৰ্ষিতা মহিলাৰ দৰে অনুভৱ কৰিছে। কাৰণ চুলতানৰ শ্বুটিঙৰ সময়সূচী যথেষ্ট চাপপূৰ্ণ আছিল। সেয়েহে শ্বুটিঙৰ শেষত, অভিনেতাজনে এই বিতৰ্কিত মন্তব্য কৰিছিল। সেই সময়তো, ছোনাই তাৰ প্ৰতিবাদ কৰিছিল।

 

ছলমানৰ মন্তব্যৰ বিৰোধিতা কৰি ছোনাই কয়, "মহিলাক প্ৰহাৰ কৰা, মানুহক আক্ৰমণ কৰা, বন্যপ্ৰাণী হত্যা কৰাজন দেশৰ নায়ক। ছোনাৰ এই মন্তব্যক লৈ ভাইজানৰ অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছিল।

 

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ছোনা মহাপাত্ৰই কয়, "সেই সময়ত ভয়ংকৰ ট্ৰলিঙৰ সন্মুখীন হৈছিলোঁ। মৃত্যুৰ ভাবুকি আহিছিল আৰু কিছুমান লোকে ষ্টুডিঅ'লৈ শৌচভৰ্তি বাকচ প্ৰেৰণ কৰিছিল। যিহেতু মই ছলমানৰ মন্তব্যক সমালোচনা কৰিছিলোঁ, ই ভাইৰেল হৈ পৰিছিল।" তেওঁ কয় যে গোটেই বিষয়টোৰ পৰা বাহিৰ হ'বলৈ তেওঁক প্ৰায় দুমাহ সময় লাগিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু