--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘ল্ড এণ্ড বিউটিফুল ছোনা মহাপাত্ৰ তেওঁৰ সোণালী কণ্ঠৰ বাবে যিদৰে প্ৰখ্যাত ঠিক একেদৰে তেওঁ জনাজাত তেওঁৰ আপোচবিহীন কণ্ঠৰ বাবেও। বিভিন্ন সময়ত ভালেমান স্পৰ্শকাতৰ বিষয়তো আপোচবিহীনভাৱে কথা কোৱা ছোনাই পিছে সন্মুখীন হবলগীয়া হৈছে নানা অবাঞ্চিত পৰিস্থিতিৰ। বলীউডত তেওঁৰ মুখৰ পোনপটীয়াকৈ কোৱা তীক্ষ্ণ কথাই বহুতকে বিদ্ধ কৰিছে সময়ে সময়ে। তেওঁ আনকি অনু মালিকক মি টুৰ অভিযোগেৰে অভিযুক্ত কৰিছিল। তাৰ পাছতে বলীউডৰ সৈতে তেওঁৰ সম্পৰ্কৰ সূতাডাল অধিক শীৰ্ণ হৈ পৰিছে।

 

পিছে তাৰ পাছতো বলীউডৰ প্ৰসংগত তেওঁ মাত নমতাকৈ থকা নাই। বলীউডৰ ভাইজান ছলমানৰ বক্তব্যক লৈ হোৱা বিতৰ্কৰ প্ৰসংগত মাত মাতি ছোনা সন্মুখীন হৈছিল অবাঞ্চিত পৰিস্থিতিৰ। প্ৰিয়ংকা চোপ্ৰা সন্দৰ্ভত ছলমানে কৰা মন্তব্যৰ সৈতে একমত হ'ব নোৱৰা ছোনাই ছলমানৰ বিৰুদ্ধেও কৰিছিল তীক্ষ্ণ মন্তব্য। তাৰ পাছতে ছলমানৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে তেওঁ মৃত্যুৰ ভাবুকি পাইছিল। কেৱল সেয়াই নহয়, গায়িকাগৰাকীয়ে আনকি দলবদ্ধ ধৰ্ষণৰ ভাবুকিও লাভ কৰিছিল। সোনাই অলপতে তেওঁৰ এই তিক্ত অভিজ্ঞতাৰ বিষয়ে কৈছিল।

 

অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ 'ভাৰত' ছবিখনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পাছত ছলমানে ২০১৯ চনত কৈছিল যে, প্ৰিয়ংকাই গায়ক-অভিনেতা নিক জোনাছক বিয়া কৰাবলৈ 'তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ ছবি'খন ত্যাগ কৰিছে। অভিনেতাজনে মন্তব্য কৰিছিল, "সাধাৰণতে মানুহে এনে সুযোগৰ বাবে নিজৰ স্বামীকো পৰিত্যাগ কৰে।" সেই সময়ত, ছোনাই ছলমানৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছিল।

আনহাতে ২০১৬ চনত, ছলমান খানৰ 'ছুলতান'ৰ শ্বুটিঙৰ সময়ত, ছলমানে মন্তব্য কৰিছিল যে তেওঁ এগৰাকী ধৰ্ষিতা মহিলাৰ দৰে অনুভৱ কৰিছে। কাৰণ চুলতানৰ শ্বুটিঙৰ সময়সূচী যথেষ্ট চাপপূৰ্ণ আছিল। সেয়েহে শ্বুটিঙৰ শেষত, অভিনেতাজনে এই বিতৰ্কিত মন্তব্য কৰিছিল। সেই সময়তো, ছোনাই তাৰ প্ৰতিবাদ কৰিছিল।

 

ছলমানৰ মন্তব্যৰ বিৰোধিতা কৰি ছোনাই কয়, "মহিলাক প্ৰহাৰ কৰা, মানুহক আক্ৰমণ কৰা, বন্যপ্ৰাণী হত্যা কৰাজন দেশৰ নায়ক। ছোনাৰ এই মন্তব্যক লৈ ভাইজানৰ অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছিল।

 

শেহতীয়াকৈ সংবাদ মাধ্যমৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ছোনা মহাপাত্ৰই কয়, "সেই সময়ত ভয়ংকৰ ট্ৰলিঙৰ সন্মুখীন হৈছিলোঁ। মৃত্যুৰ ভাবুকি আহিছিল আৰু কিছুমান লোকে ষ্টুডিঅ'লৈ শৌচভৰ্তি বাকচ প্ৰেৰণ কৰিছিল। যিহেতু মই ছলমানৰ মন্তব্যক সমালোচনা কৰিছিলোঁ, ই ভাইৰেল হৈ পৰিছিল।" তেওঁ কয় যে গোটেই বিষয়টোৰ পৰা বাহিৰ হ'বলৈ তেওঁক প্ৰায় দুমাহ সময় লাগিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ