--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱেশকেন্দ্ৰীক কথাবোৰক লৈ বেচ সচেতন ছুপাৰষ্টাৰ ছলমান খান। প্ৰতিজোপা গছে প্ৰতিজন মানুহক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে, গতিকে প্ৰতিজোপা গছ ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলি তেওঁ সদৰী কৰিছে। শেহতীয়াকৈ, হায়দৰাবাদত ছলমানে তেওঁৰ পৰৱৰ্তী ছবিৰ শ্বুটিংৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে। ইয়াৰ মাজতে পৰিৱেশ সম্পৰ্কীয় এক বিশেষ অনুষ্ঠানত যোগদান কৰে ছলমান খানে। গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ ৫.০। এই উপলক্ষে ছলমান খানৰ লগতে  উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা গ্ৰীণ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক জে সন্তোষ কুমাৰ। 

অভিনেতাগৰাকীৰ লগতে ছবিখনৰ আন কলা-কুশলী সকলো উপস্থিত থকা দেখা যায়। এই ছবিৰ আন কলা-কুশলীসকলৰ সৈতে ৰামোজী ফিল্ম চিটিত নিজ হাতে গছপুলি ৰোপণ কৰে ছলমান খানে। তেওঁ কয়, ‘বৃক্ষৰোপণ কাৰ্যসূচীৰ দায়িত্ব প্ৰতিজন ব্যক্তিয়ে ল’ব লাগে আৰু গছবোৰ ডাঙৰ নোহোৱালৈকে পুলিবোৰৰ পৰ্যাপ্ত যত্ন ল’ব লাগে। দুৰ্ভাগ্যজনকভাৱে প্ৰাকৃতিক দুৰ্যোগ, প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত মানুহৰ অপৰিসীম ক্ষতি হয়। মানুহৰ ক্ষতি ৰোধ কৰাৰ একমাত্ৰ সমাধান হ’ল বৃহৎ পৰিসৰত গছপুলি ৰোপণ কৰা।’

বৃক্ষৰোপণ কাৰ্যসূচীৰ দৰে এনে মহত কাম হাতত লোৱাৰ বাবে টি আৰ এছৰ সাংসদ সন্তোষে প্ৰশংসা কৰে বলীউড ভাইজানক। 

মন কৰিবলগীয়া যে, সন্তোষ কুমাৰে ছলমানক গ্ৰীণ ইণ্ডিয়া চেলেঞ্জত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। অনুৰোধ ৰক্ষা কৰাৰ বাবে বলীউড তাৰকাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে সন্তোষ কুমাৰে।  বলীউডৰ তাৰকাগৰাকীৰ গছপুলি ৰোপণৰ পদক্ষেপে নিশ্চিতভাৱে তেওঁৰ লক্ষ লক্ষ অনুৰাগীক অনুপ্ৰাণিত কৰিব বুলিও সদৰী কৰে সাংসদগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু