--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিৱেশকেন্দ্ৰীক কথাবোৰক লৈ বেচ সচেতন ছুপাৰষ্টাৰ ছলমান খান। প্ৰতিজোপা গছে প্ৰতিজন মানুহক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰে, গতিকে প্ৰতিজোপা গছ ৰক্ষা কৰাটো সকলোৰে দায়িত্ব বুলি তেওঁ সদৰী কৰিছে। শেহতীয়াকৈ, হায়দৰাবাদত ছলমানে তেওঁৰ পৰৱৰ্তী ছবিৰ শ্বুটিংৰ কামত ব্যস্ত হৈ থকা দেখা গৈছে। ইয়াৰ মাজতে পৰিৱেশ সম্পৰ্কীয় এক বিশেষ অনুষ্ঠানত যোগদান কৰে ছলমান খানে। গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ ৫.০। এই উপলক্ষে ছলমান খানৰ লগতে  উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ তথা গ্ৰীণ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক জে সন্তোষ কুমাৰ। 

অভিনেতাগৰাকীৰ লগতে ছবিখনৰ আন কলা-কুশলী সকলো উপস্থিত থকা দেখা যায়। এই ছবিৰ আন কলা-কুশলীসকলৰ সৈতে ৰামোজী ফিল্ম চিটিত নিজ হাতে গছপুলি ৰোপণ কৰে ছলমান খানে। তেওঁ কয়, ‘বৃক্ষৰোপণ কাৰ্যসূচীৰ দায়িত্ব প্ৰতিজন ব্যক্তিয়ে ল’ব লাগে আৰু গছবোৰ ডাঙৰ নোহোৱালৈকে পুলিবোৰৰ পৰ্যাপ্ত যত্ন ল’ব লাগে। দুৰ্ভাগ্যজনকভাৱে প্ৰাকৃতিক দুৰ্যোগ, প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত মানুহৰ অপৰিসীম ক্ষতি হয়। মানুহৰ ক্ষতি ৰোধ কৰাৰ একমাত্ৰ সমাধান হ’ল বৃহৎ পৰিসৰত গছপুলি ৰোপণ কৰা।’

বৃক্ষৰোপণ কাৰ্যসূচীৰ দৰে এনে মহত কাম হাতত লোৱাৰ বাবে টি আৰ এছৰ সাংসদ সন্তোষে প্ৰশংসা কৰে বলীউড ভাইজানক। 

মন কৰিবলগীয়া যে, সন্তোষ কুমাৰে ছলমানক গ্ৰীণ ইণ্ডিয়া চেলেঞ্জত যোগদান কৰিবলৈ অনুৰোধ জনাইছিল। অনুৰোধ ৰক্ষা কৰাৰ বাবে বলীউড তাৰকাগৰাকীক ধন্যবাদ জ্ঞাপন কৰে সন্তোষ কুমাৰে।  বলীউডৰ তাৰকাগৰাকীৰ গছপুলি ৰোপণৰ পদক্ষেপে নিশ্চিতভাৱে তেওঁৰ লক্ষ লক্ষ অনুৰাগীক অনুপ্ৰাণিত কৰিব বুলিও সদৰী কৰে সাংসদগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ