--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ নাম। লখিমপুৰ খেৰীত দুগৰাকী নাবালিকা ভগ্নীৰ ওলমি থকা মৃতদেহ উদ্ধাৰক হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত ভগ্নীদুগৰাকীৰ এগৰাকীৰ বয়স ১৭ বছৰ আৰু আনগৰাকীৰ বয়স ১৫ বছৰ। 

স্থানীয় গাওঁবাসী আৰু ছোৱালী দুজনীৰ পৰিয়ালে তিনিজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।  কেইমাহমান আগতে চাৰিজন কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ পিছত আজিৰ ঘটনাটোৱে সমগ্ৰ এনেকাটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।   লখিমপুৰ খেৰী জিলাৰ নিঘাচন আৰক্ষী থানাৰ সমীপৰ  পৰা অনুসূচীত জাতিৰ দুগৰাকী নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। 

তেওঁলোকৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছে।মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পিছত গাওঁবাসীয়ে এয়া দৰ্ষণৰ পিছত পৰিকল্পিত হত্যা বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে  নিঘাচন ক্ৰছিং অৱৰোধ কৰি ধৰ্ষণকাৰী তথা হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাইছে। লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমন, অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিং আৰু  স্থানীয় আৰক্ষী বিষয়াসকল আহি প্ৰতিবাদকাৰী গাওঁবাসী আৰু মৃত নাবালিকা দুগৰাকীৰ ৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে। 

আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোক সকলো  ধৰণে সহায়ৰ কৰাৰ আশ্বাস দিছে।  লক্ষ্ণৌ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক লক্ষ্মী সিঙেও ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে লখিমপুৰ খেৰীলৈ ঢাপলি মেলিছে। গাওঁখনত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে। 

আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে গাওঁবাসীসকলক আশ্বাস দিছে যে ঘটনাটোৰ ৰহস্য সোনকালেই উদ্ঘাটন কৰা হ'ব। তেওঁ গাওঁবাসীক পথ অৱৰোধ উঠাই ল'বলৈ আহ্বান জনাইছে। স্থানীয় লোকে প্ৰকাশ কৰা মতে  দুয়োগৰাকী ছোৱালীৰ মৃতদেহ একেখন স্কার্ফৰ সৈতে  তামোলিয়াপুৰা গাঁৱৰ কুঁহিয়াৰতলিত  ওলমি থকা অৱস্থাত পোৱা গৈছে। গাওঁবাসীয়ে লগতে এইবুলিও কৈছে যে এজনী ছোৱালী  ভৰি মাটিত লাগি আছিল আৰু ডাঙৰ ভনীয়েকৰ মৃতদেহটো  ওলমি আছিল। 

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰা মতে  মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। গাওঁবাসীৰ প্ৰতিবাদৰ মাজতে দুয়োগৰাকী ভগ্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু