--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীৰ নাম। লখিমপুৰ খেৰীত দুগৰাকী নাবালিকা ভগ্নীৰ ওলমি থকা মৃতদেহ উদ্ধাৰক হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৃত ভগ্নীদুগৰাকীৰ এগৰাকীৰ বয়স ১৭ বছৰ আৰু আনগৰাকীৰ বয়স ১৫ বছৰ। 

স্থানীয় গাওঁবাসী আৰু ছোৱালী দুজনীৰ পৰিয়ালে তিনিজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।  কেইমাহমান আগতে চাৰিজন কৃষকক গাড়ীৰে মহতিয়াই হত্যা কৰাৰ পিছত আজিৰ ঘটনাটোৱে সমগ্ৰ এনেকাটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।   লখিমপুৰ খেৰী জিলাৰ নিঘাচন আৰক্ষী থানাৰ সমীপৰ  পৰা অনুসূচীত জাতিৰ দুগৰাকী নাবালিকা ভগ্নীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। 

তেওঁলোকৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত পোৱা গৈছে।মৃতদেহ দুটা উদ্ধাৰ হোৱাৰ পিছত গাওঁবাসীয়ে এয়া দৰ্ষণৰ পিছত পৰিকল্পিত হত্যা বুলি অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে  নিঘাচন ক্ৰছিং অৱৰোধ কৰি ধৰ্ষণকাৰী তথা হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাইছে। লখিমপুৰ খেৰীৰ আৰক্ষী অধীক্ষক সঞ্জীৱ সুমন, অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিং আৰু  স্থানীয় আৰক্ষী বিষয়াসকল আহি প্ৰতিবাদকাৰী গাওঁবাসী আৰু মৃত নাবালিকা দুগৰাকীৰ ৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতিছে। 

আৰক্ষীয়ে দুৰ্ভগীয়া পৰিয়ালটোক সকলো  ধৰণে সহায়ৰ কৰাৰ আশ্বাস দিছে।  লক্ষ্ণৌ ৰেঞ্জৰ আৰক্ষী মহাপৰিদৰ্শক লক্ষ্মী সিঙেও ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে লখিমপুৰ খেৰীলৈ ঢাপলি মেলিছে। গাওঁখনত বৃহৎ সংখ্যক আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে। 

আৰক্ষী অধীক্ষক সঞ্জীৱ সুমনে গাওঁবাসীসকলক আশ্বাস দিছে যে ঘটনাটোৰ ৰহস্য সোনকালেই উদ্ঘাটন কৰা হ'ব। তেওঁ গাওঁবাসীক পথ অৱৰোধ উঠাই ল'বলৈ আহ্বান জনাইছে। স্থানীয় লোকে প্ৰকাশ কৰা মতে  দুয়োগৰাকী ছোৱালীৰ মৃতদেহ একেখন স্কার্ফৰ সৈতে  তামোলিয়াপুৰা গাঁৱৰ কুঁহিয়াৰতলিত  ওলমি থকা অৱস্থাত পোৱা গৈছে। গাওঁবাসীয়ে লগতে এইবুলিও কৈছে যে এজনী ছোৱালী  ভৰি মাটিত লাগি আছিল আৰু ডাঙৰ ভনীয়েকৰ মৃতদেহটো  ওলমি আছিল। 

আৰক্ষী বিষয়াসকলে প্ৰকাশ কৰা মতে  মৃত্যুৰ প্ৰকৃত কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব। গাওঁবাসীৰ প্ৰতিবাদৰ মাজতে দুয়োগৰাকী ভগ্নীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰি জন লোকক গ্ৰেপ্তাৰ কৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement