--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰি ৰখা কাশ্মীৰত আজি পুৱাই সংঘটিত হয় এক আক্ৰমণৰ ঘটনা। উপত্যকাটোলৈ কাম কৰিবলৈ যোৱা বংগৰ এজন শ্ৰমিকক আক্ৰমণ কৰাৰ দুসপ্তাহো হোৱা নাই। ভাৰতীয় সেনাই আক্ৰমণকাৰী দুজনক অনুসৰণ কৰি থকাৰ পিছত  অৱশেষত   হত্যা কৰিছে। বুধবাৰে নিশা উপত্যকাৰ নাওগাঁৱত সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত আল-কায়েদাৰ  দুজন সন্ত্ৰাসবাদী নিহত হয়।

এই মাহৰ আৰম্ভণিতে পুলৱামাত বংগৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ওপৰত হোৱা আক্ৰমণত তেওঁলোক দুয়ো জড়িত আছিল বুলি জানিব পৰা গৈছে। কাশ্মীৰ আৰক্ষীয়ে টুইটত  কয় যে সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত নাওগাঁও অঞ্চলত আত্মগোপন কৰি থকা জেহাদীসকলে হঠাতে টহলদাৰী বাহিনীক আক্ৰমণ কৰে। যুটীয়া বাহিনীয়ে লগে লগে গুলীচালনা কৰে। কিছু সময় সংঘৰ্ষ অব্যাহত থকাৰ পিছত  সন্ত্ৰাসবাদী দুজন নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা সেনাই বহু পৰিমাণৰ অস্ত্ৰ আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি জেহাদী দুটাৰ পৰা এটা এ কে ৰাইফল, দুটা পিষ্টল, কেইবা জাঁয়ো গুলী আৰু বোমা উদ্ধাৰ কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি নিহত সন্ত্ৰাসবাদী দুজনক আইয়াজ ৰছুল নাজাৰ আৰু শ্বাহিদ আহমেদ ওৰফে আবু হামজা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক দুয়ো আনছাৰ গজৱত-উল-হিন্দ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল।

এই সন্ত্ৰাসবাদী সংগঠনটো আল-কায়েদাৰ এটা শাখা। কাশ্মীৰ আৰক্ষীৰ মতে দুয়োজন জেহাদী খাশ্মীৰত সংঘটিত  কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত জড়িত  আছিল। ইয়াৰ ভিতৰত আছে ২ ছেপ্টেম্বৰত বংগৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ হত্যাৰ সৈতেও জড়িত  আছিল। । ২ ছেপ্টেম্বৰত পুলৱামাত  সন্ত্ৰাসবাদী দুজনে মনিৰুল ইছলাম নামৰ এজন শ্ৰমিকক হত্যা কৰিছিল। তেওঁ বংগৰ উত্তৰ দিনাজপুৰৰ কাৰান্দিঘি খণ্ডৰ দিঘলগাঁৱৰ বাসিন্দা আৰু চাৰিগৰাকী  কন্যাৰ পিতৃ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ