--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী সন্ত্ৰাসবাদীয়ে অস্থিৰ কৰি ৰখা কাশ্মীৰত আজি পুৱাই সংঘটিত হয় এক আক্ৰমণৰ ঘটনা। উপত্যকাটোলৈ কাম কৰিবলৈ যোৱা বংগৰ এজন শ্ৰমিকক আক্ৰমণ কৰাৰ দুসপ্তাহো হোৱা নাই। ভাৰতীয় সেনাই আক্ৰমণকাৰী দুজনক অনুসৰণ কৰি থকাৰ পিছত  অৱশেষত   হত্যা কৰিছে। বুধবাৰে নিশা উপত্যকাৰ নাওগাঁৱত সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযানত আল-কায়েদাৰ  দুজন সন্ত্ৰাসবাদী নিহত হয়।

এই মাহৰ আৰম্ভণিতে পুলৱামাত বংগৰ পৰা প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ ওপৰত হোৱা আক্ৰমণত তেওঁলোক দুয়ো জড়িত আছিল বুলি জানিব পৰা গৈছে। কাশ্মীৰ আৰক্ষীয়ে টুইটত  কয় যে সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানৰ সময়ত নাওগাঁও অঞ্চলত আত্মগোপন কৰি থকা জেহাদীসকলে হঠাতে টহলদাৰী বাহিনীক আক্ৰমণ কৰে। যুটীয়া বাহিনীয়ে লগে লগে গুলীচালনা কৰে। কিছু সময় সংঘৰ্ষ অব্যাহত থকাৰ পিছত  সন্ত্ৰাসবাদী দুজন নিহত হয়। নিহত সন্ত্ৰাসবাদী দুজনৰ পৰা সেনাই বহু পৰিমাণৰ অস্ত্ৰ আৰু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি জেহাদী দুটাৰ পৰা এটা এ কে ৰাইফল, দুটা পিষ্টল, কেইবা জাঁয়ো গুলী আৰু বোমা উদ্ধাৰ কৰা হৈছে। কাশ্মীৰ আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি নিহত সন্ত্ৰাসবাদী দুজনক আইয়াজ ৰছুল নাজাৰ আৰু শ্বাহিদ আহমেদ ওৰফে আবু হামজা বুলি চিনাক্ত কৰা হৈছে। তেওঁলোক দুয়ো আনছাৰ গজৱত-উল-হিন্দ নামৰ এটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছিল।

এই সন্ত্ৰাসবাদী সংগঠনটো আল-কায়েদাৰ এটা শাখা। কাশ্মীৰ আৰক্ষীৰ মতে দুয়োজন জেহাদী খাশ্মীৰত সংঘটিত  কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণত জড়িত  আছিল। ইয়াৰ ভিতৰত আছে ২ ছেপ্টেম্বৰত বংগৰ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ হত্যাৰ সৈতেও জড়িত  আছিল। । ২ ছেপ্টেম্বৰত পুলৱামাত  সন্ত্ৰাসবাদী দুজনে মনিৰুল ইছলাম নামৰ এজন শ্ৰমিকক হত্যা কৰিছিল। তেওঁ বংগৰ উত্তৰ দিনাজপুৰৰ কাৰান্দিঘি খণ্ডৰ দিঘলগাঁৱৰ বাসিন্দা আৰু চাৰিগৰাকী  কন্যাৰ পিতৃ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু