--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক অতি নৃশংস ঘটনা সংঘটিত হৈছে। দলিত যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবে নিজ কন্যাক হত্যা কৰিলে পিতৃয়ে। কৰ্ণাটকৰ কোলাৰ জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি কৃষ্ণমূৰ্তি নামৰ লোকজনে নিজ কন্যা কীৰ্তিক ডিঙি চেপি হত্যা কৰে। ২০ বছৰীয়া যুৱতী কীৰ্তিৰ একে গাঁৱৰে ২৪ বছৰীয়া যুৱক গংগাধৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো বিবাহপাশত আৱদ্ধ হ’ব বিচাৰিছিল। কিন্তু গংগাধৰ দলিত সম্প্ৰদায়ৰ হোৱা বাবে এই প্ৰেমত বাধা দিয়ে কীৰ্তিৰ পিতৃয়ে। পিতৃয়ে একেবাৰে সমৰ্থন কৰা নাছিল সম্পৰ্কটো। কীৰ্তি যাদৱ সম্প্ৰদায়ৰ আছিল।

আৰক্ষীয়ে জনোৱা মতে, এবছৰ ধৰি সম্পৰ্কত থকাৰ পাছত গংগাধৰে কীৰ্তিৰ পিতৃ কৃষ্ণমূৰ্তিৰ সৈতে বিয়াৰ বাবে যোগাযোগ কৰিছিল। মঙলবাৰে এই বিষয়টোক লৈ কীৰ্তি আৰু পিতৃৰ মাজত তীব্ৰ কাজিয়া হয় আৰু ক্ষোভত কীৰ্তিৰ ডিঙি চেপি হত্যা কৰে পিতৃয়ে। যেতিয়া গংগাধৰে কীৰ্তিৰ মৃত্যুৰ কথা জানিব পাৰিলে, তেতিয়া তেওঁ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত লালবাগ এক্সপ্ৰেছ ৰে’লৰ সন্মুখত জপিয়াই পৰে। প্ৰেমিকাৰ মৃত্যুৰ বাতৰি পাই আত্মহত্যা কৰে প্ৰেমিক গংগাধৰে। কামামুদ্ৰা আৰক্ষীয়ে এই সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ