--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ কুনোৰ অৰণ্যত চলিছে নামিবিয়া বনাম দক্ষিণ আফ্ৰিকাৰ যুঁজ! হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চাৰিটা চিতা বাঘে অৰণ্যৰ ভিতৰত ভয়ংকৰ সংঘৰ্ষত লিপ্ত হৈছে। 

এই যুঁজ যেন 'আফ্ৰিকান নেশ্যনছ কাপৰ' দৰে হৈ পৰিছে।  মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত দুখন   আফ্ৰিকাৰ দেশ নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা বাঘ ৰখা হৈছে। শেহতীয়াকৈ  দক্ষিণ আফ্ৰিকাৰ পৰা অনা দুটা চিতাই নামিবিয়াৰ দুটা চিতাৰ সৈতে সংঘৰ্ষ লিপ্ত হৈছে ।বন বিভাগৰ সূত্ৰ অনুসৰি গৌৰৱ আৰু শৌৰ্য নামৰ দুটা চিতা নামিবিয়াৰ পৰা কুনোলৈ অনা হৈছিল। 

তাৰ পিছত দক্ষিণ আফ্ৰিকাৰ পৰা অগ্নি আৰু বায়ু নামৰ আৰু দুটা চিতা অনা হৈছিল। নাহৰফুটুকী বাঘকেইটাই শেহতীয়াকৈ  নিজৰ মাজতেযুঁজত লিপ্ত হয়।চিতা কুনোৰ বিভাগীয় বন বিষয়া পি কে বাৰ্মাই প্ৰকাশ কৰা চিতা কেইটাক  শান্ত কৰিবলৈ ট্ৰেংকুলাইজাৰ মৰা হৈছে। ট্ৰেংকুলাইজাৰৰ আঘাতত  অগ্নি নামৰ বাঘটো আঘাতপ্ৰাপ্ত হৈছে। 


উল্লেখ্য অৰণ্য খনলৈ আফ্ৰিকাৰ নামিবিয়াৰ পৰা পাঁচটা মাইকী চিতা আৰু তিনিটা মতা চিতা অনা হৈছিল। যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাহৰফুটুকী বাঘকেইটা  আনুষ্ঠানিকভাৱে কুনোৰ বনাঞ্চলত মুকলি কৰি দিছিল। ২০২৩ চনৰ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা আন ১২ টা চিতা অনা হৈছিল। সেইবোৰো  কুনোৰ অৰণ্যত এৰি দিয়া হৈছিল। ইয়াৰ ভিতৰৰে  ছটা নাহৰফুটুকী বাঘৰ মৃত্যু হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস