--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দলীয় পুঁজিলৈ ১,০০০টকাকৈ বৰঙণি আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰিছে বিশেষ ক্ষুদ্ৰ বৰঙণি প্ৰদান কেম্প। এই কেম্পৰ প্ৰথমটো দিনত প্ৰধানমন্ত্ৰীয়ে দলৰ পুঁজিলৈ এহেজাৰ টকাৰ বৰঙণি আগবঢ়ায় আৰু সকলোকে বিজেপিলৈ বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

এটা টুইটযোগে তেওঁ প্ৰকাশ কৰে যে, ‘মই ভাৰতীয় জনতা পাৰ্টীৰ পুঁজিলৈ ১০০০টকাৰ বৰঙণি আগবঢ়ালোঁ। আপোনালোকেও দলৰ পুঁজিলৈ ক্ষুদ্ৰ বৰঙণি আগবঢ়াওক যাৰ জৰিয়তে ৰাষ্ট্ৰ প্ৰথম স্থানত ৰখাৰ আমাৰ যি আদৰ্শ আৰু আমাৰ কৰ্মীসকলৰ জীৱনজোৰা সেৱা শক্তিশালী হৈ উঠিব।’ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো দলৰ পুঁজিলৈ বৰঙণি দিয়া বুলি প্ৰকাশ কৰে।


গৃহমন্ত্ৰী অমিত শ্বাহে বৰঙণি দিয়াৰ পাছত প্ৰকাশ কৰে যে, ‘বিজেপিৰ প্ৰতি আগবঢ়োৱা যিকোনো বৰঙণি এখন শক্তিশালী নতুন ভাৰত গঢ়াৰ বাবে দিয়া বৰঙণি। NaMo এপৰ জৰিয়তে আপোনালোকেও দলটোলৈ বৰঙণি আগবঢ়াব পাৰে। মই নিজৰ দায়িত্ব পালন কৰিলোঁ আৰু দলৰ সকলো সমৰ্থক আৰু কৰ্মকৰ্তাক বৰঙণি আগবঢ়োৱাৰ লগতে আনকো অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছোঁ।’

আনহাতে জে পি নাড্ডাই টুইটযোগে সদৰি কৰে যে, আজি অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসৰ দিনাৰ পৰা ২০২২চনৰ ১১ ফেব্ৰুৱাৰীত দীন দয়ালজীৰ পুন্য তিথিৰ দিনালৈ বিজেপিয়ে এটা বিশেষ মাইক্ৰ’ ড’নেচন অভিযান আৰম্ভ কৰিছে। আপোনাৰ সহযোগে দেশক সদায়ে আগস্থান দিয়া দলটোক শক্তিশালী কৰি তুলিব। উল্লেখ্য যে, বিজেপিৰ এই বিশেষ বৰঙণি সংগ্ৰহ অভিযানত ৫ টকাৰ পৰা সৰ্বাধিক ১০০০টকালৈ বৰঙণি দিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ