--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: দলীয় পুঁজিলৈ ১,০০০টকাকৈ বৰঙণি আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বিজেপিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱস উপলক্ষে আয়োজন কৰিছে বিশেষ ক্ষুদ্ৰ বৰঙণি প্ৰদান কেম্প। এই কেম্পৰ প্ৰথমটো দিনত প্ৰধানমন্ত্ৰীয়ে দলৰ পুঁজিলৈ এহেজাৰ টকাৰ বৰঙণি আগবঢ়ায় আৰু সকলোকে বিজেপিলৈ বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়।

এটা টুইটযোগে তেওঁ প্ৰকাশ কৰে যে, ‘মই ভাৰতীয় জনতা পাৰ্টীৰ পুঁজিলৈ ১০০০টকাৰ বৰঙণি আগবঢ়ালোঁ। আপোনালোকেও দলৰ পুঁজিলৈ ক্ষুদ্ৰ বৰঙণি আগবঢ়াওক যাৰ জৰিয়তে ৰাষ্ট্ৰ প্ৰথম স্থানত ৰখাৰ আমাৰ যি আদৰ্শ আৰু আমাৰ কৰ্মীসকলৰ জীৱনজোৰা সেৱা শক্তিশালী হৈ উঠিব।’ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো দলৰ পুঁজিলৈ বৰঙণি দিয়া বুলি প্ৰকাশ কৰে।


গৃহমন্ত্ৰী অমিত শ্বাহে বৰঙণি দিয়াৰ পাছত প্ৰকাশ কৰে যে, ‘বিজেপিৰ প্ৰতি আগবঢ়োৱা যিকোনো বৰঙণি এখন শক্তিশালী নতুন ভাৰত গঢ়াৰ বাবে দিয়া বৰঙণি। NaMo এপৰ জৰিয়তে আপোনালোকেও দলটোলৈ বৰঙণি আগবঢ়াব পাৰে। মই নিজৰ দায়িত্ব পালন কৰিলোঁ আৰু দলৰ সকলো সমৰ্থক আৰু কৰ্মকৰ্তাক বৰঙণি আগবঢ়োৱাৰ লগতে আনকো অনুপ্ৰাণিত কৰিবলৈ আহ্বান জনাইছোঁ।’

আনহাতে জে পি নাড্ডাই টুইটযোগে সদৰি কৰে যে, আজি অটল বিহাৰী বাজপেয়ীৰ জন্ম দিৱসৰ দিনাৰ পৰা ২০২২চনৰ ১১ ফেব্ৰুৱাৰীত দীন দয়ালজীৰ পুন্য তিথিৰ দিনালৈ বিজেপিয়ে এটা বিশেষ মাইক্ৰ’ ড’নেচন অভিযান আৰম্ভ কৰিছে। আপোনাৰ সহযোগে দেশক সদায়ে আগস্থান দিয়া দলটোক শক্তিশালী কৰি তুলিব। উল্লেখ্য যে, বিজেপিৰ এই বিশেষ বৰঙণি সংগ্ৰহ অভিযানত ৫ টকাৰ পৰা সৰ্বাধিক ১০০০টকালৈ বৰঙণি দিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ