--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মন্ত্ৰী চন্দ্ৰমোহন আপুনি শুনিবনে? ৰাজ্য চৰকাৰখনে দিয়া এটা এটা সৰ্বকালৰ ডাঙৰ টুপী, ‘নিয়োগমেলা’৷ যেন নিৱনুনাৰ ৰং চালে চৰকাৰী পক্ষই৷ ৰাজ্যৰ নিবনুৱাসকলক লৈ চৰকাৰৰ দায়বদ্ধতা কিমান তাৰ এক অবাঞ্চিত উদাহৰণ দেখিবলৈ পোৱা গ’ল শেহতীয়া এখন ‘নিয়োগমেলা’ত। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ দুৰৱস্থাক লৈ চৰকাৰে যেন ভ্ৰুকুটিহে কৰিছে এই মেলাৰ জৰিয়তে। মন কৰিবলগীয়া যে, চৰকাৰে দিয়া বিজ্ঞাপনত উল্লেখ কৰিছিল যে, এই জিলাভিত্তিক নিয়োগমেলাৰ নিযুক্তি ‘ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা প্ৰকল্প’ৰ অধীনত ভাৰত চৰকাৰৰ এক পদক্ষেপ।

‘নিয়োগমেলা’ নামৰ এই প্ৰহসনৰ পাছত দেখা গ’ল নিবনুৱাৰ কষ্টোপাৰ্জিত ডিগ্ৰী-ডিপ্লোমা, আৱেদন-পত্ৰৰ প্ৰতিলিপিবোৰ পৰি ৰ’ল আলাই-আথানি হৈ। এই দৃশ্য অতি মৰ্মান্তিক নুবুলি নোৱাৰি! কিয়নো নিয়োগপ্ৰত্যাশী যোগ্য লোক এজনে কিমান আগ্ৰহেৰে এনেদৰে চাকৰি এটাৰ বাবে আৱেদন কৰে, সেয়া নকৈ কোৱাৰ প্ৰয়োজন নাই।

তেওঁলোকক উপযুক্ত সংস্থাপন দিব নোৱাৰিলেও তেওঁলোকক উপলুঙা কৰাৰো অধিকাৰ নিশ্চয় কাৰো নাই! চৰকাৰী পক্ষই এই কথাটো অন্তত ভালকৈ বুজা উচিত৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে, গুৱাহাটী নিয়োগ বিনিময় কেন্দ্ৰ যুটিয়া সঞ্চালক টি. ডংগল আৰু সহকাৰী সঞ্চালক লিপিকা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে৷

চৰকাৰে যেন এইখিনি কৰিয়েই তেওঁলোকৰ দায়িত্ব সামৰিব বিচাৰিছে৷ নিয়োগমেলা সমগ্ৰ প্ৰক্ৰিয়াটোৰ তদাৰকৰ দায়িত্বত আছিল অসম চৰকাৰৰ উদ্যেগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ গাফিলতিৰে বাহিৰে যেন মন্ত্ৰীগৰাকীয়ে আন একোকে কৰিব নোৱাৰিলে৷ শেহতীয়াকৈ তেওঁ নিৱনুৱাসকলক আকৌ এবাৰ উপলুঙা কৰি কয়, অত্যধিক ভিৰৰ বাবেহে নিয়োগমেলাত সৃষ্টি হৈছিল অবাঞ্চিত পৰিস্থিতিৰ৷


এতিয়া আহোঁ মাজুলি ফেৰী দুৰ্ঘটনা প্ৰসংগলৈ৷ আজি কিছুদিনৰ আগতে মাজুলিত সংঘটিত হৈছিল ভয়ংকৰ এক ফেৰী দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত ২ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰ পাছতে মন্ত্ৰীজন মাজুলিৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বহুটো কথা কৈ আহিল৷ কিন্তু কাৰ্যত এই সকলোবোৰ কেৱল ঘোষণা হৈয়ে ৰ’ল৷

তদুপৰি, গুৱাহাটী চিটি বাছক আজিও নাকী লগাবলৈ সক্ষম নহ’ল মন্ত্ৰী পাটোৱাৰী৷ চিটী বাছৰ দৌৰাত্ম্য দিনক-দিনে বাঢ়ি অহা পাছতো কেৱল কথাৰে ফুলজাৰি মৰাতহে আবদ্ধ মন্ত্ৰী পাটোৱাৰী৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰত নিশা হ’লেই কিছু সংখ্যক নাম্বাৰ প্লেটবিহীন ট্ৰাকে আৰক্ষীক মেনেজ কৰি কঢ়িয়াইছে শিল, ইটা, বালি ইত্যাদি৷ এইবোৰ দেখি-শুনি এতিয়া সাৰ পাবনে; চকুমুদা কুলিৰ ভাও ধৰা মন্ত্ৰী পাটোৱাৰী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ