--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মন্ত্ৰী চন্দ্ৰমোহন আপুনি শুনিবনে? ৰাজ্য চৰকাৰখনে দিয়া এটা এটা সৰ্বকালৰ ডাঙৰ টুপী, ‘নিয়োগমেলা’৷ যেন নিৱনুনাৰ ৰং চালে চৰকাৰী পক্ষই৷ ৰাজ্যৰ নিবনুৱাসকলক লৈ চৰকাৰৰ দায়বদ্ধতা কিমান তাৰ এক অবাঞ্চিত উদাহৰণ দেখিবলৈ পোৱা গ’ল শেহতীয়া এখন ‘নিয়োগমেলা’ত। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ দুৰৱস্থাক লৈ চৰকাৰে যেন ভ্ৰুকুটিহে কৰিছে এই মেলাৰ জৰিয়তে। মন কৰিবলগীয়া যে, চৰকাৰে দিয়া বিজ্ঞাপনত উল্লেখ কৰিছিল যে, এই জিলাভিত্তিক নিয়োগমেলাৰ নিযুক্তি ‘ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা প্ৰকল্প’ৰ অধীনত ভাৰত চৰকাৰৰ এক পদক্ষেপ।

‘নিয়োগমেলা’ নামৰ এই প্ৰহসনৰ পাছত দেখা গ’ল নিবনুৱাৰ কষ্টোপাৰ্জিত ডিগ্ৰী-ডিপ্লোমা, আৱেদন-পত্ৰৰ প্ৰতিলিপিবোৰ পৰি ৰ’ল আলাই-আথানি হৈ। এই দৃশ্য অতি মৰ্মান্তিক নুবুলি নোৱাৰি! কিয়নো নিয়োগপ্ৰত্যাশী যোগ্য লোক এজনে কিমান আগ্ৰহেৰে এনেদৰে চাকৰি এটাৰ বাবে আৱেদন কৰে, সেয়া নকৈ কোৱাৰ প্ৰয়োজন নাই।

তেওঁলোকক উপযুক্ত সংস্থাপন দিব নোৱাৰিলেও তেওঁলোকক উপলুঙা কৰাৰো অধিকাৰ নিশ্চয় কাৰো নাই! চৰকাৰী পক্ষই এই কথাটো অন্তত ভালকৈ বুজা উচিত৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে, গুৱাহাটী নিয়োগ বিনিময় কেন্দ্ৰ যুটিয়া সঞ্চালক টি. ডংগল আৰু সহকাৰী সঞ্চালক লিপিকা দত্তক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে৷

চৰকাৰে যেন এইখিনি কৰিয়েই তেওঁলোকৰ দায়িত্ব সামৰিব বিচাৰিছে৷ নিয়োগমেলা সমগ্ৰ প্ৰক্ৰিয়াটোৰ তদাৰকৰ দায়িত্বত আছিল অসম চৰকাৰৰ উদ্যেগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী৷ গাফিলতিৰে বাহিৰে যেন মন্ত্ৰীগৰাকীয়ে আন একোকে কৰিব নোৱাৰিলে৷ শেহতীয়াকৈ তেওঁ নিৱনুৱাসকলক আকৌ এবাৰ উপলুঙা কৰি কয়, অত্যধিক ভিৰৰ বাবেহে নিয়োগমেলাত সৃষ্টি হৈছিল অবাঞ্চিত পৰিস্থিতিৰ৷


এতিয়া আহোঁ মাজুলি ফেৰী দুৰ্ঘটনা প্ৰসংগলৈ৷ আজি কিছুদিনৰ আগতে মাজুলিত সংঘটিত হৈছিল ভয়ংকৰ এক ফেৰী দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত ২ জন লোকে প্ৰাণ হেৰুৱাইছিল, ইয়াৰ পাছতে মন্ত্ৰীজন মাজুলিৰ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বহুটো কথা কৈ আহিল৷ কিন্তু কাৰ্যত এই সকলোবোৰ কেৱল ঘোষণা হৈয়ে ৰ’ল৷

তদুপৰি, গুৱাহাটী চিটি বাছক আজিও নাকী লগাবলৈ সক্ষম নহ’ল মন্ত্ৰী পাটোৱাৰী৷ চিটী বাছৰ দৌৰাত্ম্য দিনক-দিনে বাঢ়ি অহা পাছতো কেৱল কথাৰে ফুলজাৰি মৰাতহে আবদ্ধ মন্ত্ৰী পাটোৱাৰী৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰত নিশা হ’লেই কিছু সংখ্যক নাম্বাৰ প্লেটবিহীন ট্ৰাকে আৰক্ষীক মেনেজ কৰি কঢ়িয়াইছে শিল, ইটা, বালি ইত্যাদি৷ এইবোৰ দেখি-শুনি এতিয়া সাৰ পাবনে; চকুমুদা কুলিৰ ভাও ধৰা মন্ত্ৰী পাটোৱাৰী!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু