--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত শেহতীয়াকৈ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিহৈ আছে৷ ইতিমধ্যে, অনুষ্ঠিত হৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ ছাত্ৰ ৰাজনীতিৰ পাঠশালাস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ত সভাপতিকে ধৰি কেইবাটাও পদত সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ একেদৰে দক্ষিণ কামৰূপ কলেজ, দেওমৰনৈ কলেজ, দেৱৰাজ ৰয় কলেজ, মৰিঢল কলেজ, মৰঙী কলেজ, গেলেকী কলেজ, নাজিৰা কলেজ ইত্যাদি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জাতীয়তাবাদী শিবিৰৰ পৰা ‘আছু’ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ একেদৰে, বিহালী কলেজকে ধৰি কেইবাখনো কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷

একেদৰে, কংগ্ৰেছৰ ছাত্ৰ সংগঠন ‘এনএছইউআই’-এ খোপনি পুতিছে কেইবাখনো কলেজত৷ ইয়াৰ বিপৰীতে এই শিক্ষানুষ্ঠানসমূহৰ পৰা নিশ্চিহ্নপ্ৰায় হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’, চমুকৈ ‘এবিভিপি’৷ অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰসমাজে নস্যাৎ কৰিছে এই ছাত্ৰ সংগঠনটোক৷ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসমাজৰ দ্বাৰা এবিভিপি উপেক্ষিত হোৱা ঘটনাই কেইবাটাও দিশৰ উন্মেষ ঘটাইছে৷ নিৰ্বাচনসমূহত এবিভিপি নিশ্চিহ্ন হোৱাৰ মূলতে হ’ল অসমৰ সচেতন শিক্ষাৰ্থীসমাজে গ্ৰহণ কৰা নাই এবিভিপিক৷ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু এনএছইউআইক আদৰি লোৱাৰ বিপৰীতে এবিভিপিক দূৰলৈ ঠেলি দিয়া দিয়া ঘটনাই অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ কিয়নো, অসমৰ এইসকল শিক্ষাৰ্থীয়ে এবিভিপিক নস্যাৎ কৰি আওপকীয়াকৈ বিজেপি দল আৰু চৰকাৰৰ নীতিকো যে গ্ৰহণ কৰা নাই, সেয়া বুজাই দিছে৷

শেহতীয়াকৈ বিজেপি চৰকাৰে ছাত্ৰ আৰু শিক্ষিত যুৱসমাজৰ বাবে কোনো বাস্তৱসন্মত নীতিগ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কেৱল ধৰ্ম, সাম্প্ৰদায়িকতা, স্থূল কথা-বতৰাৰে ৰাজনীতি চলাই ৰখা দলটোক গ্ৰহণ কৰা নাই অসমৰ ছাত্ৰসমাজে৷ তাৰ প্ৰতিফলন কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিফলিত হৈছে৷ একেসময়তে, জাতীয়তাবাদী শক্তিক ছাত্ৰসমাজে আদৰি লোৱা বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে অসমৰ সচেতন মহলে৷ এতিয়াও যে ছাত্ৰসমাজে সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শক জীয়াই ৰাখিছে, সেয়া স্পষ্ট হৈছে৷ একেদৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰগতিশীল আদৰ্শকো গ্ৰহণ কৰিছে অসমৰ ছাত্ৰসমাজে৷ সেয়াও এক নতুন চিন্তাৰ উন্মেষ৷

অসমৰ ছাত্ৰসমাজে জাতীয়তাবাদী শিবিৰসমূহক আদৰি লোৱা বিষয়টোক সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰা ভাল বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে৷ ছাত্ৰসমাজৰ এই আস্থাক মান্যতা দিবলৈ আছু আৰু ছাত্ৰ মুক্তি অধিক আগ্ৰাসী হোৱাৰ লগতে আপোচবিহীন স্থিতিৰে ছাত্ৰসমাজৰ লগত থাকিব লাগিব৷ এই সময়তে, কেৱল ৰজাঘৰীয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰি বিবৃতিৰ মাজতেই আছু সীমাবদ্ধ নাথাকি অসমৰ ছাত্ৰসমাজৰ সৈতে আগুৱাই জাতীয়তাবাদী চিন্তা-চেতনাক অধিক ত্বৰান্বিত কৰিবলৈ আছুক পৰামৰ্শ আগবঢ়াইছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷ জাতীয় সুৰক্ষাৰ প্ৰশ্নত বলিষ্ঠ আৰু আপোচবিহীন স্থিতিৰে ‘আছু’ৱে ‘আছু’ৰ ‘নেতা’ক গুৰুত্ব নিদি দৰ্শন আৰু আদৰ্শক গুৰুত্ব দিয়াতো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement