--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: অসমত শেহতীয়াকৈ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে৷ ইতিমধ্যে, অনুষ্ঠিত হৈ গ’ল গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ ছাত্ৰ ৰাজনীতিৰ পাঠশালাস্বৰূপ গুৱাহাটী বিশ্ববিদ্যালয়ত সভাপতিকে ধৰি কেইবাটাও পদত সদৌ অসম ছাত্ৰ সন্থা সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ একেদৰে দক্ষিণ কামৰূপ কলেজ, দেওমৰনৈ কলেজ, দেৱৰাজ ৰয় কলেজ, মৰিঢল কলেজ, মৰঙী কলেজ, গেলেকী কলেজ, নাজিৰা কলেজ ইত্যাদি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জাতীয়তাবাদী শিবিৰৰ পৰা ‘আছু’ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷ একেদৰে, বিহালী কলেজকে ধৰি কেইবাখনো কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিছে৷

একেদৰে, কংগ্ৰেছৰ ছাত্ৰ সংগঠন ‘এনএছইউআই’-এ খোপনি পুতিছে কেইবাখনো কলেজত৷ ইয়াৰ বিপৰীতে এই শিক্ষানুষ্ঠানসমূহৰ পৰা নিশ্চিহ্নপ্ৰায় হৈছে ভাৰতীয় জনতা পাৰ্টীৰ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’, চমুকৈ ‘এবিভিপি’৷ অসমৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ছাত্ৰসমাজে নস্যাৎ কৰিছে এই ছাত্ৰ সংগঠনটোক৷ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসমাজৰ দ্বাৰা এবিভিপি উপেক্ষিত হোৱা ঘটনাই কেইবাটাও দিশৰ উন্মেষ ঘটাইছে৷ নিৰ্বাচনসমূহত এবিভিপি নিশ্চিহ্ন হোৱাৰ মূলতে হ’ল অসমৰ সচেতন শিক্ষাৰ্থীসমাজে গ্ৰহণ কৰা নাই এবিভিপিক৷ বিশেষকৈ সদৌ অসম ছাত্ৰ সন্থা, ছাত্ৰমুক্তি সংগ্ৰাম সমিতি আৰু এনএছইউআইক আদৰি লোৱাৰ বিপৰীতে এবিভিপিক দূৰলৈ ঠেলি দিয়া দিয়া ঘটনাই অসমৰ ভৱিষ্যতৰ ৰাজনীতিৰ পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷ কিয়নো, অসমৰ এইসকল শিক্ষাৰ্থীয়ে এবিভিপিক নস্যাৎ কৰি আওপকীয়াকৈ বিজেপি দল আৰু চৰকাৰৰ নীতিকো যে গ্ৰহণ কৰা নাই, সেয়া বুজাই দিছে৷

শেহতীয়াকৈ বিজেপি চৰকাৰে ছাত্ৰ আৰু শিক্ষিত যুৱসমাজৰ বাবে কোনো বাস্তৱসন্মত নীতিগ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই৷ কেৱল ধৰ্ম, সাম্প্ৰদায়িকতা, স্থূল কথা-বতৰাৰে ৰাজনীতি চলাই ৰখা দলটোক গ্ৰহণ কৰা নাই অসমৰ ছাত্ৰসমাজে৷ তাৰ প্ৰতিফলন কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিফলিত হৈছে৷ একেসময়তে, জাতীয়তাবাদী শক্তিক ছাত্ৰসমাজে আদৰি লোৱা বিষয়টোক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে অসমৰ সচেতন মহলে৷ এতিয়াও যে ছাত্ৰসমাজে সদৌ অসম ছাত্ৰ সন্থাৰ আদৰ্শক জীয়াই ৰাখিছে, সেয়া স্পষ্ট হৈছে৷ একেদৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰগতিশীল আদৰ্শকো গ্ৰহণ কৰিছে অসমৰ ছাত্ৰসমাজে৷ সেয়াও এক নতুন চিন্তাৰ উন্মেষ৷

অসমৰ ছাত্ৰসমাজে জাতীয়তাবাদী শিবিৰসমূহক আদৰি লোৱা বিষয়টোক সদৌ অসম ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰা ভাল বুলি মন্তব্য কৰিছে একাংশ ৰাজনৈতিক বিশ্লেষকে৷ ছাত্ৰসমাজৰ এই আস্থাক মান্যতা দিবলৈ আছু আৰু ছাত্ৰ মুক্তি অধিক আগ্ৰাসী হোৱাৰ লগতে আপোচবিহীন স্থিতিৰে ছাত্ৰসমাজৰ লগত থাকিব লাগিব৷ এই সময়তে, কেৱল ৰজাঘৰীয়াৰ লগত সম্পৰ্ক ৰক্ষা কৰি বিবৃতিৰ মাজতেই আছু সীমাবদ্ধ নাথাকি অসমৰ ছাত্ৰসমাজৰ সৈতে আগুৱাই জাতীয়তাবাদী চিন্তা-চেতনাক অধিক ত্বৰান্বিত কৰিবলৈ আছুক পৰামৰ্শ আগবঢ়াইছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে৷ জাতীয় সুৰক্ষাৰ প্ৰশ্নত বলিষ্ঠ আৰু আপোচবিহীন স্থিতিৰে ‘আছু’ৱে ‘আছু’ৰ ‘নেতা’ক গুৰুত্ব নিদি দৰ্শন আৰু আদৰ্শক গুৰুত্ব দিয়াতো সময়ৰ আহ্বান হিচাপে বিবেচিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু