--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটত ভাঙিল দলং৷ মৰবিত ওলমা দলং ভাঙি মৃত্যু হ’ল ১৪১গৰাকী লোকৰ৷ গুজৰাটৰ এই দলং দুৰ্ঘটনাই উদঙালে ৰাজ্যখনৰ উন্নতিৰ ফোপোলা স্বৰূপ৷ নতুনকৈ মেৰামতি কৰা এই দলংখন ভাঙি মানুহ মৃত্যুমুখত পৰা ঘটনাৰ পাছত স্বাভাৱিকতেই গুজৰাটৰ ৰাজনীতিত ধুমুহা বলিছে৷ 

নিৰ্বাচনমুখী গুজৰাটত দলং ভাঙি মানুহ মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীয়ে এই ঘটনাত দুখ প্ৰকাশ কৰিছে যদিও দলংখন মেৰামতি কৰোঁতে ভয়ংকৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ 

গুজৰাটৰ মৰবিত ব্ৰিটিছ যুগৰ দলংখন পুনৰ নিৰ্মাণ কৰিছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানে৷ মাত্ৰ কেইমাহমান পূৰ্বে দলংখন ৰাইজৰ বাবে মুকলি কৰা হৈছিল। মৰবি পৌৰসভা আৰু অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি দলংখন ৰক্ষণাবেক্ষণৰ বাবে আঠৰ পৰা বাৰ মাহৰ বাবে বন্ধ থাকিব লাগিছিল।

অৱশ্যে, ঔপনিৱেশিক যুগৰ দলংখন ২৬ অক্টোবৰত ফিটনেছ প্ৰমাণপত্ৰ অবিহনে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। অজন্তাৰ অংশ অৰেভাই টিকটৰ বাবে ১৭টকাকৈ মাচুল নিৰ্ধাৰণ কৰিছিল, কিন্তু প্ৰতিটো সুৰক্ষা নিয়ম ভংগ কৰা হৈছিল।

বিগত মাৰ্চত স্বাক্ষৰিত চুক্তিখনত দলংখনক ১৫ বছৰৰ বাবে বৈধ হিচাপে ঘোষণা কৰা হৈছিল৷ চুক্তি অনুসৰি টিকটৰ মূল্য বছৰে বছৰে বৃদ্ধি হ'ব। তত্বাৱধান, পৰিষ্কাৰ কৰা, আৰু পৰিশোধ সংগ্ৰহ কোম্পানীয়ে নিজেই কৰিব লাগিব বুলি চুক্তিত কোৱা হৈছে।

জিলা উপায়ুক্ত, অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড আৰু মৰবি পৌৰসভাৰ বিষয়াসকল উপস্থিত থকা এখন বৈঠকৰ পিছত ২০২০ চনৰ জানুৱাৰীত এই চুক্তিখন চূড়ান্ত কৰা হৈছিল। কালি সন্ধিয়া যেতিয়া তাঁৰবোৰ ছিঙি পৰিছিল, তেতিয়া ওলমি থকা দলংখনত প্ৰায় পাঁচ শতাধিক লোক আছিল, যাৰ ফলত শ শ লোক নদীত পৰিছিল। বিষয়াসকলৰ মতে, দলংখনে মাত্ৰ ১২৫ জন লোকৰ ভৰহে ল’বলৈ সক্ষম৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক