--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গুজৰাটত ভাঙিল দলং৷ মৰবিত ওলমা দলং ভাঙি মৃত্যু হ’ল ১৪১গৰাকী লোকৰ৷ গুজৰাটৰ এই দলং দুৰ্ঘটনাই উদঙালে ৰাজ্যখনৰ উন্নতিৰ ফোপোলা স্বৰূপ৷ নতুনকৈ মেৰামতি কৰা এই দলংখন ভাঙি মানুহ মৃত্যুমুখত পৰা ঘটনাৰ পাছত স্বাভাৱিকতেই গুজৰাটৰ ৰাজনীতিত ধুমুহা বলিছে৷ 

নিৰ্বাচনমুখী গুজৰাটত দলং ভাঙি মানুহ মৃত্যু হোৱা ঘটনাক সহজভাৱে লোৱা নাই আম আদমী পাৰ্টীয়ে৷ আম আদমী পাৰ্টীয়ে এই ঘটনাত দুখ প্ৰকাশ কৰিছে যদিও দলংখন মেৰামতি কৰোঁতে ভয়ংকৰ অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ 

গুজৰাটৰ মৰবিত ব্ৰিটিছ যুগৰ দলংখন পুনৰ নিৰ্মাণ কৰিছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানে৷ মাত্ৰ কেইমাহমান পূৰ্বে দলংখন ৰাইজৰ বাবে মুকলি কৰা হৈছিল। মৰবি পৌৰসভা আৰু অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেডৰ মাজত স্বাক্ষৰিত চুক্তি অনুসৰি দলংখন ৰক্ষণাবেক্ষণৰ বাবে আঠৰ পৰা বাৰ মাহৰ বাবে বন্ধ থাকিব লাগিছিল।

অৱশ্যে, ঔপনিৱেশিক যুগৰ দলংখন ২৬ অক্টোবৰত ফিটনেছ প্ৰমাণপত্ৰ অবিহনে ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল। অজন্তাৰ অংশ অৰেভাই টিকটৰ বাবে ১৭টকাকৈ মাচুল নিৰ্ধাৰণ কৰিছিল, কিন্তু প্ৰতিটো সুৰক্ষা নিয়ম ভংগ কৰা হৈছিল।

বিগত মাৰ্চত স্বাক্ষৰিত চুক্তিখনত দলংখনক ১৫ বছৰৰ বাবে বৈধ হিচাপে ঘোষণা কৰা হৈছিল৷ চুক্তি অনুসৰি টিকটৰ মূল্য বছৰে বছৰে বৃদ্ধি হ'ব। তত্বাৱধান, পৰিষ্কাৰ কৰা, আৰু পৰিশোধ সংগ্ৰহ কোম্পানীয়ে নিজেই কৰিব লাগিব বুলি চুক্তিত কোৱা হৈছে।

জিলা উপায়ুক্ত, অজন্তা মেনুফেকচাৰিং প্ৰাইভেট লিমিটেড আৰু মৰবি পৌৰসভাৰ বিষয়াসকল উপস্থিত থকা এখন বৈঠকৰ পিছত ২০২০ চনৰ জানুৱাৰীত এই চুক্তিখন চূড়ান্ত কৰা হৈছিল। কালি সন্ধিয়া যেতিয়া তাঁৰবোৰ ছিঙি পৰিছিল, তেতিয়া ওলমি থকা দলংখনত প্ৰায় পাঁচ শতাধিক লোক আছিল, যাৰ ফলত শ শ লোক নদীত পৰিছিল। বিষয়াসকলৰ মতে, দলংখনে মাত্ৰ ১২৫ জন লোকৰ ভৰহে ল’বলৈ সক্ষম৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু