--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰেক আপ নিদিয়াৰ বাবেই এজন কলেজীয়া ছাত্ৰক এগৰাকী যুৱতীয়ে বিহ খুৱাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে কেৰেলাৰ থিৰুৱন্তপুৰমত। জানিব পৰামতে, অভিযুক্ত যুৱতীগৰাকীক ইতিমধ্যে আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছে। জেৰাত যুৱতীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰিছে।

মৃত্যু হোৱা যুৱকগৰাকীৰ নাম শ্বাৰণ ৰাজ। ২৩ বছৰীয়া শ্বাৰণ ৰেডিঅ’ল’জীৰ ছাত্ৰ আছিল। ২৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে ৩১ অক্টোবৰত নিশ্চিত হয় যে যুৱতীগৰাকী তথা তেওঁৰ প্ৰেয়সীয়ে শ্বাৰণক বিহ খুৱাই হত্যা কৰে। যুৱতীগৰাকীৰ নাম গ্ৰীষ্মা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ আগত গ্ৰীষ্মাই স্বীকাৰ কৰিছে শ্বাৰণ আৰু তেওঁৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক শ্বাৰণে ছিন্ন নকৰা বাবেই এই কাম কৰে। নিজৰ ঘৰলৈ মাতি আনি গ্ৰীষ্মাই শ্বাৰণক বিহ খুৱায়। তাৰপাছতে ২৫ অক্টোবৰ তাৰিখে থিৰুৱন্তপুৰম মেডিকেল কলেজত শ্বাৰণৰ মৃ্ত্যু হয়।

তেওঁলোকৰ সম্পৰ্ক এবছৰ ধৰি আছিল। কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ সম্পৰ্কত সংঘাত আহিব ধৰে। বৰ্তমান গ্ৰীষ্মাক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু