--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰেক আপ নিদিয়াৰ বাবেই এজন কলেজীয়া ছাত্ৰক এগৰাকী যুৱতীয়ে বিহ খুৱাই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে কেৰেলাৰ থিৰুৱন্তপুৰমত। জানিব পৰামতে, অভিযুক্ত যুৱতীগৰাকীক ইতিমধ্যে আঠ ঘণ্টা ধৰি জেৰা কৰা হৈছে। জেৰাত যুৱতীগৰাকীয়ে অপৰাধ স্বীকাৰ কৰিছে।

মৃত্যু হোৱা যুৱকগৰাকীৰ নাম শ্বাৰণ ৰাজ। ২৩ বছৰীয়া শ্বাৰণ ৰেডিঅ’ল’জীৰ ছাত্ৰ আছিল। ২৫ অক্টোবৰত তেওঁৰ মৃত্যু হয়।

আৰক্ষীয়ে ৩১ অক্টোবৰত নিশ্চিত হয় যে যুৱতীগৰাকী তথা তেওঁৰ প্ৰেয়সীয়ে শ্বাৰণক বিহ খুৱাই হত্যা কৰে। যুৱতীগৰাকীৰ নাম গ্ৰীষ্মা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

আৰক্ষীৰ আগত গ্ৰীষ্মাই স্বীকাৰ কৰিছে শ্বাৰণ আৰু তেওঁৰ মাজত থকা প্ৰেমৰ সম্পৰ্ক শ্বাৰণে ছিন্ন নকৰা বাবেই এই কাম কৰে। নিজৰ ঘৰলৈ মাতি আনি গ্ৰীষ্মাই শ্বাৰণক বিহ খুৱায়। তাৰপাছতে ২৫ অক্টোবৰ তাৰিখে থিৰুৱন্তপুৰম মেডিকেল কলেজত শ্বাৰণৰ মৃ্ত্যু হয়।

তেওঁলোকৰ সম্পৰ্ক এবছৰ ধৰি আছিল। কিন্তু ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ সম্পৰ্কত সংঘাত আহিব ধৰে। বৰ্তমান গ্ৰীষ্মাক আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰা হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক