--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মধ্যপ্ৰদেশত খাৰগোণৰ পৰা ইন্দোৰলৈ যোৱা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰি ভয়াবহ দুৰ্ঘটনাত পতিত হয়। জানিব পৰা অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত ১৫ জন লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে ২৫ জন লোক আহত হৈছে। মৃত সকলৰ ভিতৰত তিনিটি শিশুও আছে। অঞ্চলটোৰ উন থানা এলেকাৰ দাসংগা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, দলঙৰ পৰা অনিয়ন্ত্ৰিত বাছখন বাগৰি পৰে। বাছখন দলঙৰ পৰা বাগৰি পৰাৰ পাছত তীব্ৰ শব্দ হয়। এই তীব্ৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে আতংকিত হৈ সেই স্থানৰ ফালে দৌৰি আহে।

গাঁওবাসীয়ে দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ লগতে বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। এই তথ্য পোৱাৰ পাছতে আৰক্ষী অধীক্ষক, কালেক্টৰ আৰু স্থানীয় বিধায়ক সেই স্থানত উপস্থিত হয়।

খাৰগোণৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিঙে কয়, ‘বাছখন দলঙৰ পৰা বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন আহত হয়। উদ্ধাৰ অভিযান চলি আছে।

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, ‘বাছখনে ৰেলিং ভাঙি বৈৰাড় নদীত বাগৰি পৰে। ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০-২৫ জন লোক আহত হৈছে যিসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। 

মধ্যপ্ৰদেশ চৰকাৰে খাৰগোনে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আহতসকলক ২৫ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ