--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মধ্যপ্ৰদেশত খাৰগোণৰ পৰা ইন্দোৰলৈ যোৱা এখন যাত্ৰীবাহী বাছ দলঙৰ পৰা বাগৰি পৰি ভয়াবহ দুৰ্ঘটনাত পতিত হয়। জানিব পৰা অনুসৰি এই ভয়ংকৰ দুৰ্ঘটনাত ১৫ জন লোকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে ২৫ জন লোক আহত হৈছে। মৃত সকলৰ ভিতৰত তিনিটি শিশুও আছে। অঞ্চলটোৰ উন থানা এলেকাৰ দাসংগা দলঙত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

মঙলবাৰে পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জানিব পৰা মতে, দলঙৰ পৰা অনিয়ন্ত্ৰিত বাছখন বাগৰি পৰে। বাছখন দলঙৰ পৰা বাগৰি পৰাৰ পাছত তীব্ৰ শব্দ হয়। এই তীব্ৰ শব্দ শুনি ওচৰৰ গাঁওবাসীয়ে আতংকিত হৈ সেই স্থানৰ ফালে দৌৰি আহে।

গাঁওবাসীয়ে দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰাৰ লগতে বাছখনত আৱদ্ধ হৈ থকা যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ আৰম্ভ কৰে। এই তথ্য পোৱাৰ পাছতে আৰক্ষী অধীক্ষক, কালেক্টৰ আৰু স্থানীয় বিধায়ক সেই স্থানত উপস্থিত হয়।

খাৰগোণৰ আৰক্ষী অধীক্ষক ধৰমবীৰ সিঙে কয়, ‘বাছখন দলঙৰ পৰা বাগৰি পৰাত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৫ জন আহত হয়। উদ্ধাৰ অভিযান চলি আছে।

মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, ‘বাছখনে ৰেলিং ভাঙি বৈৰাড় নদীত বাগৰি পৰে। ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০-২৫ জন লোক আহত হৈছে যিসকলক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। 

মধ্যপ্ৰদেশ চৰকাৰে খাৰগোনে বাছ দুৰ্ঘটনাত মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আহতসকলক ২৫ হাজাৰ টকাৰ তাৎক্ষণিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'