--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে অশান্ত হৈ পৰা মণিপুৰলৈ এতিয়া সমগ্ৰ দেশে দৃষ্টি নিক্ষেপ কৰিছে। ৰাজ্য খনত চলি থকা হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬০গৰাকী লোকৰ মৃত্যু ঘটা বুলি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে হিংসাত্ম ঘটনাত ১৭০০ টা ঘৰ জ্বলি ছাই হৈছে। কিন্তু ইমান দ্ৰুত তিত কিদৰে বিয়পিল হিংসা? বহুতে ধাৰণা কৰা অনুসৰি মণিপুৰৰ ভয়ংকৰ নিৱনুৱা সমস্যাও এনে হিংসাৰ অনুঘটক হ’ব পাৰে। 

মণিপুৰৰ সৰ্বাধিক জনসংখ্যাৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনোৱালৈয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মেইটেই জমনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আন সম্প্ৰদায় তথা গোষ্ঠীৰ লোকসকল চাকৰি বাকৰি আৰু আন সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা কৰি আহিছে। ৰাজ্য খনত যিহেতু নিৱনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দুগুণ সেয়ে কাম নোপোৱাৰ চিন্তাত আন জনগোষ্ঠীসমূহ শংকিত হোৱাটো স্বাভাৱিক। 

সেয়ে বহুতে নিবনুৱা সমস্যাটোকো এই হিংসাৰ আন এক কাৰণ বুলি ক’ব বিচাৰিছে।  দেশৰ আন ৰাজ্যৰ তুলনাত মণিপুৰত  শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ) তুলনামূলকভাৱে কম । আশ্চৰ্যজনকভাৱে ৰাজ্যখনত নিম্ন এল.এফ.পি.আৰ.ৰ বাবেই   অৰ্থনৈতিক উন্নয়নত বহু বাধা আহি পৰিছে।  জৰীপৰ তথ্যৰ পৰা এয়া  স্পষ্ট হৈছে  যে কোভিড মহামাৰী আৰম্ভ হোৱাৰ আগতে ২০১৯-২০  বৰ্ষত ভাৰতৰ ৪০.১% ত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ) তকৈ   মণিপুৰত এল.এফ.পি.আৰ. ৩৭.৫% হ্ৰাস পাইছিল। 

মহামাৰীৰ ফলত লকডাউন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ  সীমাবদ্ধতাৰ সময়ত ২০২০-২১ বৰ্ষত মণিপুৰত  এলএফপিআৰ ৩২.৪ %লৈ পুনৰ নামি গৈছিল।  বহুতে এই সময়ছোৱাত  চাকৰি হেৰুৱাইছে  আৰু জীৱিকাৰ অনিশ্চয়তা সৃষ্টি হৈছে।  ইয়াৰ অৰ্থ এয়াই যে সমগ্ৰ ভাৰতৰ বিপৰীতে মণিপুৰত মহামাৰীৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ স্থবিৰ হোৱা আৰু  চাকৰি হেৰুওৱা লোকসকলৰ বাবে পৰ্যাপ্ত নিযুক্তি সৃষ্টি কৰাত চৰকাৰ  ব্যৰ্থ হৈছে।  অৰ্থনৈতিক সমীক্ষা ২০২৩ ৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে যে   কোভিডৰ পিছত ৰাষ্ট্ৰৰ দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সময়ত মণিপুৰত  অৰ্থনৈতিক পুনৰুদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। 

ফলত  মণিপুৰত  নিবনুৱা সমস্যাই দিন বাগৰাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিল।  ৰাজ্যখনত  কামৰ অংশগ্ৰহণৰ হাৰ (ডব্লিউপিআৰ) ২০১৯-২০ বৰ্ষত ৩৩.৮% ৰ পৰা ২০২০-২১ চনত ৩০.৫% লৈ হ্ৰাস পাইছিল আৰু ২০২১-২২ বৰ্ষত ২৯.৮% লৈ হ্ৰাস পাইছিল। এনে তথ্যই  দেখুৱায় যে মণিপুৰ দেশৰ বাকী অংশৰ বিপৰীতে পৰ্যাপ্ত চাকৰিৰ সুযোগ সৃষ্টি কৰাত ব্যথ হৈছে। ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো মণিপুৰৰ নিৱনুৱাই কিয় হা-হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে সেয়া আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। অষ্টলক্ষ্মীৰ কথা কৈ থকা কেন্দ্ৰ বিজেপিত শাসিত চৰকাৰ খনে এনেবোৰ দিশ অনুধাৱন কৰি চাইছে নে নাই তাকেলৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ