--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হঠাতে অশান্ত হৈ পৰা মণিপুৰলৈ এতিয়া সমগ্ৰ দেশে দৃষ্টি নিক্ষেপ কৰিছে। ৰাজ্য খনত চলি থকা হিংসাত্মক ঘটনাত এতিয়ালৈকে ৬০গৰাকী লোকৰ মৃত্যু ঘটা বুলি ৰাজ্য খনৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে হিংসাত্ম ঘটনাত ১৭০০ টা ঘৰ জ্বলি ছাই হৈছে। কিন্তু ইমান দ্ৰুত তিত কিদৰে বিয়পিল হিংসা? বহুতে ধাৰণা কৰা অনুসৰি মণিপুৰৰ ভয়ংকৰ নিৱনুৱা সমস্যাও এনে হিংসাৰ অনুঘটক হ’ব পাৰে। 

মণিপুৰৰ সৰ্বাধিক জনসংখ্যাৰ মেইটেই জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবী জনোৱালৈয়েই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। মেইটেই জমনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আন সম্প্ৰদায় তথা গোষ্ঠীৰ লোকসকল চাকৰি বাকৰি আৰু আন সুবিধা লাভ কৰাত বাধাৰ সন্মুখীন হ’ব বুলি বহুতে আশংকা কৰি আহিছে। ৰাজ্য খনত যিহেতু নিৱনুৱাৰ হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ দুগুণ সেয়ে কাম নোপোৱাৰ চিন্তাত আন জনগোষ্ঠীসমূহ শংকিত হোৱাটো স্বাভাৱিক। 

সেয়ে বহুতে নিবনুৱা সমস্যাটোকো এই হিংসাৰ আন এক কাৰণ বুলি ক’ব বিচাৰিছে।  দেশৰ আন ৰাজ্যৰ তুলনাত মণিপুৰত  শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ) তুলনামূলকভাৱে কম । আশ্চৰ্যজনকভাৱে ৰাজ্যখনত নিম্ন এল.এফ.পি.আৰ.ৰ বাবেই   অৰ্থনৈতিক উন্নয়নত বহু বাধা আহি পৰিছে।  জৰীপৰ তথ্যৰ পৰা এয়া  স্পষ্ট হৈছে  যে কোভিড মহামাৰী আৰম্ভ হোৱাৰ আগতে ২০১৯-২০  বৰ্ষত ভাৰতৰ ৪০.১% ত শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এলএফপিআৰ) তকৈ   মণিপুৰত এল.এফ.পি.আৰ. ৩৭.৫% হ্ৰাস পাইছিল। 

মহামাৰীৰ ফলত লকডাউন আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ  সীমাবদ্ধতাৰ সময়ত ২০২০-২১ বৰ্ষত মণিপুৰত  এলএফপিআৰ ৩২.৪ %লৈ পুনৰ নামি গৈছিল।  বহুতে এই সময়ছোৱাত  চাকৰি হেৰুৱাইছে  আৰু জীৱিকাৰ অনিশ্চয়তা সৃষ্টি হৈছে।  ইয়াৰ অৰ্থ এয়াই যে সমগ্ৰ ভাৰতৰ বিপৰীতে মণিপুৰত মহামাৰীৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ স্থবিৰ হোৱা আৰু  চাকৰি হেৰুওৱা লোকসকলৰ বাবে পৰ্যাপ্ত নিযুক্তি সৃষ্টি কৰাত চৰকাৰ  ব্যৰ্থ হৈছে।  অৰ্থনৈতিক সমীক্ষা ২০২৩ ৰ প্ৰতিবেদনে প্ৰমাণ কৰিছে যে   কোভিডৰ পিছত ৰাষ্ট্ৰৰ দ্ৰুত অৰ্থনৈতিক পুনৰুদ্ধাৰৰ সময়ত মণিপুৰত  অৰ্থনৈতিক পুনৰুদ্ধাৰৰ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল। 

ফলত  মণিপুৰত  নিবনুৱা সমস্যাই দিন বাগৰাৰ লগে লগে অধিক ভয়াৱহ হৈ পৰিল।  ৰাজ্যখনত  কামৰ অংশগ্ৰহণৰ হাৰ (ডব্লিউপিআৰ) ২০১৯-২০ বৰ্ষত ৩৩.৮% ৰ পৰা ২০২০-২১ চনত ৩০.৫% লৈ হ্ৰাস পাইছিল আৰু ২০২১-২২ বৰ্ষত ২৯.৮% লৈ হ্ৰাস পাইছিল। এনে তথ্যই  দেখুৱায় যে মণিপুৰ দেশৰ বাকী অংশৰ বিপৰীতে পৰ্যাপ্ত চাকৰিৰ সুযোগ সৃষ্টি কৰাত ব্যথ হৈছে। ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পিছতো মণিপুৰৰ নিৱনুৱাই কিয় হা-হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে সেয়া আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। অষ্টলক্ষ্মীৰ কথা কৈ থকা কেন্দ্ৰ বিজেপিত শাসিত চৰকাৰ খনে এনেবোৰ দিশ অনুধাৱন কৰি চাইছে নে নাই তাকেলৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ